অসমৰ জলবায়ু আৰু কৃষিঃ

অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি পলসুৱা। মৌছুমি জলবায়ুৰ প্ৰভাৱ ইয়াত যথেষ্ট বৃষ্টিপাত হয় বাবে প্ৰায় গোটেই ৰাজ্য কৃষিৰ কৰণে উপযোগী। ইয়াত বসবাস কৰা লোকসকলৰ বেছি অংশৰেই জীৱিকাৰ প্ৰধান উপায় কৃষি।

অসমৰ কৃষি উৎপাদিত শস্যসমূহক তিনিটা ভাগত ভগাব পাৰি। যেনে一 খাৰিফ, ৰবি আৰু জায়দ। খাৰিফ শস্যৰ খতি এপ্ৰিল-মে' মাহত আৰম্ভ কৰি নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত চপোৱা হয়। ই ঘাইকৈ বাৰিষা কালৰ খেতি। শালি ধান, মৰাপাট, কুঁহিয়াৰ আদি খাৰিফ শস্য। কিছুমান খেতি শীতকালত আৰম্ভ কৰি জহকালিৰ আৰম্ভণি ভাগত চপোৱা হয়। এই বিধৰ শস্যক ৰবি শস্য বোলা হয়। আহুধান, বৰোধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু, মাকৈ আদি নানা ধৰণৰ শাক-পাচলি ৰবি শস্যৰ ভিতৰত পৰ। আকৌ, কিছুমান শস্যৰ খেতি এপ্ৰিল আৰু জুন মাহৰ ভিতৰত অৰ্থাৎ গ্ৰীষ্মকালৰ সময়চোৱাত কৰা হয়। এইবোৰক জায়দ বোলা হয়। যেনে-তিয়ঁহ, তৰমুজ, জিকা, ভোল, কোমোৰা, মাকৈ, আদি। এই তিনিবিধ কৃষি কাৰ্য গোটেই ৰাজ্যতে কৰা হয়। অসমত এইবিলাক খেতিৰ লগতে আলু, মূলা, কবি, লাও, বেঙেনা, আদা, আম, কঠাল, আনাৰস, নাৰিকল, অমিতা, তামোল, পাণ, কল আদিও উৎপাদন হয়। এইবোৰ কৃষি শৃংখলাবদ্ধ ৰূপত গঢ় লোৱা নাই। আমাৰ কৃষি ব্যৱস্থা ঘাইকৈ জনমূৰি সীমিত মাটি, বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীলতা, পৰম্পৰাগত কৃষি প্ৰণালী আৰু বানপানীৰ প্ৰভাৱ আদি কাৰণত এতিয়াও সকলোতে বাণিজ্যিক ভিক্তিত গঢ় লৈ উঠা নাই।


Class 7 Social Science

Type: Nayan Moni Deka