Page no 2

১.১ ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ঃ ভাৰতৰ ৰাজনৈতিক দল

    প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্য়ান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্ম প্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্য়ৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতান্ত্ৰিক অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক

Page no 3

আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।

        পৃথিৱীৰ প্ৰত্য়েকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্য়ৱস্থা আছে। এই দলীয় প্ৰথা হয়তো ক'ৰবাত দ্বিদলীয় আৰু ক'ৰবাত বহুদলীয়। বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্য়বাদী ৰাষ্ট্ৰত এক দলীয় ব্য়ৱস্থা অথবা এটা ৰাজনৈতিক দল (সাম্য়বাদী দল) থকাৰ বিপৰীতে ইংলেণ্ড, আমেৰিকা আদি দেশত বহুদলীয় ব্য়ৱস্থা আছে।

        একদলীয় শাসন ব্য়ৱস্থা থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে যদিও তেনে ৰাষ্ট্ৰই কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলিয়েই দাবী কৰে। দ্বিদলীয় ব্য়ৱস্থাত দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে আৰু তেওঁলোকে দলীয় নীতি-আদৰ্শ পচন্দ কৰি যি কোনো এটা দলক সমৰ্থন কৰে বা সদস্য় হয়। ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে দেশত থকা বহুদলীয় ব্য়ৱস্থাটো প্ৰকৃত গণতান্ত্ৰিক ব্য়ৱস্থা বুলিব পাৰি। এটা কথা লক্ষ্য় কৰা গৈছে যে বহুদলীয় ব্য়ৱস্থা থকা গণত্ন্ৰতকৈ দ্বিদলীয় ব্য়নস্থা থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল। বহুদলীয় ব্য়ৱস্থা থকা গণত্ন্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্য়ৱস্থাত দেখা নাযায়।

        ইতিমধ্য়ে উল্লেখ কৰা গৈছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য্য। ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্য়ন্ত প্ৰয়োজনীয় বৈশিষ্ট্য় কেইটা হৈছে一(ক) সংগঠন, (খ) নীতি-আদৰ্শ আৰু আচঁনি, (গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা, (ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এইকেইটা বৈশিষ্ট্য়ৰে সৃষ্টি হোৱা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰধান কাম হ'ল一 (ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, 

Page no 4

(খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, (গ) জনমত গঠন কৰা, (ঘ) জনৱাৰ পৰিৱেশ সৃষ্টি কৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব। নিৰ্বাচনত জয়ী হৈ টৰকা গঠন কৰা ৰাজনৈতিক দলটোৰ উপৰি বিৰোধীৰ আসনত থকা ৰাজনৈতিক দলেও চৰকাৰৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। প্ৰয়োজন সাপেক্ষে গঠনমূলক সমালোচনাৰে চৰকাৰমতক সু-সংগঠিত ৰূপ দিয়া। ইয়াৰ উপৰি গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৰ উচিত পথত অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। গতিকে এটা কথা স্পষ্ট যে এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অতন্দ্ৰ প্ৰহৰী।

Page no 4 

১.২ ভাৰতৰ ৰাজনৈতিক দল ঃ

        ভাৰতবৰ্ষতৃ ৰাজনৈতিক দলৰ ইতিহাস বিচাৰিবলৈ গ'লে আমি উভতি যাব লাগিব ১৮৮৫ চনলৈ। এই চনতে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। এজন অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে জন্ম লাভ কৰিছিল। ই দেশৰ প্ৰথমটো ৰাজনৈতিক দল হিচাপে পৰাধীন ভাৰতৰ জনগণৰ আশা-আকাংক্ষাক প্ৰতিফলন কৰা এটা প্ৰধান অনুষ্ঠান হৈ পৰিছিল। বহুতে ১৮৭৬ চনত এছ. এন বেনাৰ্জীৰ লেতৃত্বত গঠিত হোৱা দি ইণ্ডিয়ানএছ'চিয়েচনক দেশৰ প্ৰথমটো ৰাজনৈতিক দল বুলি ক'ব বিচাৰে যদিও ই দল নহৈ এটা ৰাজনৈতিক সংগঠনহে আছিল। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি

Page no 5 

আৰু তেওঁৰ সভাপতিত্বত দলৰ প্ৰথম অধিৱেশন বহিছিল বোম্বাই (বৰ্তমানৰ মুম্বাই) চহৰত। জাতীয় কংগ্ৰেছৰ পিছতে ১৯০৬ চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হয়। তৃতীয়টো ৰাজনৈতিক দ'ল আছিল হিন্দু মহাসভা (১৯১৬)। চতুৰ্থ ৰাজনৈতিক দলটো আছিল স্বৰাজ পাৰ্টী। ১৯২২ চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত জন্ম হোৱা এই দলটো পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।

        ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল一ভাৰতীয় সম্য়বাদী দলটোৰ জন্ম হৈছিল ১৯২৪ চনত। কাৰ্ল মাৰ্ক্সৰ সাম্য়বাদী আদৰ্শক কেন্দ্ৰ কৰি জন্ম হোৱা এই দলটো আছিল পৰাধীন ভাৰতত জন্মলাভ কৰা পঞ্চমটো ৰাজনৈতিক দল। ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ছ'চিয়েলিষ্ট ফ'ৰাম নামৰ এটা সাম্য়বাদী আদৰ্শৰ গোটে গঢ় লৈ লৈছিল। ইয়েই স্বাধীনতাৰ পিছত সমাজবাদী দল হিচাপে মূৰ দাঙি উঠে।

        দেশে স্বাধীনতা লাভ কৰাৰ পিছত সমগ্ৰ ভৰততে ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠিল। প্ৰথমটো সাধাৰণ নিৰ্বাচনতে (১৯৫২) পঞ্চাশৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল। ইয়াৰ মাত্ৰ ১৪ টা দলহে সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল। বাকীবিলাক আছিল ৰাজ্য়িক আৰু আঞ্চলিক পৰ্যায়ৰ। প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে আগে ইতিমধ্য়ে থকা ছ'চিয়েলিষ্ট ফ'ৰামে কৃষক মজদুৰ পাৰ্টীৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ জন্ম দিলে। ক্ৰমান্বয়ে ভাৰতৰ ৰাজনৈতিক দৃশ্য়পটত উদ্ভৱ হোৱা আনবোৰ দল হ'ল一 স্বতন্ত্ৰ দল, ভাৰতীয় ক্ৰান্তি দল, জনসংঘ, মাৰ্ক্সবাদী সাম্য়বাদী 

Page no 6 

দল, জনতা দল, ভাৰতীয় লোক দল, ভাৰতীয় জনতা দল আদি। বিগত দিনমবিলাকত একোজন বিশেষ ৰাজনৈতিক নেতাক কেন্দ্ৰ কৰিও একো একোটা ৰাজনাতিক দলে দেশত আত্ম প্ৰকাশ কৰা দেখা যায়।

Page no 6 

 ১.৩ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা ঃ

        আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম ভাৰতৰ দলীয় ব্য়ৱস্থাৰ এটা উল্লেখযোগ্য় দিশ। যোৱাটো শতিকাৰ ষাঠিৰ দশকত ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল ডি. এম. কে (দ্ৰাবিড় মুন্নেতা কাজাগম)ৰ জন্মৰ লগে লগেই আঞ্চলিকতাবাদী চিন্তাধাৰাৰে পুষ্ট আন কিছুমান আঞ্চলিক ৰাজনৈতিক দলে দেশখনত আত্ম প্ৰকাশ কৰে। বিশেষকৈ যোৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্য়ক আঞ্চলিক দলৰ জন্ম হোৱা বাবেই সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ  সোণালী দশক বুলি কোৱা হয়।

        ভাষা, ধৰ্ম, সংস্কৃতিৰ বৈচিত্ৰ্য়ৰে ভৰা ভাৰতবৰ্ষত, বিভিন্ন অঞ্চল আৰু জাতি-জনগোষ্ঠীয়ে স্বকীয় আৰু স্বাৰ্থ অক্ষুণ্ণ ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে বহিটো আঞ্চলিক দলে দেশখনত আত্মপ্ৰকাশ কৰে। তদুপৰি সাংস্কৃতিক ভিন্নতাৰে পৰিপূৰ্ণ এইখন দেশত এটা অখণ্ড জাতীয়তাবাদী ভাৱধাৰা দীৰ্ঘদিন ধৰি ৰখাটো কিছু জটিল। বিশেষকৈ চতুৰ্থ সাধাৰণ নিৰ্বাচন (১৯৬৭)ৰ পিছৰ পৰা ভাৰতবৰ্ষত ক্ৰমাৎ আঞ্চলিকতাবাদী চিন্তাধাৰা বেছি প্ৰকট হোৱা পৰিলক্ষিত হয়।

        আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ থোৰতে এনেধৰণৰ一 (ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্য়মূলক নীতি, (খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা, (গ) সংখ্য়ালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ, (ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱনতা আৰু ৰাজ্য়িক সম্পদ সমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা, (ঙ) সকলো ৰাজ্য়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ, (চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য়িক নেতাৰ দুৰ্বলতা আদি।

        বৰ্তমান ভাৰতবৰ্ষত থকা উল্লেখযোগ্য় আঞ্চলিক ৰাজনৈতিক দলবিলাক হ'ল 一 ডি.এম. কে., এ. আই, ডি. এম. কে. (তামিলনাডু), আকালি দল (পাঞ্জাৱ), তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ), নেচনেল কনফাৰেঞ্চ (জম্মু কাশ্মীৰ), অসম গণ পৰিষদ (অসম), মিজো নেচনেল ফ্ৰণ্ট (মিজোৰাম), শিৱসেনা (মহাৰাষ্ট্ৰ), নাগালেণ্ড পিপুল্চ কনফাৰেঞ্চ (নাগালেণ্ড), ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড) আদি। উপৰোক্ত দলবিলাকৰ ভিতৰৰ 

Page no 7 

কেইবাটাও আঞ্চলিক দলে ৰাজ্য়ত চৰকাৰৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰতো অংশীদাৰ হ'ব পাৰিছে।

Page no 7 

১.৩.১ ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান ঃ

        ভাৰতবৰ্ষৰ দলীয় ব্য়ৱস্থাত আঞ্চলিক ৰাজনৈতিক দলৰ আবিৰ্ভাৱৰ দিশটো নিতান্তই তাৎপৰ্যপূৰ্ণ।আঞ্চলিক দলৰ জন্ম হয় সময় আৰু পৰিস্থতিৰ আহ্বানত। মানুহৰ মনত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তুষ্টিৰ ফলতেই বহুকেইটা আঞ্চলিক দলৰ জন্ম হৈছে। বহুতৰ মতে আঞ্চলিক দল ভাৰতৰ ৰাজনীতিৰ বাবে আশীৰ্বাদ নহ'লেও কোনো কাৰণত অভিশাপ নহয়। এখন শক্তিশালী গণতান্ত্ৰিক ভাৰতবৰ্ষ সৃষ্টিত অঞ্চবিলাকৰ সমস্য়াসমূহ সমাধাণেৰেহে জনসাধাৰণক গণতন্ত্ৰৰ প্ৰকৃত স্বাদ দিব পৰা যায়। এনে বৃহত্তৰ স্বাৰ্থত আঞ্চলিক দলবিলাকে যদি নিষঠা সহকাৰে কাম কৰে তেন্তে নিশ্চয়কৈ এনে দলবিলাকৰ প্ৰাসংগিকতা সদায়েই থাকিব।

        আঞ্চলিক দলৰ জন্মই ভাৰতবৰ্ষত 'একক দলৰ প্ৰাধান্য়তা'ত এটা গুৰুত্বপূৰ্ণ প্ৰত্য়াহ্বান আনিলে। এনে দলৰ সৃষ্টিয়ে দেশৰ ৰাজনীতিত এটা জোকাৰণি আনিবলৈ সক্ষম হ'ল। দ্বিতীয়তে, কেন্দ্ৰ-ৰাজ্য় সম্পৰ্কৰ ক্ষেত্ৰত আঞ্চলিক দলৰ জন্মই এক যোগাত্মক দিশ প্ৰদান কৰিলে। এই বিষয়টোৱে দেশৰ ৰাজনীতিত বিশেষ গুৰুত্ব পোৱাৰ বাবেই যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাক নতুন ৰূপ দিয়াৰ চিন্তা-চৰ্চা চলিল। তৃতীয়তে,  আঞ্চলিক দলৰ জন্মইদেশৰ ৰাজনীতিত তৃণমূল পৰ্য্য়ায়ৰ জনগণৰ অংগ্ৰহণ অধিক সক্ৰিয় কৰিলে। চতুৰ্থতে, কেন্দ্ৰৰ ৰাজনীতিত আঞ্চলিক দলবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকাই সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য় কিছু সীমাবদ্ধ কৰি গণতান্ত্ৰিক ভাৱধাৰাক সবল কৰিলে। অৱশ্য়ে আঞ্চলিক দলবিলাকে এখন শক্তিশালী ভাৰতবৰ্ষ সৃষ্টিত হেঙাৰ তৰে আৰু সৰ্বভাৰতীয় দৃষ্টিভংগীৰ এটা সবল ভাৰতীয় জাতি নিৰ্মাণত বাধা প্ৰদান কৰে বুলিও বহুতে ক'ব বিচাৰে।

