৮.৫ বিজুলী ঢেকেনিৰে সৈতে ধুমুহা আৰু ঘূর্ণিবতাহঃ 

        ভাৰতবৰ্ষৰ নিচিনা কিছুমান উষ্ণ আৰু আদ্র বিষুবীয় অঞ্চলত সঘনে বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহাৰ সৃষ্টি হয় । উষ্ণতা বঢ়াৰ লগে লগে বতাহ সজোৰে ঊর্ধ্বগামী হয় । এই ঊর্ধ্বগামী বতাহে পানীৰ কণিকাবােৰ ওপৰলৈ কঢ়িয়াই নিয়ে যত সিহঁত ঘনীভূত হয় আৰু পুনৰ তললৈ সৰি পৰে । অধােগামী পানীৰ কণিকা আৰু ঊর্ধ্বগামী বায়ুৰ দ্রুত চলনৰ ফলত বিজুলী আৰু শব্দৰ সৃষ্টি হয় । এই পৰিঘটনাটোৱে হ’ল বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা। তােমালােকে বিজুলীৰ বিষয়ে উচ্চ শ্ৰেণীত পঢ়িবলৈ সুযােগ পাবা ।


ধুমুহাৰ সৈতে বিজুলী আহিলে আমি নিম্নলিখিত সতর্কতাবােৰ গ্ৰহণ কৰা উচিত ?

অকলশৰীয়া গছৰ তলত আশ্রয় নলবা । যদি কিবা কাৰণত বনাঞ্চলত থাকা তেন্তে সেই অৱস্থাত সৰু গছ এডালৰ তলতহে আশ্রয় লবা । মাটিত শুই নপৰিবা ।

ধাতুৰ মাৰি থকা ছাতিৰ তলত আশ্রয় নলবা । খিৰিকীৰ ওচৰত নবহিবা । মুকলি গেৰেজ , গুড়ামৰ চালি বা ধাতুৰ চালি আশ্রয়ৰ বাবে । নিৰাপদ স্থান নহয় ।

মটৰ - গাড়ী বা বাছ আশ্রয়ৰ বাবে নিৰাপদ স্থান ।

তুমি যদি পানীত আছা , তেন্তে লগে লগে উঠি আহি ঘৰৰ ভিতৰত সােমােৱা ।


বিজুলী ঢেকেনিৰ সৈতে অহা ধুমুহা কেনেকৈ ঘূর্ণির্বতাহত পৰিণত হয়?

 তােমালােকে জানা যে পানী জুলীয়া অৱস্থাৰপৰা বাষ্পলৈ ৰূপান্তৰিত হ'বলৈ হ'লে তাপৰ প্রয়ােজন হয় । যেতিয়া বাষ্প ঘনীভূত হৈ পুনৰ জুলীয়া হয় তেতিয়া পানীয়ে তাপ এৰি দিয়ে নেকি ? তােমাৰ কোনাে অভিজ্ঞতাই এই সন্দৰ্ভত আলােকপাত কৰেনে ?


ঘূর্ণিবতাহৰ গঠন

ঘূর্ণিবতাহৰ গঠন ঘূর্ণিবতাহৰ কেন্দ্রবিন্দু এটা শান্ত অঞ্চল । ইয়াক ধুমুহাৰ চকু ( eye ) বুলি কোৱা হয় । এটা বৃহৎ ঘূর্ণিবতাহ হ'ল । বায়ুমণ্ডলত ১০-১৫ কি.মি. উচ্চতাত ক্ষিপ্র গতিৰে ঘূর্ণায়মান বায়ুৰ পঞ্জীভূত এটা থুপ । ধুমুহাৰ চকুৰ ব্যাস ১০ ৰ পৰা ৩০ কিলােমিটাৰ পর্যন্ত ( চিত্র ৮.১১ ) হ'ব পাৰে । এই অঞ্চলটো মেঘবিহীন আৰু ইয়াত পাতলকৈ বতাহ বলি থাকে । শান্ত আৰু নির্মল চকুটোৰ চাৰিওফালে (চিত্র ৮.১২) প্রায় ১৫০ কি.মি , ব্যাপি মেঘে ঢাকা অঞ্চল এটা থাকে। এই অঞ্চলত তীব্র গতিযুক্ত বতাহ (১৫০-২৫০ কি.মি. / ঘণ্টা) আৰু প্রবল বৰষুণৰ সৈতে ঘন মেঘাে থাকে। কিন্তু অঞ্চলটোৰ পৰা আঁতৰলৈ বতাহৰ কোব ক্রমান্বয়ে কমি যায়। ঘূর্ণিবতাহৰ সৃষ্টি এক জটিল প্রক্রিয়া। চিত্র ৮.১১ ত ইয়াৰ এটা আহি দেখুওৱা হৈছে।


        মেঘ গঠনৰ আগে আগে পানীয়ে বায়ুমণ্ডলৰপৰা তাপ গ্রহণ কৰি বাষ্পলৈ ৰূপান্তৰিত হয় । যেতিয়া জলীয়বাষ্পই বৰষুণৰ কণিকাৰ ৰূপত পূৰায় জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হয় তেতিয়া পূর্বে গৃহীত তাপ বায়ুমণ্ডললৈ এৰি দিয়ে । বায়ুমণ্ডললৈ এৰি দিয়া তাপে ইয়াৰ চাৰিওফালৰ বায়ু উত্তপ্ত কৰে । উত্তপ্ত বায়ু ওপৰলৈ উঠিবলৈ ধৰে আৰু ফলত বায়ুৰ চাপ কমিব ধৰে । ধুমুহাৰ কেন্দ্ৰলৈ অন্য ঠাইৰ পৰা বায়ু প্রবাহিত হ’বলৈ আৰম্ভ কৰে । এই চক্ৰটো বাৰম্বাৰ সংঘটিত হয় । এই সমুদায় ঘটনাপ্রৱাহৰ শেষত এটা অতি নিম্নচাপ সৃষ্টি হয় , যাৰ চাৰিওফালে বায়ুৰ স্রোত তীব্র গতিৰে ঘূর্ণায়মান অৱস্থাত থাকে । বৰ এই অৱস্থাটোকে আমি ঘূর্ণিবতাহ বুলি কওঁ । বতাহৰ প্ৰতি , বতাহৰ দিশ , উষ্ণতা আৰু আতাই ঘূর্ণিবতাহৰ সৃষ্টি আৰু বিকাশত অৰিহণা যােগায় ।





Type: Ankur Raj Deka 

Class 7