Page no 26


    সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংগ হ'ল অৰ্থবিজ্ঞান। সমাজ আৰু সমাজৰ অংগ হিচাপে ব্য়ক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্য়য়ন কৰা সমাজ বিজ্ঞানৰ বিভাগকেইটাই অৰ্থবিজ্ঞান বা অৰ্থনীতি বুলি কোৱা হয়। 

    অৰ্থবিজ্ঞান (Economics) শব্দটো গ্ৰীক শব্দ 'Oikonomia'ৰ পৰা অনা হৈছে। 'oikos' শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু 'nomos' শব্দৰ অৰ্থ হ'ল নিয়ম। গতিকে অৰ্থবিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য় কৰা হয়।                                                                                                                                        

 ১.১ অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা    ঃ

        কেইবাটাও কাৰণত অৰ্থনীতি অধ্য়নৰ প্ৰয়োজন আছে। তাৰে কেইটামান ঠোৰতে উল্লেখ কৰিব পাৰি। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্য়য় কৰে, ব্য়য় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্য়ৱহাৰ হৈছে নে নাই ইত্য়াদি। সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্য়াপক আৰু 

Page no 27

গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতাে কাৰণ অর্থনৈতিক। সচেতন গ্রাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ কি? বিশ্বায়ন বা গােলকীকৰণ কি? ইয়াৰ সুফল আৰু কুফলবােৰ কি কি? অর্থনৈতিক বিকাশ কি? পৰিৱেশীয় অর্থনীতি কি? এনেবােৰ বহুতাে গুৰুত্বপূর্ণ বিষয় অর্থনীতিত অধ্যয়ন কৰা হয়।

Page no 27

১.২  অর্থবিজ্ঞানৰ সংজ্ঞা  ঃ

অর্থবিজ্ঞান কি এই সম্পর্কে বিভিন্নজন অর্থনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে । ইয়াৰ ভিতৰত এডাম স্মিথ ( Adam Smith ), আলফ্রেদ মাছেল (Alfred Marshall), লায়নেল ৰবিন্স (Lionnel Robbins), ছেমুৱেলছন আৰু নৰ্দহাছ (Samuelson and Nordhaus)ৰ সংজ্ঞা উল্লেখযােগ্য । 

 Page no 27

১.২.১ এডাম স্মিথৰ সংজ্ঞা   ঃ

        অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথে তেখেতৰ ১৭৭৬ চনত প্রকাশিত গ্রন্থ ‘An Enquiry into the Nature and Causes of the Wealth of Nations' ত 'অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান' (Economics is the Science of Wealth) বুলি অভিহিত কৰিছে। স্মিথৰ এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয়। 

        স্মিথৰ এই সংজ্ঞাটো পিচৰ কালৰ সমাজবিজ্ঞানী কার্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী (Gospel of the mammon) বুলি সমালােচনা কৰিছে। সম্পদ আহৰণ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নােৱাৰে। ই মানৱ জীৱনৰ মূল লক্ষ্য প্রাপ্তিৰ এক আহিলাহে মাত্র। সম্পাদক অধিক গুৰুত্ব প্ৰদান কৰিলে অর্থবিজ্ঞান এক নিৰাশাব্যঞ্জক বিজ্ঞান (Dismal Science) লৈ পৰিণত হ'ব।

 Page no 28

১.২.৩ লায়’নেল ৰবিন্সৰ সংজ্ঞা    ঃ

অর্থনীতিবিদ লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্রকাশিত গ্রন্থ “An Essay on the nature and significance of Economic Science' ত অৰ্থনীতি অন্য়তম গ্রহণযােগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি’ (Economics is the science which studies human behavior as a relationship between ends and scarce means which have alternative uses). 

        এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে— 

        (১) মানুহৰ অভাৱ অসীম (Human wants are unlimited)। 

      (২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত (Resources to satisfy human wants are limited)।         

      (৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযােগ্য (Scarce resources have)। 

        এই তিনিটা মৌলিক ধাৰণাৰ পৰা অর্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যা (problem of choice) ৰ সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰৰাপযােগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱ (Unlimited wants) ৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অর্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বােলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্রাপ্রতা (নাটনি) ৰ সংজ্ঞা বুলিও কোৱা হয়।

        ৰবিন্সৰ সংজ্ঞাটোও সমালোচনাৰ ঊৰ্ধ্বত নহয়। কিয়নো সমালোচকসকলৰ মতে পছন্দৰ সমস্য়াতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্য়াহে অধিক গুৰুত্বপূৰ্ণ আৰু ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত। 

১.২.৪ ছেমুৱেলছন আৰু নৰ্দহাছৰ সংজ্ঞা   ঃ 

        ছেমুৱেলছন আৰু নর্দহছে ‘দুষ্প্রাপ্যতা’ ধাৰণাটোৰ লগত ‘দক্ষতা’ ধাৰণাটোক একেলগ কৰি অর্থনীতিৰ এটা সংজ্ঞা আগবঢ়াইছে। তেওঁলােকৰ মতে, ̒দুষ্প্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সর্বোত্তম দক্ষতাপূর্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অর্থনীতিৰ  মূল বিষয়।’ সীমিতসম্পদৰাজিক গঠনমূলকভাৱে ব্যৱহাৰ কৰাটোৱেই হৈছে অর্থনীতিৰ মূল বিষয়বস্তু।

Page no 29 

১.৩ অৰ্থবিজ্ঞানৰ পৰিসৰ  (Scope of Economics)

       অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপক সমাৰি লয়। অনাআৰ্থিক কাৰ্যকলাপ (যিবোৰ কাৰ্যকলাপ অৰ্থ উপাৰ্জন, ব্য়য়তথা বিতৰণৰ লগত জড়িত নহয়) অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সাধৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়।

        (১) ভোগকাৰ্য (Consumption) ঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য় ইত্য়াদি অধ্য়য়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

        (২) উৎপাদন (Production) ঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে

Page no 30

 উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান一  ভূমি, শ্ৰম, মূল্য়ধন আৰু সংগঠনৰ উপৰি উৎপুাদনৰ বিধি, উৎপাদকৰ ভৰসাম্য়, আৰ্থিক ব্য়ৱস্থা ইত্য়াদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়।

        (৩) বিতৰণ (distribution) ঃ সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকাৰ্য সম্ভৱ হৈ উঠিব। বিতৰণ প্ৰক্তিয়া যাতে সঠিক তাৰ ববে যিবোৰ নীতি বা তত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ব 'বিতৰণ' বিষয়ৰমাজত আলোচনা কৰা হয়।

        (৪) বিনিময় (Exchange) ঃ কোনাে ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল'ব নােৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি , অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে , আভ্যন্তৰীণ বাণিজ্য ( Internal Trade ) আৰু আন্তর্জাতিক বাণিজ্য ( International Trade ) ৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয় । অর্থনীতিত এই দুয়াে প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলােচনা কৰা হয়।

Page no 31

        (৫) মুদ্ৰা (Money) ঃ দ্ৰব্য়ৰ প্ৰত্য়ক্ষ বিনিময় (Barter) প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্য়ৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছি্ল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্য়াদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ্য় অংশ।

        (৬) আয় (Income) ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অৰ্থনৈতিক কল্য়াণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।

        (৭) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান (Public Finance) ঃ চৰকাৰী আয়, চৰকাৰী ব্য়য় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিজ্ঞান।

        (৮) কল্য়াণকামী অৰ্থনীতি (Welfare Economics) ঃ কেৱল ভোগকাৰ্য, উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে। এমেবৈৰ কাৰ্যৰ লগত ব্য়ক্তি তথা 

Page no 32

সমাজৰ কল্যাণৰ দিশটো মন কৰিব লাগিব। অর্থনীতিবিদ এ চি পিণ্ড (A.C. Pigou), ভিলফ্রেড’ পেৰেট’ (Vilfredo Pereto), হিক্স (Hicks), অমর্ত্য সেন (Amartya Sen) আদিয়ে কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তুলিছে । 

             (৯)পৰিৱেশীয় অর্থনীতি (Economics of Environment)   ঃ এহাতে অর্থনৈতিক উন্নতি ক্ষিপ্রতৰ কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনােনিৱেশ আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে । এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি বিষয়ত অন্তর্ভুক্ত কৰা হৈছে । এই সংযােজনে অর্থনীতি বিষয়ত এক নতুন মাত্রা প্রদান কৰিছে ।

