বাতাগ্ৰ 

যেতিয়া উত্তাপ আৰ্দ্ৰতা চাপ ঘনত্ব আদিৰ তাৰত্যমৰ থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সম্মুখীন হয় ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয় । ইয়াকে বাতাগ্ৰ বোলা হয় । এনে বাতাগ্ৰতে বতৰ পৰিৱৰ্তন হয় । জানিবলগীয়া যে বাতাগ্ৰ সৃষ্টি হবলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন - ১) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হব লাগিব আৰু ২) বায়ুপ্ৰবাহ অভিসাৰী হব লাগিব যাতে দুই বায়ুৰাশি বিপৰিতে দিশৰ পৰা পৰস্পৰৰ অভিমূখে প্ৰবাহিত হয় । বিপৰীতে গুণসম্পন্ন এনে দুটা বায়ুৰাশিৰ মিলন হলে তুলনামূলকভাৱে  উষ্ণ পাতল বায়ু  শীতল গধুৰ বায়ুৰ ওপৰত অবতৰণ কৰি এক সাম্য বা সুস্থিৰ অৱস্থাত থাকে ।বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমূখী হোৱাৰ ফলত বায়ুৰ অসপৰণ হয় আৰু বাতাগ্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপআৰু আৰ্দ্ৰতাৰ পৰিবৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয় ।

প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰবোৰক প্ৰধানকৈ চাৰিটা শ্ৰেণী বিভক্ত কৰা হয় - ১) শীতল বাতাগ্ৰ ২) উষ্ণ বাতাগ্ৰ ৩) অচল বাতাগ্ৰ আৰু ৪) অন্তৰ্ধৃত বাতাগ্ৰ এই বাতাগ্ৰ কেইটাৰ সংজ্ঞা তলত দিয়া হল ।

শীতল বাতাগ্ৰঃ-  যি বাতাগ্ৰত  শীতল বায়ুৰাশিয়ে  উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰ বোলে ।

উষ্ণ বাতাগ্ৰঃ-  যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিক কৰে তাকে উষ্ণ বাতাগ্ৰ বোলে । 

অচল বাতাগ্ৰঃ- যি বাতাগ্ৰই সংশ্লিষ্ট বায়ুৰাশিক স্থানন্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থা্কে তাক অচল বাতাগ্ৰ বোলে । 

অন্তৰ্ধৃত বাতাগ্ৰঃ- যেতিয়া শীতল আৰু উষ্ণ বাতাগ্ৰৰ মিলন হৈ নিজ নিজ ধৰ্মৰ পৰিৱৰ্তন হৈ এক নতুন মিশ্ৰিত ধৰ্মসম্পন্ন বাতাগ্ৰৰ সৃষ্টি কৰে সেই বাতাগ্ৰকে অন্তৰ্ধৃত বাতাগ্ৰ বোলা হয় । 

Type Sumit Patar.

Social Science Geography 9,




Post ID : DABP005329