ভূ- প্ৰকৃতিঃ

ভূ -প্ৰকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ । এই দেশত প্ৰায় সকলো প্ৰকাৰৰ ভূ- অৱয়ব দেখা যায় । পৰ্বত, পাহাৰ মালভূমি, সমভূমিৰ আদি মুখ্য ভূ- অৱয়বোৰৰ লগতে সেইবোৰৰ বুকুত গঢ়ি গৌণ ভূ- অৱয়বসমূহে ভাৰতৰ ভূ- প্ৰকৃতিক অৱস্থাক বিশেষভাৱে বৈশিষ্টপূৰ্ণ কৰি তুলিছে । মােটামুটিভাৱে ক'বলৈ গ'লে ভাৰতৰ মুঠ মাটিকালিব ১০.৭ শতাংশ পর্বতেৰে , ১৮.৬ শতাংশ পাহাৰেৰে , ২৭.৭ শতাংশ মালভূমিৰে আৰু ৪৩.৩ শতাংশ সমভূমিৰে আবৃত হৈ আছে । ভাৰতৰ সমগ্ৰ উত্তৰ আৰু উত্তৰ - পূব সীমাত উচ্চ হিমালয় আৰু ইয়াৰ শাখা পর্বতমালা অৱস্থিত । এই পার্বত্য অঞ্চলত সু - উচ্চ পর্বত শৃঙ্গ , তুষাৰ নৈ , থিয় গিৰিখাত , জলপ্রপাত আদি ভূ - অৱয়ব সাধাৰণতে দেখা যায় । হিমালয় পাদদেশত শাৰী শাৰী অনুচ্ছ পাহাৰ বিস্তৃত হৈ আছে । উত্তৰ ভাৰতৰ হিমালয় আৰু ইয়াৰ শাখা পর্বতমালাৰ দৰে দক্ষিণ ভাৰতত আৰাৱলী , বিন্ধ্য , সাতপুৰা , মহাদেৱ , মহাকাল , পূর্বঘাট , পশ্চিমঘাট আদি প্রধান পর্বতশ্রেণী অৱস্থিত । পার্বত্য অঞ্চলতকৈ কিছু চাপৰ বিস্তৃত মালভূমি অঞ্চল দক্ষিণ ভাৰতত দেখা যায় । এই মালভূমি অঞ্চলক দাক্ষিণাত্য মালভূমি বুলি জনা যায় । ভাৰতত বিস্তৃত সমভূমি আছে । উত্তৰ ভাৰতত হিমালয়ৰ পার্বত্য অঞ্চলৰ পৰা বৈ অহা নদ - নদীসমূহৰ দ্বাৰা বিশাল সমভূমিৰ সৃষ্টি হৈছে । প্রধানকৈ সিন্ধু , গঙ্গা , ব্রহ্মপুত্র নদী আৰু ইহঁতৰ অলেখ উপনৈয়ে গঠন কৰা এই পলসুৱা বৃহৎ সমভুমিক সিন্ধু - গঙ্গা - ব্রহ্মপুত্র । সমভূমি বােলা হয় । আকৌ ভাৰতৰ পশ্চিমাংশত ৰাজস্থান সমভুমি অৱস্থিত । এই সমভূমি অৱশ্যে শুকান আৰু বালিময় । ইয়াক থৰ মৰুভূমি বুলি জনা যায় । ইয়াৰ উপৰি ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ঠেক উপকুলীয়া সমভূমি আছে । 

    ভাৰতত হ্ৰদৰ সংখ্যা কম । হ্রদৰ ভিতৰত কাশ্মীৰৰ উলাৰ , ৰাজপুতনাৰ পুস্কৰ আৰু সম্বৰ , উৰিষ্যাৰ চিক্কা , তামিলনাডুৰ কোলাৰ আৰু পলিকট আৰু মণিপুৰৰ লটক হ্রদেই প্রধান । নদনদীৰ ক্ষেত্ৰত অৱশ্যে ভাৰত এখন লেখত ল'ব লগীয়া দেশ । এই দেশক নদীমাতৃক দেশ বুলি কোৱা হয় । ইয়াত গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰতে উল্লেখযােগ্য নদী থকাৰ উপৰি আন ভালেমান ডাঙৰ নদী আছে । গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী । আনহাতে , দক্ষিণ ভাৰতৰ প্রধান নদীবিলাকৰ ভিতৰত নর্মদা , তাপ্তী , মহানদী , গােদাবৰী , কৃষ্ণা আৰু কাবেৰী উল্লেখযােগ্য । অৱশ্যে উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পার্থক্য দেখা যায় । এই পার্থক্যসমূহ তলত উল্লেখ কৰা হল- 

( ক ) উত্তৰ ভাৰতৰ নদীবােৰ বৰফেৰে আবৃত ওখ পর্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গােটেই বছৰ জুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰ তুলনামূলকভাৱে চাপৰ পর্বত অথবা মালভুমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্রায়েই শুকাই যায় ।

 ( খ ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি , মধ্যগতি আৰু নিম্নগতি— এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে , কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখ নেয় ।

 ( গ ) উত্তৰ ভাৰতৰ নদীবােৰৰ উপত্যকা বহল আৰু এই নদীবােৰ বহুদূৰ সমতলৰ মাজেদি বৈ যােৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য । কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰশ্রোতা । সেয়েহে এই নদীবােৰ নাব্য নহয় ।

 ( ঘ ) দক্ষিণ ভাৰতৰ নদীবােৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবােৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নির্দিষ্ট গতিপথেৰে বৈ আছে । গতিকে এই নদীবােৰে সঘনে সুতি নসলায় আৰু ইহঁতৰ প্লাৱনভূমিও ঠেক । কিন্তু উত্তৰ ভাৰতৰ নদীবােৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবােৰে সঘনে সুতি সলাই থাকে । সেয়েহে ইহঁতৰ প্লাৱনভূমি বহল ।

 ( ঙ ) উত্তৰ ভাৰতৰ নদীবােৰ বিশেষ খৰস্রোতা নহয় যদিও ইহঁতে বেছি গেদ পৰিবহণ কৰে । সেয়ে এই নদীবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয় । কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক খৰস্রোতা হােৱাৰ লগতে ইহঁতে কম পৰিমাণে গেদ পৰিবহণ কৰে বাবে জলবিদ্যুৎ উৎপাদনৰ কাৰণে উপযােগী । 

( চ ) উত্তৰ ভাৰতৰ নদী - অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হােৱাৰ বাবে ঘন বসতিপূর্ণ , কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয় । সেয়ে তাত জনবসতি সেৰেঙা হােৱা দেখা যায় । 

( ছ ) উত্তৰ ভাৰতৰ নদীবােৰ নাব্য হােৱাৰ কাৰণে এইবােৰৰ পাৰত বহুতাে ডাঙৰ চহৰ - নগৰ গঢ়ি উঠিছে । আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক নাব্য নহয় কাৰণে এই বিলাকৰ পাৰত ডাঙৰ চহৰনগৰ তেনেদৰে গঢ়ি উঠা নাই ।

 ( জ ) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈর্ঘ্য বেছি আৰু ইহঁতৰ মােহনাত বিস্তৃত ব - দ্বীপ অঞ্চলৰ সৃষ্টি হৈছে । কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মােহনা অঞ্চলত সৰু সৰু ব - দ্বীপ গঠিত হৈছে ।

 যি কি নহওক , উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ ভিন্ন বৈশিষ্ট্যৰ নদ - নদীসমূহে অবিৰতভাৱে ভাৰতৰ ভূ - প্রকৃতিৰ পৰিৱৰ্তন সাধন কৰি আহিছে । ভাৰতবৰ্ষৰ ভূ - প্রকৃতি গঠনত ইয়াৰ নদ - নদীবিলাকৰ খনন , পৰিবহণ আৰু অৱক্ষেপণ কার্যৰ প্রত্যক্ষ প্রভাৱ পৰিছে । 

আগতে উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষৰ ভূ - প্রকৃতি বৈচিত্র্যপূর্ণ । এই বৈচিত্র্যপূর্ণ ভূ প্রকৃতি সম্পর্কে ভালদৰে জানিবলৈ হ'লে দেশখনক ভূ - প্রাকৃতিক ভাগত ভগাই লােৱাটো । দৰকাৰ । ভূ - প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভূ প্রাকৃতিক ভাগত ভগাব পাৰি , যেনে—  

( ক ) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল , 

 (খ)  উত্তৰ ভাৰতৰ সমভূমি অঞ্চল 

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 

( ঘ ) উপকূল অঞ্চল ( চিত্র ৩.০১ ) । 

ইয়াৰ উপৰি বঙ্গোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৱতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূ - প্রাকৃতিক গােট হিচাপে বিবেচনা কৰিব পাৰি । 

Type Sumit Patar

Social Science Geography 9,