তাপ

৪.১ গৰম আৰু চেঁচা

    দৈনন্দিন জীৱনত আমি বহুত বস্তুৰ সংস্পৰ্শলৈ আহোঁ। ইয়াৰ কিছুমান গৰম , কিন্তু বৰফ চেঁচা। তালিকা ৪.১ তোমালোকে সাধাৰণতে ব্য়ৱহাৰ কৰা বস্তু কিছুমানৰ নাম লিখা। এই চিহ্নত কৰা ।

অতি উত্তপ্ত বস্তু স্পৰ্শ নকৰিবা। মমবাতিৰ শিখা বা চৌকাৰ ব্য়ৱহাৰ সময়ত সাৱধান হ'বা

        আমি দেখিলোঁ যে কিছুমান বস্তু চেঁচা আৰু কিছুমান গৰম। তোমালোকেও জনা যে কিছুমান বস্তু আন কিছুমানকৈ অধিক গৰম আৰু কিছুমান বস্তু আন কিছুমানকৈ অধিক চেঁচা। কোনো এটা বস্তু আন এটাতকৈ যে অধিক গৰম সেইকেটা আমি কেনেকৈ গম পাওঁ? আমি সৰাচৰ স্পৰ্শৰ যোগেদি বস্তুৰ গৰম-চেঁচা অনুভৱ কৰোঁ। কিন্তু আমাৰ স্পৰ্শৰ অনুভতি নিৰ্ভৰযোগ্য় নে? আলোচনা কৰোঁ আহা।

ক্ৰয়াকলাপ ৪.১

তিনিটা জাঙৰ পাত্ৰ লোৱা। এই কেইটাক A, B, C হিচাপে নামকৰণ কৰা। A পাত্ৰত চেঁচা পানী আৰু B পাত্ৰত গৰম পানী লোৱা। C পাত্ৰত গৰম আৰু চেঁচা পানী মিহলাই লোৱা।

পানীখিনি যাতে হাত পুৰি যোৱাকৈ অত্য়ন্ত গৰম নহয় সেইটো নিশ্চিত কৰিবা 

এতিয়া তোমাৰ বাঁওহাতখন A পাত্ৰত আৰু সোঁহাতখন B পাত্ৰত ডুবাই দিয়া। হাৰ দুখন পাত্ৰৰ পানীত ২-৩ মিনিটমান ডুবাই ৰখাৰ পিছত দুয়োখন হাত একে সময়তে C পাত্ৰত সুমুৱাই দিয়া। দুয়োখন হাকৰ অনুভৱ একেইনে ?

প্ৰজ্ঞানে বিভ্ৰান্তীয়ে প্ৰতীয়মান কৰিলে যে বস্তু এটা গৰম নে চেঁচা তাক জানিবলৈ আমি স্পৰ্শ ইন্দ্ৰিয়নৰ ওপৰত সদায় নিৰ্ভৰ কৰিব নোৱাৰোঁ। কেতিয়াবা ই আমাক প্ৰতাৰিত তকৰিব পাৰে।

     তেন্তে বস্তু এটাৰ প্ৰকৃত উত্তাপ আমি কেনেকৈ নিৰ্ণয় কৰিম? বস্তুৰ উত্তাপৰ নিৰ্ভৰযোগ্য় জোখ হ'ল ইয়াৰ উষ্ণতাতাপমেতা বা থাৰ্ম'মিটাৰ নামৰ সঁজুলিৰ সহায়ত উষ্ণতা জোখা হয়।


Type : Ankur Raj Deka

Class 7 Science SCERT Book