7.2 শ্ৰেণী বিভাজন আৰু ক্ৰমবিকাশ (Classification and evolution)

সকলোবিলাক জীৱকে সিহঁতৰ দেহৰ অবয়ৱ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰিয়েই চিনাক্তকৰণ কৰি বিভাজন কৰি বিভাজন কৰা হয়। জীলবিলাকৰ কিছুমান চৰিত্ৰ অন্য় কিছুমান চৰিত্ৰতকৈ বিভিন্ন দিশৰ পৰা পৰিবৰ্ত্তন হৈ অহা দেখা যায়। এই ক্ষেত্ৰত সময়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। জীৱ দেহৰ কোনো এটা চৰিত্ৰৰ ফদ্ভৱ হোৱাৰ পাচত সেই চৰিত্ৰটোৰ পৰাই পৰবৰ্ত্তি কালত পৰিবৰ্তন সাধি পুনৰ নতুন নতুন চৰিত্ৰৰ উদ্ভৱ হোৱাত সহায় কৰে। অৰ্থাৎ পিছত উদ্ভৱ হোৱা চৰিত্ৰটো বেচি মৌলিক বুলি গণ্য কৰা হয়।

    ইয়াৰ অৰ্থ হ'ল জীৱ জগতৰ শ্ৰেণী বিভাজন প্ৰক্ৰিয়াটো জীৱৰ ক্ৰমৰ বিকাশৰ লগত ওতঃপ্ৰোতঃ সম্বন্ধ আছে। ক্ৰমবিকাশ মানে কি? আমি বৰ্তমান কলত দেখিবলৈ পোৱা প্ৰায়খিনি জীৱই সিহঁতৰ দেহৰ গঠন এনেকৈ পৰিবৰ্ত্তন সাধি আহি আহি এই অৱস্থা পাইছেহি যে সিহঁতে পূৰ্বৰ অৱস্থাতকৈ বেছি ভালদৰে জীৱন নিৰ্বাহ কৰি জীয়াই থাকিব পাৰে। 1859 চনত চাৰ্লচ ডাৰউইন এ পোন প্ৰথমে তেখেতৰ "অৰিজিন অৱ স্পেচিছ্" নামৰ গ্ৰন্থখনত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰিছিল।

        ক্ৰমবিকাশৰ ধাৰণাটো শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ লগত সাঙুৰি চালে দেখা পোৱা যায় যে জীৱজগতৰ কিছুমান ভাগৰ জীৱবিলাকৰ দেহৰ অৱয়ব প্ৰাচীন জীৱবিলাকতকৈ বৰ বেচি পৰিবৰ্ত্তন বা ৰূপান্তৰ ঘটা নাই। আমি এনে কিছুমান জীৱও দেখা পাওঁ যে যিবিলাকে দেহৰ আৰ্হিটো এনেকৈ অভিযোজন কৰি লয়। যাতে সিহঁতে তুলনামুলকভাৱে পিছতীয়াকৈ উদ্ভৱ হৈও বৰ্ত্তমান কালৰ পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰে। প্ৰথমভাগৰ জীৱবিলাক বা “নিম্ন স্তৰৰ জীৱ” (Primitive) আৰু দ্বিতীয় ভাগৰ জীৱবিলাকক “অগ্রগামী” বা উচ্চস্তৰীয় জীৱ’ (Advance (i) বুলি আখ্যা দিয়া হয়। প্রকৃততে, এই নাম (term) বিলাক ব্যৱহাৰ কৰাটো শুদ্ধ নহয় কাৰণ সিহঁতবিলাকৰ মাজত থকা পার্থক্যবিলাকৰ সঠিককৈ সম্পর্ক নাই। ইয়াৰ পৰিৱৰ্তে আমি এনেকৈয়াে ক'ব পাৰাে যে কিছুমান জীব অতীত কালৰ আৰু আন কিছুমান জীৱ বৰ্তমান কালৰ। যিহেতু ক্রমবিকাশৰ গতি ধাৰাত জীৱবিলাকৰ দেহৰ তাবয়ব বা আৰ্হি সৰল পর্যায়ৰ পৰা জটিল পর্যায়ৰ ফালে ধাবিত হয় সেয়েহে আমি এনেদৰে ক'ব পাৰোঁ যে অতীতৰ জীৱবিলাক সৰল পর্যায়ৰ আনহাতে বর্তমান কালৰ জীৱবিলাক অধিক জটিল পর্যায়ৰ।

 

 অধিক জ্ঞানৰ বাবে

 

 জৈৱ বৈচিত্ৰতাৰ অৰ্থ হ'ল জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা। সাধাৰণতে কোনো এটা অঞ্চলত থকা বিভিন্ন জীৱৰ সমষ্টিক বুজাবৰ বাবে এই শব্দটো ব্য়ৱহাৰ কৰা হয়। জীৱই এই বিচিত্ৰতা পৰিৱেশৰে একৰ অংশ আৰু প্ৰত্য়েকেই ইটোৱে সিটোক প্ৰভাৱিত কৰে। ইয়াৰ ফলতে এটা সুস্থিৰভাবে সমূহিক জীৱকুলৰ সৃষ্টি হয়। এনে সুস্থিৰ সামূহিক জীৱকুলৰ গুৰুত্ব বৰ্তমান মানুহৰ কিছুমান কাৰ্যকলাপৰ প্ৰভাৱত ক্ৰমে ভাৰসাম্য়হীন ফালে ধাবিত হৈছে। সি যিয়েই নহওঁক, সামূহিক জীৱকূলৰ বিচিত্ৰতাক বিশেষকৈ মাটি, পানী, জলবায়ু আৰু নানান কাৰকে  প্ৰভাৱিত কৰে। এটা সমীক্ষাৰ  মতে, যদিও আমি এতিয়ালৈকে মাত্ৰ 1 ৰ পৰা 2 নিযুতমান জীৱৰ বিষয়েহে জানিব পৰা হৈছো। আমাৰ এই গ্ৰহটোত প্ৰায় 10 নিযুতমান প্ৰজাতি আছে বুলি ঠাৱৰ কৰা হৈছে। পৃথিৱীৰ ক্ৰান্তিয় অঞ্চলৰ উষ্ণ আৰু সেমেকা ঠাইত বিশেষকৈ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ মাজত উদ্ভিদ আৰু প্ৰাণীৰ বিচিত্ৰতাক অধিক চহকী। এই অঞ্চলটোকে বৃহৎ জীৱ বিচিত্ৰতা মণ্ডল বুলি আখ্য়া দিয়া হয়। পৃথিৱীৰ নামৰ এই গ্ৰহটোৰ মুঠ জীৱ বিচিত্ৰতাৰ আধাতকৈয়ো বেচি গুণে ব্ৰাজিল, কলম্বিয়া, ইকুৱেদৰ, পেৰু, মেক্সিকো, জাইৰো, মাদাগাস্কাৰ, অষ্ট্ৰেলিয়া, চীন, ভাৰত, ইন্দোনেচিয়া আৰু মালয়েচিয়া দেশ কেইখনতে সীমাবদ্ধ হৈ আছে।


প্ৰশ্নাৱলী

1.    কোনবোৰ জীৱকনিস্তৰীয় জীৱ বুলি কোৱা হয়। আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

2.    উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কিয়?


Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria