বায়ুৰাশি 
উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে । দৰাচলতে কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিৰাৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয়  আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়ুৱে নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে । সেয়ে উল্লম্বিক দিশত ভূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয় । এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হলেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে । স্বাভাৱিকতে অপসাৰী হােৱা বায়ু অঞ্চলতেই বায়ুৰাশিৰ সৃষ্টি হয় । জানিবলগীয়া যে উল্লম্বিক তাপ বিতৰণে বায়ুৰ শীতলতা আৰু উষ্ণতাৰ উপৰি বায়ুৰাশিৰ স্থিৰতা ( Stability ) আৰু অস্থিৰতাৰ ( Instability ) বিষয়েও ইঙ্গিত দিয়ে । একোটা বায়ুৰাশিয়ে উৎস স্থান ত্যাগ কৰি প্রবাহিত হলে উত্তাপ বিতৰণৰ তাৰতম্য হয় যদিও বায়ুৰাশিটোৰ অনুভূমিক তাপ আৰু আৰ্দ্ৰতাৰ  বিতৰণ অধ্যয়নৰ জৰিয়তে ইয়াৰ উৎসভূমি চিনাক্ত কৰিব পাৰি । গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয় । বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্রবাহিত হওঁতে বতৰৰ পৰিবর্তন ঘটোৱাৰ উপৰি নিজৰাে উত্তাপ - আদ্রর্তাৰ পৰিবর্তন হয় । বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি— 

( ১ ) ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি ( Tropical Continental Air mass , cT ) 
( ২ ) ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি ( Tropical Maritime Air mass , mT ) 
(৩) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি ( Polar Continental Air mass , cP ) 
( 8 ) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি ( Polar Maritime Air mass , mP ) এই বায়ুৰাশিক উষ্ণতা আৰু গতিশীলতাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ বিভক্ত কৰিব পাৰি ।
Type Sumit Patar
Social Science Geography 9







Post ID : DABP005328