Page no 13   

২.১    চৰকাৰৰ শ্ৰেণীবিভাগ ঃ

        বিশ্বৰ ৰাষ্ট্ৰ তথা চৰকাৰবোৰক বিভিন্ন শ্ৰেণীত ভগোৱা হয়। চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন হয়। সেয়েহে কোৱা হয়一 চৰকাৰ শ্ৰেণী বিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন। প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পিছত এৰিষ্ট'টলে চৰকাৰক  কেইয়বাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক  শাসকৰ সংখ্য়া আৰু লক্ষ্য়ৰ ভিত্তিত কেইটামান শ্ৰেণীত ভাগ কৰিছিল। জনকল্য়াণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্ৰ (Monarchy), কেইজনমানৰ শাসনত অভিজাততন্ত্ৰ (Aristocracy)  আৰু বহুজনৰ বা ৰাইজৰ শাসনক ৰাজ্য় ব্য়ৱস্থা (Polity) বুলি নামকৰণ কৰিছিল। আনহাতে, জনস্বাৰ্থৰ 

Page no 14

বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনক স্বৈৰতন্ত্ৰ (Tyranny), কেইজনমানৰ শাসনক আঢ্য়ৱন্ততন্ত্ৰ (Oligarchy) আৰু বহুজনৰ শাসনক গণতন্ত্ৰ (Democracy) বুলি কৈছিল। সেইকালৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচৱনা নকৰিছিল।

        যুগ পৰিৱৰ্তৰ লগে লগে ৰাজতন্ত্ৰ আৰু অভিজাতন্তন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰে শাসন ব্য়ৱস্থা গণতান্ত্ৰিক। ইংলেণ্ড, নেপাল, ভূটান আদি ৰাোষ্ট্ৰত ৰজা বা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে। ৰাজ মুকুট পৰম্পৰা ৰক্ষাৰ অটা প্ৰতীকহে। ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্য়ৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়। এইবোৰ ৰাষ্ট্ৰতো গণতান্ত্ৰিক শাসনহে চলে।

        আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাগ কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য় বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুভাগত ভগাইছে一 একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ (Dictatorship) আৰু গণতন্ত্ৰ (Democracy)। এতিয়াও বিশ্বৰ সকলো ৰাষ্ট্ৰৰে শাসন ব্য়ৱস্থা গণতানেতেৰিক নহয়। কিছুমান দেশত এতিয়াও একোজন ব্য়ক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন চলি আছে। এনেকুৱা শাসন ব্য়ৱস্থাক একনায়কতন্ত্ৰ বোলা হয়। আনহাতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্য়াণৰ বাবে জনসাধাৰে চলোৱা শাসন। গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। আগৰ কালৰ গ্ৰীচ-এথেন্সত প্ৰত্য়ক্ষ (Direct Democracy) চলিছিল। জনসাধাৰণে প্ৰত্য়েক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। আজিৰ দিনত প্ৰত্য়েক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ (Indirect Democracy) বোলে। লীককে আধুনিক গণতন্ত্ৰ সীমিত ৰাজতন্ত্ৰ (Limited Moarchy)  আৰু গণৰাজ্য় বা প্ৰজাতন্ত্ৰ (Republic)一  এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় (Unitary) আৰু যুক্তৰাষ্ট্ৰীয় (Federal), এই দুভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় (Parliamentary) ৰাষ্ট্ৰপতীয় (Presidential), এই দুভাগত বিভক্ত কৰিছে।

        বৰ্তমান যুগত পৃথিৱীত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্য়ৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই চাৰি শ্ৰেণীত ভগোৱা হয়। গতিকে আমাৰ আলোচনাও এই চাৰি প্ৰকাৰ চৰকাৰৰ মাজতে সীমাবদ্ধ হ'ব।

Page no 14

২.১.১ সংসদীয় পদ্ধতিৰ চৰকাৰ    ঃ

        বৰ্তমান সময়ত বহু সমাদৃত চৰকাৰ হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ। প্ৰকৃততে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই চৰকাৰক সংসদীয় 

Page no 15

পদ্ধতিৰ চৰকাৰ বোলা হৈছে। এই শ্ৰেণী চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড। সেইবাবে এই চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলিও কোৱা হয়।

    সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্য়সমূহ হ'ল এনেধৰণৰ一

১।    দুজন মুৰব্বী    ঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্য়ৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে

২।    কাৰ্যপালিকাৰ সদস্য়সকল বিধনমণ্ডলৰো সদস্য়    ঃ এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰীপৰিষদৰ সদস্য়সকল বিধানমণ্ডলৰো সদস্য়।

