পৃথিৱীৰ বায়ুচাপ বলয়

     আমি ইতিমধ্যে জানিব পাৰিছো যে পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নাথাকে। অৰ্থাৎ কোনো ঠাইত বায়ুৰ চাপ বেছি (উচ্চ চাপ) আৰু কোনো ঠাইত বায়ুৰ চাপ কম (নিম্ন চাপ)। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থৎ বায়ুৰ চাপ যি ঠাইত বেছি সেই ঠাইৰ পৰা চাপ কম থকা ঠাইলৈ বায়ুৱে গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বোলা হয়। যিহেতু বায়ুৰ গতি চাপৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে পৃথিৱীৰ বায়ু প্ৰৱাহৰ গতি-বিধি বুজিবলৈ পৃথিৱীৰ চাপ বলয় বা চাপ মগুলৰ  Pressure Belt) বিষয়ে জনাটো প্ৰয়োজনীয়।

পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে দুই প্রকাৰৰ বায়ুৰ চাপ লক্ষ্য কৰা হয়— (১) উচ্চচাপ ( High Pressure ) আৰু (২) নিম্নচাপ ( Low Pressure )।  মূলতঃ ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পার্থক্যৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চচাপ আৰু নিম্নচাপৰ সৃষ্টি হয়।  বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্রধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে— 

( ক ) নিৰক্ষীয় নিম্নচাপ বলয়( Equatorial Low Pressure Belt )

( খ ) উপক্রান্তীয় উচ্চচাপ বলয়( Sub - Tropical Hight Pressure Belt )

( গ ) উপ - মেৰুদেশীয় নিম্নচাপ বলয়( Sub - Polar Low Pressure Belt ) 

( ঘ ) মেৰুদেশীয় উচ্চচাপ বলয় ( Polar High Pressure Belt ) 

তলত উপৰােক্ত চাৰিওটা চাপ বলয়ৰ চিত্রসহ বিৱৰণ দিয়া হ’ল ( চিত্র ২.৪ ) ।

( ক ) নিৰক্ষীয় নিম্নচাপ বলয়ঃ

  বিষুৱ ৰেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০ ° অক্ষাংশ আৰু দক্ষিণে ১০ ° অক্ষাংশৰ মাজত প্রায় গােটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস পায়।  ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে , এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হােৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূ -পৃষ্ঠৰ সমান্তৰালভাৱে কোনাে বতাহ বলাটো পৰিলক্ষিত নহয়। বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভূত হয়। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল ( Equatorial Doldrum )বুলি জনা যায়।

 ( খ ) উপ - ক্রান্তীয় উচ্চচাপ বলয়ঃ

 নিৰক্ষীয় অঞ্চলৰ পৰা উর্ধ্বগামী হােৱা আর্দ্র আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। ঊর্ধ্বগামী হােৱা এই বায়ুৰাশি পিছত ক্রমে ঠাণ্ডা হ’বলৈ ধৰে আৰু ফলত গধুৰ হয়।  ২৫-৩৫ উত্তৰ আৰু ২৫ °- ৩৫ ° দক্ষিণ অক্ষাংশৰ দুই উপক্রান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে। তদুপৰি দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কর্কটক্রান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত নহয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নােৱাৰা হয়। মধ্যযুগত ইউৰােপীয় নাৱিকসকলে এই অঞ্চলত জাহাজ চলােৱাত যথেষ্ট অসুবিধা পাইছিল।  বতাহৰ চলাচল প্ৰায় নকাৰ ফলত জাহাজ চলাব  নোৱাৰাৰ বাবে নাৱিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰ পানীত পেলাই দিছিল। এইবাবেই  উপক্রান্তীয় উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলি  জনা যায় । উল্লেখযোগ্য যে উপক্ৰান্তীয় উচ্চচাপ মগুলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয় । 

(গ) উপ- মেৰুদেশীয় নিম্নচাপ বলয় ঃ 

উপ - মেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ৬০ ° -৭০ ° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ ৬০ ° -৭০ ° দক্ষিন অক্ষাংশত অৱস্থিত । পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপ- মেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি । ফলত উপমেৰু অঞ্চলৰ বায়ু উপ- ক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পাই তাত নিম্নচাপৰ সৃষ্টি হয় । এই চাপমগুলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে ।

 (ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ 

পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাগুা । ইয়াৰ বায়ু অতিশয় শীতল । অতিপাত ঠাগুাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে । সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই । ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে । সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মগুল বোলা হয় । 

উপৰোক্ত আলোচনা পৰা দেখা গল যে চাপমগুলবোৰ অক্ষাংশৰ বিস্তৃতি উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ প্ৰায় একেই থাকে । কিন্ত্ত মন কৰিবলগীয়া যে পৃথিৱীৰ  জলভাগ আৰু স্থলভাগৰ অৱস্থান আৰু অৱস্থিতি অনুসৰি এই চাপমগুলবোৰৰ মাজত কিছু পাৰ্থক্য দেখা যায় । উদাহৰণস্বৰূপে, একে অক্ষাংশত অৱস্থিত হলেও জলভাগ আৰু স্থলভাগৰ মাজত থকা উত্তাপৰ তাৰতম্যৰ বাবে চাপৰো তাৰতম্য ঘটে । এনে ক্ষেত্ৰত একোটা চাপমগুলৰ ভিতৰতে কিছুমান সৰু সৰু চাপ- কক্ষ ৰ সৃষ্টি হয় । বছৰটোৰ শীতকাল আৰু গ্ৰীষ্মকালত পৃথিৱীৰ জলভাগ আৰু স্থলভাগ ভেদে এনে বায়ুচাপ- কক্ষবোৰৰ অৱস্থানৰ পৰিৱৰ্তনো অতি লক্ষণীয় । 


Type: Sumit Patar

Social Science Geography 9,



Post ID : DABP006604