গুৰুমণ্ডলঃ

কাষৰ ২.২ চিত্ৰটিলৈ মন কৰা। চিত্ৰত দেখুওৱাৰ দৰে ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। এই স্তৰটো প্ৰায় ২,৯০০ কিল'মিটাৰ ডাঠ। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰু হিচাপে দুটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰত সাধাৰণতে ছিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক 'ছিমা' (Sima) স্তৰ বুলিও জনা যায়। "Sima" শব্দৰ 'Si' য়ে ছিলিকন আৰু 'Ma' য়ে মেগনেছিয়াম বুজাইছে।

Type: Nyan Moni Deka