Page no 8 

 ১.৪ গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা ঃ

        গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ললৈকে স্বীকৃতি কোনো বিৰোধী দল নাছিল (যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলেই ৫০ খন সন লাভ কৰা নাছিল।) ক্তু পৰৱৰ্তী কালত বিৰোধী দলৰ স্থিতি লাভ কৰিবলৈ কেইবাটাও দল সক্ষম হ'ল। প্ৰকৃততে ১৯৭৭ চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। পৃথিৱীৰ প্ৰত্য়েকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰ ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ ভূমিকা থকা দুখন উল্লেখযোগ্য় ৰাষ্ট্ৰ হ'ল一 আমেৰীকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্ৰেট ব্ৰিটেইন)।

        এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আখনত থকা বিৰোধী দলৰ ভূমিকা কেনে হ'ব লাগে এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে। প্ৰধানতঃ বিৰোধী দলৰ কৰণীয় এনেধৰণৰ一

১। জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।

২। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য় কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

৩। চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্য্য়বেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪। জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। 

৫। প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬। জনমত গঠন কৰা।

৭। চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য় দূৰ কৰা।

৮। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯। জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।

১০। চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ ৰখা।

১১। প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম- কাজক গতিশীলতাক প্ৰদান কৰা।

Page no 9  

১.৫ মৰ্চা চৰকাৰ    ঃ

        যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চাৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগােট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বােলা হয়। মৰ্চাত যােগ দিয়া দলবিলাকৰ আদর্শ ভিন্ন হলেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বার্থ আৰু আদর্শ মােকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়। 

        মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে—

        (১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, (২) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস, (৩) এটা নির্বাচনত কোটি কোটি টকা খৰচ হােৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। (৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

        মর্চা অথবা সংযুক্ত চৰকাৰৰ ধাৰণাটো আমাৰ দেশত বৰ বেছি পুৰণি নহয়। স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতৰ ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্য থকালৈকে মর্চা চৰাকৰৰ ধাৰণাৰ সৃষ্টি হােৱা নাছিল। ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্রেছে শাসন বৰ্তাই ৰাখিছিল । সেইখিনি সময়ত মৰ্চা চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল। কিন্তু পিছলৈ ‘এক দলৰ আধিপত্য❜ (single party dominance) ৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ হ’ল কেন্দ্রত ১৯৭৭ চনত মােৰাৰজী দেশাইৰ নেতৃত্বত প্রথমখন মৰ্চা চৰকাৰ গঠন হয়। জনতা দলৰ এই সংযুক্ত চৰকাৰ ১৯৭৯ চনত পতন হােৱাৰ পিছত ১৯৭৯ চনৰ অক্টোবৰ মাহত চৰণ। সিঙৰ নেতৃত্বত আন এক মর্চাই চৰকাৰ গঠন কৰে। এই চৰকাৰখনাে স্থায়ী নহ'ল। ইয়াৰ পিছৰ দুটা নির্বাচনত কংগ্ৰেছে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল যদিও ১৯৮৯ চনৰ পৰা ২০১৪ চন পর্যন্ত কেন্দ্ৰত মৰ্চা চৰকাৰ অব্যাহত থাকে।

Page no 10

      কেন্দ্ৰত থকাৰ দৰে ভালকেইখন ৰাজ্যতাে মৰ্চা চৰকাৰে কার্যনির্বাহ কৰিছে। কেন্দ্ৰত ইতিমধ্যে চৰকাৰ গঠন কৰা মৰ্চাসমূহ আছিল一 ইউনাইটেড ফ্রন্ট , সংযুক্ত গণতান্ত্রিক মর্চা (United Progressive Alliance- UPA) আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (National Democratice Alliance一 NDA)

Page no 10 

১.৫.১ মৰ্চা চৰকাৰৰ দোষ   ঃ

        বিশ্বৰ বহুতাে ৰাষ্ট্ৰত মৰ্চা চৰকাৰ গঠন হােৱা পৰিলক্ষিত হৈছে যদিও এই চৰকাৰ দোষমুক্ত নহয়। ইয়াৰ প্ৰধান দোষ সমূহ হ'ল এনেধৰণৰ一

        ১। ক্ষণস্থায়ী অথবা অস্থিৰ   ঃ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোযটো হৈছে। ইয়াৰ অস্থিৰতা। মৰ্চাত অংশ গ্রহণ কৰা দলসমুহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনাে সময়তে সমর্থন উঠাই লােৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হােৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটে। 

