পদ্ধতি ( Procedures )

 ৰাজহুৱা যুক্তিৰ গুৰুত্ব বিধানমণ্ডলৰ পদ্ধতিৰ মাজতাে ফুটি উঠে । সংবিধান সভাৰ আঠখন গুৰুত্বপূৰ্ণ কমিটি আছিল । সাধাৰণতে জৱাহৰলাল নেহেৰু , ৰাজেন্দ্র দাস , চৰ্দাৰ পেটেল , মৌলানা আবুল কালাম আজাদ বা ডঃ আম্বেদকাৰ আদি নেতাসকলে এই সমিতিবােৰ বৈঠকত সভাপতিত্ব কৰিছিল । এখেতসকলৰ আন সদস্যসকলৰ সৈতে সকলো বিষয়তে একমত নাছিল । ড.আম্বেদকাৰে কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীক চোকা সমালােচনা কৰিছিল আৰু তেওঁলােকৰ বিৰুদ্ধে এই বুলি অভিযােগ আনিছিল যে-  তেওঁলােকে অনুসূচীত জাতিৰ লােকসকলৰ উন্নয়নৰ বাবে কোনাে ধৰণৰ বাস্তৱ পদক্ষেপ লব পৰা নাই । সাধাৰণতে সিদ্ধান্তবােৰ সর্বসন্মতভাবে লােৱাৰ বাবে চেষ্টা কৰা হৈছিল । এইটো ভৰা হৈছিল যে— সর্বসন্মত

 “ মই অন্তঃকৰণেৰে উপলব্ধি কৰিছাে যে যি উদ্দীপনা আৰু নিষ্ঠাৰে খচৰা কমিটিৰ সদস্য সকলে , বিশেষকৈ এই কমিটিৰ সভাপতি বি.আৰ. আম্বেদকাৰে তেখেতৰ অসুখীয়া স্বাস্থ্য সত্বেও কাম কৰিলে সেইয়া অন্য কোনেও কৰিব নােৱাৰিলেহেঁতেন । তেওঁক খচৰা কমিটিত অন্তর্ভুক্ত কৰা আৰু এই কমিটিৰ সভাপতি হিচাবে মনােনীত কৰাটোৰ সমান শুদ্ধ সিদ্ধান্ত আৰু একো হ’ব নােৱাৰে । তেওঁ যে তেওঁক নির্বাচিত কৰা সিদ্ধান্ত প্রতিহে ন্যায় কৰিলে তেনে নহয় , তেওঁ কৰা কামৰৰ সুখ্যাতি ৰাখিলে । এই ক্ষেত্ৰত কমিটিৰ অন্যান্য সদস্যসকলৰ লগত পার্থক্য অনাটো নিতান্তই অশুভ কথা হ'ব । মই জানাে যে সভাপতিৰ দৰেই তেওঁলোক সকলােৱেই একে উদ্যম আৰু নিষ্ঠাৰে কাম কৰিলে আৰু তেওঁলােক সকলােৱেই সমগ্ৰ দেশৰ ধন্যবাদৰ পাত্র । ” 

ড ° ৰাজেন্দ্র প্রসাদ

সংবিধান সভা বিতর্ক , ভলিউম XI , ২৬ নৱেম্বৰ , ১৯৪৯

সিদ্ধান্তসমূহৰ কোনো নিৰ্দিষ্ট স্বাৰ্থৰ বিৰুদ্ধে নাযাবা । সংবিধান সভাৰ কিছুমান সিদ্ধান্ত ভোটৰ জৰিয়তে গ্ৰহণ কৰা হৈছিল । কিন্তু প্ৰত্যেক ক্ষেত্ৰতে এটা সাধাৰণ প্ৰশ্নকো সমানেই গুৰুত্ব দিয়া হৈছিল আৰু লিখিত ৰূপত তাত প্ৰকাশ কৰা হৈছিল। সাংবিধানিক সভআ ১৬৬ দিন ধৰি বহিছিল আৰু ই দুই বছৰ এঘা৩ৰ মাহ সামৰি লৈছিল । ইয়াৰ বৈঠকবোৰ সকলোৱে কাৰণে মুকলি আছিল আৰু বাতৰি কাকত নতথা জনসাধাৰণ সকলোৱে এই বৈঠকবোৰত উপস্থিত থাকিব পাৰিছিল।

Type Sumit Patar

Class 11 Political Science