  (১০) দক্ষতা (Efficiency)   ঃসীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়। এই সীমিত সম্পদৰাজি দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি উৎপাদন প্রক্রিয়াৰ ধাৰা ত্বৰান্বিত কৰিব পাৰিলেহে মানৱ সমাজৰ কল্যাণ হ’ব। 

        ওপৰােক্ত বিষয়সমূহ অর্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে। কিন্তু এটা কথা মন কৰিব লাগিব যে বর্তমান গতিশীল পৃথিৱীত কোনাে এটা বিষয়ৰ পৰিসৰ সীমাবদ্ধ হৈ নাথাকে। সময়ৰ লগে লগে বিষয়বস্তুয়েও গতিশীলতা লাভ কৰে। সেয়েহে অর্থবিজ্ঞানৰ ভিতৰত গােলকীয় অর্থনীতিৰ নতুন ধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তর্ভুক্ত হৈ ইয়াৰ পৰিসৰাে বৃদ্ধি হৈছে। 

১.৪ অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা :

    অর্থনীতি বা অৰ্থবিজ্ঞানৰ কিছুমান ধাৰণা সচৰাচৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অর্থতকৈ কিছু পৃথক। এনে কিছুমান ধাৰণাৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল।

Page no: 33

    (১) বস্তু বা সামগ্ৰী (Goods) :  মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী (Commodity) আৰু সেৱাকাৰ্য (Service)কে অর্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। বস্তুবোৰক ভৌতিক (যেনে, চকী-মেজ, ঘৰ-দুৱাৰ, যন্ত্র পাতি, খাদ্য, বন্ধু আদি) আৰু অভৌতিক (যেনে- শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, অধিবক্তা আদিৰ সেৱা) এই দুই ভাগত বিভক্ত কৰিব পাৰি৷ বস্তুবোৰক পুনৰ মুক্ত বস্তু আৰু আৰ্থিক বস্তু এই দুটা শ্ৰেণীত ভাগ কৰা হয়। মুক্ত বস্তুবোৰ হৈছে প্ৰকৃতিৰ 

Page no: 34

মুক্ত দান। যেনে- সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি। আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। সেয়েহে এনে বস্তুৰ দৰ বা দাম (Price) থাকে। উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ, খাদ্য, বস্তু আদি আর্থিক বস্তু। বস্তুক পুনৰ ভোগ্যবস্তু (Consump tion goods) আৰু উৎপাদক বস্তু (Producer goods) বা মূলধন জাতীয় বস্তু (Capital goods) এই দুটা ভাগত ভাগ কৰিব পাৰি। ভোগ্য বস্তুবোৰে প্রত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰে। কিন্তু মূলধন জাতীয় বা উৎপাদক বস্তুবোৰক উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়। ভোগ্য বস্তুক প্রস্তুত সামগ্রী (Finished goods) আৰু মূলধন জাতীয় বস্তুক অন্তৰ্ৱতী সামগ্ৰী (Intermediate goods) বুলি কোৱা হয়।

    (২) উপযোগিতা (Utility): উপযোগিতা হৈছে কোনো বস্তুব বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। যেনেকৈ এসাজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভোক দূৰ কৰিব পাৰে, তেনেকৈ এজন চিকিৎসকৰ সেৱাৰ পৰা ৰোগীয়ে আৰোগ্য লাভ কৰে। বস্তুৰ বা সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে উপযোগিতা।

    (৩) সম্পদ (Wealth) : সকলো বস্তু সম্পদ নহয়। সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা, অপ্রচৰতা বা দুর্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা— এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব। সূৰ্যৰ ৰশ্মিৰ যোগান প্ৰচুৰ, শচীন টেন্ডুলকাৰৰ ক্রীড়া প্রতিভা বা মহাত্মা গান্ধীৰ স্বদেশ প্ৰেম অহস্তান্তৰযোগ্য, বাহ্যিকতাবিহীন। সেইবাবে অর্থনীতিত এইবোৰক সম্পদ বুলি ধৰা নহয়। খাদ্য়দ্ৰব্য়, বস্ত্ৰ, চকী-মেজ, কয়লা, খাৰুৱা তেল আদি সম্পদ। কাৰণ এই সকলোবোৰতে সম্পদৰ সকলো গুণ দেখা যায়। অর্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ সি ব্যৱহাৰযোগ্য হ'ব লাগিব, মূল্যৱান (দুর্লভ ) হ'ব লাগিব, এজনে আনজনক দিব পৰা আৰু ভৌতিক অস্তিত্ব (বাহ্যিকতা) থকা হ'ব লাগিব। 

    (৪) অভাৱ (Wants) : কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে। আন কথাত কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ'ল অভাৱ। উদাহৰণস্বৰূপে দৈনন্দিন ব্যস্ততাৰ মাজত অৱসাদ দূৰ কৰাৰ বাবে যদি গান শুনাৰ আকাংক্ষা সৃষ্টি হয় তাকে অভাৱ বুলি কোৱা হয়। জীয়াই থাকিবলৈ , কাপোৰ, ঘৰ ইত্য়াদিবোৰ অত্যাৱশ্যকীয়। কিন্তু এইবোৰ নথকালৈকে ই অভাৱ হিচাপে বিবেচিত হ'ব।

    (৫) কল্যাণ (Welfare) : কল্যাণ দুই প্ৰকাৰৰ— অর্থনৈতিক কল্যাণ (Economic welfare) আৰু অনা-অর্থনৈতিক কল্যাণ (Non-economic welfare) । অর্থনৈতিক কল্যাণ মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি। অনা-অর্থনৈতিক কল্যাণ হৈছে নৈতিক আৰু সামাজিক কল্যাণ, যিবোৰ মুদ্ৰাৰে জুখিব নোৱাৰি। পিতৃ-মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ এক অনা-অর্থনৈতিক কল্যাণৰ উদাহৰণ। অৰ্থনীতিত কেৱল অর্থনৈতিক কল্যাণহে বিশেষকৈ আলোচনা কৰা হয়।

Page No: 36

    (৬) দৰ (Price) : কোনো বস্তুৰ মুদ্রা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম। অর্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম। যেনে এখন কিতাপৰ মূল্য ৭৫ টকা, এটা লেপটপ কম্পিউটাৰৰ সৰ্বোচ্চ খুচুৰা মূল্য ৩২৭৫০ টকা ইত্যাদি।

    (৭) চাহিদা (Demand) : এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকে। এজন ভিক্ষাৰী লোকে যদি এখন মটৰ গাড়ী কিনাৰ ইচ্ছা কৰে তেন্তে সেই ইচ্ছাক চাহিদা বুলি ক'ব নোৱাৰি। কাৰণ ভিক্ষাৰীজনৰ মটৰ গাড়ীৰ কিনাৰ আর্থিক ক্ষমতা নাই। চাহিদা অনুপাতে বহুতো বস্তুৰ যোগান কম হ'ব পাৰে। যেনে— গাখীৰ, আলু, মিঠাতেল, দাইল, চাউল ইত্যাদি। গুৱাহাটী মহানগৰীৰ চাহিদা অনুপাতে গাখীৰৰ যোগান কম।

    (৮) যোগান (Supply) : উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগান বুলি কোৱা হয়। আমাৰ দেশত সামগ্ৰীৰ যোগানৰ বাবে যোগান বিভাগ আছে। ইয়াৰ বিভাগীয় মন্ত্রীও থাকে। ভাৰতীয় খাদ্য নিগম (Food Corporation of India চমুকৈ FCI) হৈছে এটা দেশখনত খাদ্য মজুত কৰা আৰু যোগান ধৰা এটা সংস্থা।

    (৯) বজাৰ (Market) : সাধাৰণ অৰ্থত বজাৰ বুলি ক'লে এখন ঠাইক বুজায় য'ত বস্তুৰ ক্রয়-বিক্রয় কৰা হয়। কিন্তু অৰ্থবিজ্ঞানত বজাৰে কেৱল কোনো এখন নির্দিষ্ট ঠাইকেই নুবুজায়। অর্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নির্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক (ক্রেতা) আৰু বিক্ৰেতাৰ মাজত প্রত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ ফাঁচী বজাৰ, পাণবজাৰ, শপিং মল আদি কিছুমান সচৰাচৰ বজাৰ। কিন্তু ষ্টক বজাৰ, অনলাইন বজাৰ আদিও কিছুমান বজাৰৰ উদাহৰণ।