       ২। দুর্বল চৰকাৰঃ মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। অংশ গ্রহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হােৱাৰ বাবে এই চৰকাৰ কোনাে বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নােৱাৰে। 

      ৩। দীর্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা   ঃ মৰ্চা চৰকাৰ স্থায়ীত্বৰ ক্ষেত্ৰত দুর্বল হােৱা বাবে দীর্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত জটিলতাৰ উদ্ভৱ হয়। 

        ৪। অংশীদাৰী দলৰ আকাংক্ষা   ঃ মৰ্চা চৰকাৰৰ অংশীদাৰ দলসমূহত বহুতাে ৰাজনৈতিক নেতা থাকে আৰু বহু সময়ত তেওঁলােকৰ মূল লক্ষ্য হৈ পৰে ৰাজনৈতিক সুবিধা লাভ। ক্ষমতালােভী এনে নেতাৰ ব্যক্তিগত স্বার্থই চৰকাৰখনক জনস্বার্থবৰােধী ৰূপ দিয়ে। 

        ৫। জাতীয় স্বার্থ বিঘ্নিত হােৱাৰ আশংকা   ঃ চৰকাৰ গঠনৰ স্বাৰ্থত মৰ্চাই বহু ক্ষেত্ৰত ক্ষুদ্র আঞ্চলিক আৰু সাম্প্রদায়িক স্বার্থক অগ্রাধিকাৰ দিব লগা হয়। ইয়াৰ ফলত জাতীয় স্বাৰ্থত আঘাত পৰাৰ শংকা থাকে। 

        ৬। ব্যয়বহুল   ঃ মৰ্চা চৰকাৰ বহু ক্ষেত্ৰত ব্যয়বহুল হয়। বিশেষকৈ সকলাে অংশীদাৰ দলক মন্ত্রী সভাত স্থান দিয়াৰ স্বাৰ্থত প্রয়ােজনহীনভাৱে মন্ত্রীসভাৰ কলেৱৰ বৃদ্ধি কৰিবলগীয়া হয় আৰু যিয়ে ৰাজহুৱা ধনৰ অপচয় ঘটায়। 

১.৫.২ মৰ্চা চৰকাৰৰ গুণ   ঃ

         উপৰােক্ত দোষবিলাক থকা সত্ত্বেও মৰ্চা চৰকাৰৰ গুণ নথকা নহয়। ইয়াৰ গুণসমুহ এনেধৰণৰ 

        ১। পৰিস্থিতি আৰু সময় সাপেক্ষ   ঃ মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ । পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়ােজন । 

        ২। অশ্বেচ্চাচাৰী চৰকাৰ   ঃ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি এক দলীয় চৰকাৰ 

Page no 11

গঠন হলে চৰকাৰখন স্বেচ্চাচাৰী হােৱাৰ আশংকা অধিক। বহু ক্ষেত্ৰত এনে চৰকাৰে বিধান মণ্ডলত সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ জনস্বার্থবিৰােধী কাম কৰিবলৈও সংকোচবােধ নকৰে। কিন্তু মৰ্চা চৰকাৰত এনে শংকা কম। কিয়নাে যিকোনাে সিদ্ধান্তই মৰ্চাৰ অংশীদাৰ দলবিলাকৰ মাজত হােৱা যথােচিত আলােচনাৰ পিছতহে লােৱা সম্ভৱ। ফলত ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্চাচাৰী হােৱাৰ আশংকা মৰ্চা চৰকাৰৰ ক্ষেত্ৰত কম।

        ৩। আঞ্চলিক প্রতিনিধিত্ব   ঃ একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি - গােষ্ঠীয়ে প্রতিনিধিত্ব কৰাৰ অধিক সুযােগ লাভ কৰে। মৰ্চাত অংশগ্রহণকাৰী বিভিন্ন আঞ্চলিক পর্যায়ৰ দলবিলাকে তেওঁলােকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায়।

       ৪। জাতীয় ঐক্য সংহতি ৰক্ষা   ঃ মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি - আদর্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য - সংহতি বৃদ্ধি হয়। 

        ৫। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্রাস   ঃ এটা নির্বাচন অনুষ্ঠিত হৈ যােৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নির্বাচনৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত কম দিনৰ ব্যৱধানত আন এটা নির্বাচনৰ সন্মুখীন হােৱাৰ পৰা মৰ্চা চৰকাৰ গঠনে দেশক ৰক্ষা কৰে। এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়াই ৰাজহুৱা ধনৰ অপব্যয় ৰােধ কৰে।




Bidyut Thakuria





Post ID : DABP006687