৩।     বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ    ঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।

৪।    মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ    ঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্য়াগ কৰিবলৈ বাধ্য় হয়।

৫।    মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা    ঃ এই চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্য়ৰ ব্য়ৰ্থতাৰ বাবে সকলো সদস্য় দায়বদ্ধ হয়।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ    ঃ

১। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্য়া আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।

Page no 16

২। এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

৩। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই (মন্ত্ৰীপৰিষদ) স্বেচ্চাচাৰীভাৱে কাম কৰিব নোৱাৰে। ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্চাচাৰীভাৱে কাম কৰে তেতিয়া বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱযোগে তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে। 

৪। সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক সদায় গুৰুত্ব দি কাৰ্য সম্পাদন কৰে। অন্য়থা বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়।

৫। এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ।

সংসদীয় চৰকাৰৰ দোষ    ঃ

১। সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্য়াগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ'ব পাৰে।

২। এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ফলত চৰকাৰৰ কাম-কাজত আমোলসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখনে আমোলাতান্ত্ৰ চৰকাৰৰ ৰূপ লয়।

৩। ক্ষমতাৰ পৃথকীৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে।

৪। সংসদীয় পদ্ধতিৰ চৰলকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অনা এটা অভিযোগ হ'ল一 এনে চৰকাৰত বিধানমণ্ডলৰ সদস্য়সকল এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নহালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্য়ৱস্থা হাতত ল'ব নোৱাৰে।ফলত ভোটাৰসকলে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ কুকৰ্ম বহুদিন ধৰি সহ্য় কৰিবলৈ বাধ্য় হয়।

Page no 16

 ২.১.২ ৰাষ্ট্ৰপতীয় চৰকাৰ    ঃ

     যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য'ত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, 

Page no 17

তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকীৰ বোলে। বৰ্তমান সময়ত ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম উদাহৰণ হৈছে一 আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ।

     ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুৰিত্বপূৰ্ণ  বৈশিষ্ট্য়সমূহ এনেধৰণৰ一

১।    ৰাষ্ট্রপ্রধান আৰু চৰকাৰ প্ৰধানৰ মাজত পার্থক্য নাই :  সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপ্রধান আৰু চৰকাৰ প্রধান বুলি দুজন ব্যক্তি নাথাকে । ইয়াত ৰাষ্ট্রপতিজন ৰাষ্ট্রপ্রধানৰ লগতে চৰকাৰ প্ৰধানাে । 

২।    ক্ষমতাৰ পৃথকীকৰণ নীতি   ঃ ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় । দুয়ােৰে স্থিতি সম্পূর্ণ স্বাধীন । বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নােৱাৰে । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কার্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কার্যক্রমণিকাত অংশ ল'ব নােৱাৰে । 

৩।    ৰাষ্ট্রপ্রধানৰ নির্দিষ্ট কার্যকাল   ঃ ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হয় । সংবিধান অৱমাননাৰ দোষত তেওঁৰ বিৰুদ্ধে মহাভিযােগ প্রস্তাৱ গৃহীত হােৱাৰ বাহিৰে আন কোনাে কাৰণত ৰাষ্ট্রপতিজনক তেওঁৰ কাৰ্যকালত পদবীৰ পৰা আঁতৰ কৰিব পৰা নাযায় । এজন ৰাষ্ট্রপতিক মহাভিযােগ প্রস্তাৱৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰ কৰা প্রক্রিয়া অতি জটিল । 

৪।    বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল   ঃ ৰাষ্ট্ৰপতীয় চৰকাৰত বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল শেষ হােৱাৰ আগতে কোনাে কাৰণত ভংগ নহয় । ৰাষ্ট্রপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই ।

Page no 18

৫।   কেবিনেট মাথো পৰামর্শদানকাৰী গােট   ঃ এই চৰকাৰত ৰাষ্ট্রপতিক সহায় কৰিবলৈ থকা কেবিনেটখন এটা পৰামর্শদানকাৰী গােটহে । ৰাষ্ট্রপতিয়ে কেবিনেট সদস্য ( ছেক্রেটাৰী / সচিব ) সকলৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য নহয় । কেবিনেট সদস্যসকলৰ কার্যকাল ৰাষ্ট্ৰপতিৰ ইচ্ছা - অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল ।

৬।    অনমনীয় সংবিধান   ঃ এই চৰকাৰৰ সংবিধানখন অনমনীয় হয়। সংবিধানখন সহজে সংশােধন কৰিব নােৱাৰি ।
ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ     ঃ

১। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হােৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নােৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয় । ইয়াত বিধানমণ্ডলৰৰ নির্দিষ্ট কার্যকাল থাকে । 

২। ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযােগ পায় । উল্লেখযােগ্য যে এই চৰকাৰত অৱৰােধন আৰু সন্তুলন ’ ( Checks and balance)  নীতি থকা বাবে চৰকাৰৰ কোনাে অংগই স্বেচ্ছাচাৰী হ'ব নােৱাৰে । 

৩। এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযােগী । যিহেতু চৰকাৰৰ প্রকৃত ক্ষমতা ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্রীভূত হৈ থাকে , গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনাে সিদ্ধান্ত ক্ষিপ্রভাৱে লােৱাতাে সহজ হয় ।

৪। কার্যপালিকা শক্তিশালী হােৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে ।

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হােৱা বাবে ৰাষ্ট্রপতিজনে । কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । 

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ   ঃ

১। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নােৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হােৱাৰ আশংকা থাকে।

২। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযােগিতা নাথাকে। সামগ্রিকভাৱে ই দেশৰ প্রশাসনত বিৰূপ প্রভাৱ পেলায়।

৩। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হলে পৰিৱর্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশােধন কৰাত জটিলতা আহে।

Page no 19

৪। ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক। 

৫। এই চৰকাৰত মন্ত্রীত্ব (ছেক্ৰেটাৰী / সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যােগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

Page no 19

 ২.১.৩ এককেন্দ্রীয় চৰকাৰ    ঃ

      ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি চৰকাৰক  এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্রেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলাে ক্ষমতা একমাত্র কেন্দ্রীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে অর্থাৎ মাত্র এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক একেকেন্দ্রীয় চৰকাৰ আখ্যা দিয়া হয়। এই চৰকাৰত শাসনৰ সুবিধাৰ বাবে স্থানীয় প্রশাসনিক গােট থাকে যদিও সেইবিলাক সাংবিধানিক নহয়। সেই গােটবিলাক সম্পূৰ্ণৰূপে কেন্দ্রীয় চৰকাৰৰ নেতৃত্বাধীন। ব্রিটেন, ফ্রান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই চৰকাৰ আছে।

এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্য : 

১ । শক্তিশালী কেন্দ্রীয় চৰকাৰ   ঃ এনে চৰকাৰত সংবিধানে সকলাে ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।

২। লিখিত অথবা অলিখিত সংবিধান   ঃ এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।

৩। একক নাগৰিকত্ব   ঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বি - নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই।

৪। দুর্বল ন্যায়পালিকা   ঃ এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইন সভাই প্রস্তুত কৰা আইন সমগ্র দেশৰ বাবে প্রযােজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে। আইন সভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘােষণা কৰিব নােৱাৰে।

৫। নমনীয় সংবিধান   ঃ এককেন্দ্রীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়ােজনত সংবিধানখন সংশােধন কৰিব পাৰে।

এককেন্দ্ৰীয় চৰকাৰৰ গুণ    ঃ

১। এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসনৰ ব্য়ৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।

Page no 20

২। যিহেতু কেন্দ্রীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনাে ভুলৰ বাবে কেন্দ্রীয় চৰকাৰ দায়ী হয় । কেন্দ্রীয় চৰকাৰে স্থানীয় চৰকাৰক নিজৰ ভুলৰ বাবে জগৰীয়া কৰিব নােৱাৰে।

৩। এককেন্দ্রীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম । ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযােগ থাকে । 

৪।জৰুৰীকালীন অৱস্থাত এককেন্দ্রীক চৰকাৰ বিশেষ উপযােগী । অতি ক্ষীপ্রভাৱে এনে চৰকাৰ যিকোনাে অৱস্থাৰ সন্মুখীন হ'ব পাৰে ।

৫। এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰৰ হােৱা বাবে পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে সহজে সংশােধন কৰিব পৰা যায় ।

৬।কেন্দ্রীয় চৰকাৰৰ প্রাধান্য থকাত আঞ্চলিক চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সংঘাত অথবা বিৰােধৰ সম্ভাৱনা কম। ফলত চৰকাৰখন শক্তিশালী হয় । 
        
এককেন্দ্রীয় চৰকাৰৰ দোষ     ঃ

১ । এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। 

২। এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্রহণ সুযােগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্রিয়তা কম হয়।

৩। এখন মাত্র চৰকাৰ থকা বাবে কেন্দ্রীয় চৰকাৰৰ ওপৰত অধিক কামৰ বােজা পৰে । ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। যদিও স্থানীয় প্রশাসনিক গােট থাকে তথাপি এই গােটবিলাকে স্বতন্ত্রতাৰ অভাৱত সমস্যা সমাধানত ব্যর্থ হয়। 

৪। এককেন্দ্রীয় চৰকাৰ অধিক আমােলাতান্ত্রিক। এনে চৰকাৰত আমােলাসকলেই প্রকৃততে শাসন চলায়। 

৫। এককেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হােৱাৰ আশংকা প্ৰৱল। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত এনে চৰকাৰে নিজ ইচ্ছাৰে শাসন চলায়।

২.১.৪ যুক্তৰাষ্ট্ৰীয় চৰকাৰ    ঃ


        এককেন্দ্রীয় পদ্ধতিৰ চৰকাৰৰ সম্পূর্ণ বিপৰীতধর্মী চৰকাৰখনেই হ’ল যুক্তৰাষ্ট্রীয় চৰকাৰ । এই চৰকাৰত এখন কেন্দ্রীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ’ল আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰ । প্ৰকৃততে আমেৰিকাতেই প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল । সেইবাবে আমেৰিকাক ‘ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ’ ( Homeland of Federation ) বােলা হয় ।

যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য
১। ক্ষমতাৰ বিকেন্দ্রীকৰণ   ঃ কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ - বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য । 

২। ক্ষমতাৰ পৃথকীকৰণ   ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ— কাপালিকা , বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্মক্ষেত্ৰত স্বাধীন । এটা আনটোৰ পৰিপুৰক নহয় । 

৩। লিখিত আৰু দৃঢ় সংবিধান   ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ’ল লিখিত সংবিধান । এই সংবিধানখন অনমনীয় অথবা দৃঢ় । এই সংবিধানখন সংশােধন কৰা পদ্ধতিও অতি জটিল । 

৪। দুই প্রকাৰৰ চৰকাৰ   ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে । এবিধ কেন্দ্রীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ । দুয়ােবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে । 

৫। দ্বৈত - নাগৰিকত্ব   ঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত সাধাৰণে দুবিধ নাগৰিকত্ব উপভােগ কৰিব পাৰে । সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হােৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মর্যাদা লাভ করে । 

৬। স্বাধীন ন্যায়পালিকা   ঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে , যিয়ে সংবিধানৰ চৰম কার্যকর্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে । 

যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ     ঃ 
১ । যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয় । ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়ােটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায় । 

২ । ভিন্ন ধর্ম , জাতি আৰু ভাষিক গােষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্রৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয় । 

৩। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথা ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্রীয় চৰকাৰক ৰেহাই দিয়ে । ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰে সুবিধা পায় । 

৪। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা থকাত অন্তর্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হােৱাৰ প্রৱণতা নাথাকে । 

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্রীকৰণে সকলােকে গণতন্ত্রত অংশলােৱাৰ সুবিধা প্রদান কৰে ।

যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ    ঃ

১। যুক্তৰাষ্ট্ৰীয় চৰকাৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য় অথবা ৰাজ্য়বিলাকৰ নিজৰ ভিতৰত ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে। ফলত প্ৰশাসন দুৰ্বল হৈ পৰাৰ শংকা থাকে।

২। এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য় চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য় ৰক্ষা কৰাত সহায় জটিলতাৰ সৃষ্টি হয়। 

৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানৰ দৃঢ় তথা অনমনীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষে সংবিধান সংশোধন কৰাত জটিলতা আহে। ফলত প্ৰসগতিত বাধা আহে। 

৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য়ৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে।

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হােৱাৰ সম্ভাৱনা থাকে। আঞ্চলিকতাবাদে যুক্তৰাষ্ট্রক দুর্বল কৰে। 

৬। যুক্তৰাষ্ট্ৰীয় চৰকাৰত অর্থ ব্যয় অধিক। বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰছ হয়। 

        উপৰােক্ত দোষবিলাক থকা সত্ত্বেও বর্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্রিয়তা লাভ কৰিছে। আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষৰ দৰে দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ সফল হােৱালৈ চাই দৃঢ়ভাৱে মত দিব পাৰি যে বিভিন্ন বৈচিত্র্যৰে ভৰা বিশাল দেশত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি উপযােগী। এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যতে অধিক জনপ্রিয় হােৱাৰ সম্ভাৱনা আছে ।





Bidyut Thakuria