Page No: 37

    (১০) মূলধন (Capital) : উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। অর্থাৎ উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে খাদ্যশস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা এডৰা মাটি বা ট্ৰেক্টৰখন হৈছে মূলধন, কাপোৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা তাঁতশাল, চিলাই মেচিন আদি যন্ত্রপাতিসমূহ মূলধন।

    (১১) সঞ্জয় (Savings) : আয়ৰ যি অংশ ভোগ কার্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সেয়েহে আয় = ভোগ ব্যয় + সঞ্জয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধন সৃষ্টিৰ এটা ভাল উপায়।

    (১২) বিনিয়োগ (Investment) : মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে। মূলধন হৈছে এক মজুত (Stock) ধাৰণা আৰু বিনিয়োগ (Investment) হ'ল এক প্রৱাহ (Flow) ধাৰণা। বেংকত এক লাখ টকা মজুত থাকিলে সি মূলধন হ'ব। যেতিয়া এই টকাৰে যন্ত্ৰপাতি কিনি বস্তু উৎপাদনৰ এটা কাৰখানা প্ৰতিষ্ঠা কৰা হ'ব তেতিয়া ই “বিনিয়োগ কৰা হ'ব। এই বিনিয়োগৰ পৰা নিয়মিত উৎপাদন আৰু উপার্জন হ'ব। সেয়ে ইয়াক প্রৱাহ বোলা হৈছে।

    (১৩) ৰাষ্ট্ৰীয় আয় ( National Income ) : এখন দেশৰ এটা নির্দিষ্ট বিত্তীয় বর্ষ (Financial Year)ত যি দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

ভাৰত

ভাৰতবৰ্ষ আয়তনত পৃথিৱীৰ সপ্তম বৃহত্তম দেশ, ১.২ বিলিয়ন* তকৈ অধিক জনসংখ্যাৰে দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ আৰু পৃথিৱীৰ বৃহত্তম গণতন্ত্র।

ভাৰতৰ ৰাষ্ট্ৰীয় আয়

(১) মুঠ জনমূৰি ৰাষ্ট্ৰীয় আয় - ৫৩৫০ পি পি পি* ডলাৰ। (২০১৩)

(২) মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) - ১.৮৭৭ ত্রিলিয়ন ডলাৰ। (২০১৩)

(৩) মুঠ জনমূৰি ঘৰুৱা উৎপাদন - ১,৪৯৮.৮৭ ডলাৰ (২০১৩) 

* ১ বিলিয়ন = ১০০ কোটি

** পি পি পি = Purchasing Power Parity (PPP)

১৪) জনমূৰি আয় (Per-capita Income) : এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অর্থাৎ



১.৫ ব্যষ্টিবাদী (সূক্ষ্ম) আৰু সমষ্টিবাদী (স্থূল) অর্থনীতি (Micro and Macro Economics) :

    অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে দুটা নির্দিষ্ট পদ্ধতি
 আছে। এই দুটা পদ্ধতি হ'ল ব্যষ্টিবাদী অর্থনৈতিক বিশ্লেষণ আৰু সমষ্টিবাদী (স্কুল)
 অর্থনৈতিক বিশ্লেষণ।

ব্যষ্টিবাদী অর্থনীতি (Micro Economics) শব্দটো গ্ৰীক শব্দ 'Mikros'ৰ পৰা আহিছে যাৰ
 অৰ্থ হ'ল 'সৰু'। সমষ্টিবাদী অর্থনীতি (Macro-Economics) শব্দটো গ্রীক শব্দ ‘Makros'ৰ
 পৰা আহিছে যাৰ অৰ্থ হৈছে ‘ডাঙৰ’। ব্যষ্টিবাদী অর্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ
 অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা
 বা এখন উদ্যোগিক প্রতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ
 অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। আনহাতে, এখন দেশৰ অৰ্থনীতিৰ
 সামগ্রিক আচৰণ অর্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী
 অর্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ
 অধ্যয়ন সমষ্টিবাদী অর্থনীতিৰ অন্তৰ্গত। সূক্ষ্ম ব্যষ্টিবাদী অর্থনীতিৰ অধ্যয়ন হৈছে
 ব্যক্তিগত (Individual) আৰু স্থূল বা সমষ্টিবাদী অর্থনীতিৰ অধ্যয়ন হৈছে সামুহিক
 (Aggregate)।




    Class 9 Social Science Part 3

Bidyut Thakuria