৯.১ মাটিত বিভিন্ন জীৱৰ সমাৱেশঃ

 বাৰিষাৰ কোনােবা এদিন প্রহেলিকা আৰু প্ৰজ্ঞানে মাটিৰ পৰা কেঁচু এডাল ওলাই অহা দেখা পালে । প্রহেলিকাৰ দেখি কৌতুহল হৈছিল কিজানিবা মাটিৰ ভিতৰত আন জীৱও থাকিব পাৰে । আমি বিচাৰোঁ আহা । 

ক্রিয়াকলাপ ৯.১

 মাটিৰ কিছুমান নমুনা সংগ্রহ কৰা আৰু এইবােৰ ভালদৰে নিৰীক্ষণ কৰা । তুমি আতছী কঁাচ এখনাে ব্যৱহাৰ কৰিব পাৰা । প্রতিটো নমুনা ভালদৰে নিৰীক্ষণ কৰি তালিকা ৯.১ খন পূৰ কৰা ।

 তােমাৰ এই নিৰীক্ষণবােৰ বন্ধুবােৰৰ সৈতে আলােচনা কৰা । 

তােমাৰ বন্ধুৰবাৰে সংগ্ৰহ কৰা মাটিৰ নমুনাবােৰৰ লগত তুমি সংগ্রহ কৰা নমুনাবােৰৰ কিবা সাদৃশ্য আছে নেকি ?

 প্রজ্ঞান আৰু প্ৰহেলিকাই মাটি বিভিন্ন ধৰণে ব্যৱহাৰ কৰে । তেওঁলােকে মাটিৰে খেলি আনন্দ পায় । সঁচাকৈয়ে ই এটা আমােদজনক ধেমালি।


 পলিথিন বেগ আৰু প্লাষ্টিকে মাটি প্ৰদূষিত কৰে। এইবােৰে মাটিত জীয়াই থকা জীৱবােৰকো ধ্বংস কৰে। সেইবাবে পলিথিন বেগ আৰু প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবী উঠিছে। মাটি প্ৰদূষিত কৰা আন পদার্থবােৰ হল বিভিন্ন ধৰণৰ আৱৰ্জনা, ৰাসায়নিক দ্রব্য আৰু কীটনাশক। পেলােৱাৰ আগতে আৱৰ্জনা আৰু ৰাসায়নিক দ্রব্যবােৰৰ উপচাৰ (treatment) কৰি ল'ব লাগে। কীটনাশকবােৰৰ ব্যৱহাৰাে কমাব লাগে।


Type : Ankur Raj Deka

Class 7