উদ্ভিদৰ পৰিপুষ্টি


 ১.১ সালোকসংশ্লেষণ - উদ্ভিদৰ খাদ্য় প্ৰস্তুত কৰা প্ৰণালীঃ

উদ্ভিদৰ পাতবোৰেই খাদ্য় প্ৰস্তুতকৰণ কাৰখানা । উদ্ভিদৰ খাদ্য় সংশ্লেষণ পাতত হয় । সেইকাৰণে, সকলোবোৰ কেঁচা সামগ্ৰী পাতলৈ যাব লাগিব । মাটিত থকা পানী আৰু খনিজ দ্ৰব্য় শিপাি শুহি লয় আৰু পাতলৈ পৰিবহণ কৰে । পাতৰ পৃষ্ঠত থকা সৰু সৰু ছিদ্ৰৰে পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে । এই ছিদ্ৰবোৰৰ চাৰিওফালে ৰক্ষীকোষে (guard cells) অৱৰি থাকে । এই ছিদ্ৰবোৰৰ পত্ৰৰন্ধ্ৰ (stomata) কোৱা হয় [ চিত্ৰ-১.২ (গ) ]।

    পানী আৰু খনিজ পদাৰ্থসমূহ শিপা, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাতৰ মাজৰ নলীকাসমূহেৰে পৰিৱাহিত হৈ পাতলৈ যোৱাৰ বাবে এটা পথ প্ৰস্তুত কৰে । তোমালোকে উদ্ভিদৰ দ্ৰব্য় পৰিবহণৰ বিষয়ে ১১ অধ্য়ায়ত শিকিবলৈ পাবা ।

    পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ (chlorophyll) বোলা হয় । ই সূৰ্যৰ ৰশ্মিৰপৰা শক্তি আহৰণ কৰাত সহায় কৰে । এই শক্তি কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য় সংশ্লেষণ বা প্ৰস্থত কৰাত ব্য়ৱহূত হয় । যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য় সংশ্লষণ হয়, সেয়ে ইয়াক সালোকসংশ্লেষণ (photosynthesis, phot = পোহৰ, synthesis = সংযোগ হোৱা ) বুলি কোৱা হয়। আমি দেখিলোঁ যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্ষৰ ৰশ্মি, কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ প্ৰয়োজন। ই পৃথিৱীৰ এক অনন্য় প্ৰক্ৰিয়া । পাতে সৌৰশক্তি ধৰি ৰাখে আৰু উদ্ভিদত খাদ্য় হিচাপে সঞ্চয় কৰে । সেয়েহে ক'ব পাৰি যে সকলো জীৱৰে শক্তিৰ মূল উৎস হ'ল সূৰ্য ।

    তোমালোকে বাৰু সালোকসংশ্লেষণৰ অবিহণে পৃথিৱীত জীৱৰ কল্পনা কৰিব  পাৰিবানে?

    সালোকসংশ্লেষণৰ অবিহনে কোনে খাদ্য় পোৱা নাযাব। প্ৰায় সকলোবোৰ জীৱই জীয়াই থাকিবলৈ বাবে উদ্ভিদে প্ৰস্তুত কৰা খাদ্য়ৰ খাদ্য়ৰ ওপৰত প্ৰত্য়ক্ষ বা পৰোক্ষভাবে নিৰ্ভৰশীল। তদুপৰি সকলো জীৱৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজন অক্সিজেনো সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত উৎপন্ন হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়া অবিহনে জীৱ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ।

    সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত পত্ৰহৰিৎ থকা পাতৰ কোষবোৰ (চিত্ৰ ১.২) সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন-ডাই-অক্সাইড আৰু পানী ব্য়ৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে (চিত্ৰ ১.৩)। প্ৰক্ৰিয়াটো এটা সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰি ।

    সালোকসংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়। শেষত কাৰ্ব'হাইড্ৰেট শ্বেতয়াৰলৈ পৰিৱৰ্তিত হয়। পাতত শ্বেতসাৰৰ উপস্থিতিয়ে সালোকসংশ্লেষণ ঘটাৰ ইংগিত বহন কৰে। শ্বেতসাৰো এক প্ৰকাৰৰ কাৰ্ব'হাইড্ৰেট।

    সেউজীয়া ৰঙৰ পাতৰ বাহিৰেও অন্য় পাততো পত্ৰহৰিৎ থাকে । বেছি পৰিমাণে থকা ৰঙা, বাদামী আৰু অন্য় ৰঞ্জক পদাৰ্থই সেউজীয়া ৰঙটোক আৱৰি থাকে (চিত্ৰ ১.৪)। এইবোৰ পাততো সালোকসংশ্লেষণ হয়।

    পুখুৰী বা অন্য় আৱদ্ধ পানী বিজলুৱা, সেউজীয়া আৱৰণে শেলাই (algae) নামৰ জীৱবিধৰ  বৃদ্ধিৰ বাবেহে হয়। তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে কিয় শেলাইৰ ৰং সেউজীয়া হয়? সিহঁতৰ দেহত পত্ৰহৰিৎ থাকে বাবে সিহঁত সেউজীয়া ৰঙৰ হয়। শেলায়েও সালোকসংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য় নেজে প্ৰস্থত কৰি ল'ব পাৰে।



Type: Ankur Raj Deka

Class 7 Science SCERT Book




Post ID : DABP006641