বতাহ বা বায়ুপ্ৰবাহৰ সংজ্ঞা 

সাধাৰণতে বায়ুমগুলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে । বায়ুৰে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্ৰবাহ বোলা হয় । অৰ্থাৎ বায়ুৰ গতিশীল অৱস্থাই হল বতাহ । সাধাৰণতে এই বায়ুপ্ৰবাহ ভূ- পৃষ্ঠৰ সমান্তৰালভাৱে হয় । মূলতঃ বায়ুৰ গতি দুই প্ৰকাৰৰ - (১) অনুভূমিক প্ৰবাহ আৰু (২) উল্লম্বিক প্ৰবাহ বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূ- পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়াৰ তাকেই বতাহ বা বায়ুপ্ৰবাহ বোলে । বায়ুৰ এই গতি সদায় অনুভূমিক । আনহাতে বায়ু যেতিয়া উৰ্দ্ধগামী হয় তেতিয়া তাক উল্লম্বিক প্ৰবাহ বা স্ৰোত বোলে । কিন্তু জানিবলগীয়া যে যদিও বায়ু অনুভূমিক আৰু উল্লম্বিকভাৱে সঞ্চালিত হয় , তথাপি অনুভূমিক বায়ুপ্ৰবাহহে বেছি গুৰুত্বপূৰ্ণ । কাৰণ বায়ুমগুলত থকা বায়ুৰ অনুভূমিক প্ৰবাহৰ পৰিমাণ উল্লম্বিক প্ৰবাহৰ তুলনাত বহুগুণে বেছি । অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এখন ঠাইৰ বতৰ আৰু জলবায়ু সেই ঠাইখনত প্ৰবাহিত বতাহৰ বৈশিষ্ট্যৰ ওপৰতহে বাৰুকৈ নিৰ্ভৰ কৰে । দৰাচলতে বায়ুপ্ৰবাহ বায়ুমগুলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অঅতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমগুলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে । সেয়ে বহল অৰ্থত ইয়াক, বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয় । 

Type: Sumit Patar

Social Science Geography 9,



Post ID : DABP006605