আৰ্থ-সামাজিক  উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা 

সপ্তম শ্ৰেণীৰ পাঠত অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা সম্পৰ্কে তোমালোকে ইতিমধ্যে কিছু আভাস পাইছা। দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰাটোৱেই হ'ল চৰকাৰ এখনৰ মূল লক্ষ্য়। দেশ এখনৰ আৰ্থিক উন্নয়ন নিৰ্ভৰ কৰে ঘৰুৱা উৎপাদন বৃদ্ধি হোৱা মানে দেশৰ আয় বৃদ্ধি হোৱা। এখন দেশৰ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত সেৱা আৰু সামগ্ৰীৰ পৰা দেশখনে এবছৰত যিমানখিনি আয় লাভ কৰে তাক সেইখন দেশৰ ৰাষ্ট্ৰীয় আয় বোলে। দেশৰ জনসংখ্য়া বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বেছি হ'লে  জনমূৰি আয় বৃদ্ধি পায় বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰে। তোমালোকে পাই  আহিছা যে অৰ্থনৈতিক উন্নয়নৰ মৌলিক ব্য়ৱস্থাসমূহৰ বিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়. অনাময়, বিজুলী যোগান, টেলফোন  আদিয়ে প্ৰধান। এই ব্যৱস্থাসমূহে (যাক আমি আন্তঃগাঁথনি বুলি জানো) উৎপাদন বৃদ্ধিত সহায় কৰে। উৎপাদন বৃদ্ধি মানে আয় বৃদ্ধি হোৱা। বৰ্ধিত আয় অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি। ওপৰত উল্লিখিত ব্যৱস্থাসমূহৰ সুফল সৰ্বস্তৰৰ মানুহে সমানে ভাগ কৰিব পাৰিলেহে দেশ এখনৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হ'ব পাৰে। অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়ন (চমুকৈ যাক আৰ্থ-সামাজিক উন্নয়ন বোলা হয়)- এই দুয়োটা দিশ এটা আনটোৰ ওপৰত নিভৰশীল। ইয়াৰ যিকোনো এটাৰ অবিহনে উন্নয়নৰ কথা ভাবিব নোৱাৰি।আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰ এখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী, আঁচনি আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। এইধৰণৰ কাম কৰিবলৈ জনসাধাৰণৰ ওচৰত এখন চৰকাৰ (বিশেষকৈ গণতান্ত্ৰিক চৰকাৰ) দায়বদ্ধ। ইয়াৰ উপৰি চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্য়ান্য় সংস্থা, বিভিন্ন অনুষ্ঠান-পতিষ্ঠানসমূহেও দেশৰ আৰ্থ-সামাজিক উন্নয়ন বাবে বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানে লোৱা ভূমিকাৰ বিষয়ে কিছু কথা জানি লওঁ আহা। এটা কথা তোমালোকে নিশ্চয় জানা বা আনৰ মুখৰ পৰা শুনিছা যে আপদ-বিপদৰ সময়ত মানুহে মহাজন বা অন্য ব্য়ক্তিৰ পৰা টকা ধাৰ লয়। ধাৰ লোৱা টকাক ঋণ বুলিও কোৱা হয়। এই ঋণৰ বাবদ ধাৰ দিওতাসকলে ধাৰ লওঁতাসকলৰ পৰা মোটা অংকৰ সুদ আদায় কৰে। এটা সময়ত কাবুলৰ পৰা অহা লোকসকলে আমাৰ ইয়াত সুদৰ ব্যৱসায়ত জড়িত হোৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ। আজি কালি অৱশ্যে এই লোকসকলৰ কমলৈ চকুত পৰে। এই ধৰণৰ ব্যৱসায়ীসকলো চৰকাৰী নীতি-নিৰ্দেশনীৰ বিপৰীতে নিজাববীয়াকৈ ধাৰে দিয়া টকাৰ সুদৰ পৰিমাণ নিৰ্ধাৰণ কৰে। বিপদগ্ৰস্ত মানুহে এই ব্যক্তিসকলৰ পৰা বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বেছি সুদত ঋণ লৈ পিছত ঘূৰাব নোৱাৰি সৰ্বস্বান্ত হোৱাৰ নিজৰ আমাৰ সমাজত কম নহয়। আমাৰ ৰাজ্যৰ বহু অঞ্চলৰ দুখীয়া জনসাধাৰণৰ মাজত এনে ধৰণৰ অসুৰক্ষিত ব্য়ৱস্থা এতিয়াও বিলোপ হোৱা নাই। পিচে সময় আগবঢ়ৰ লগে লগে আমাৰ সমাজ ক্ৰমশঃ নতুনৰ দিশে অগ্ৰসৰ হ'ল। একে ধৰণৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াতে মানুহ সীমাবদ্ধ হৈ নাথাকিল। আৰ্থ-সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো নিশতে ব্য়াপক পৰিৱৰ্তন পৰিলশিত হ'ল। এই পৰিৱৰ্তকামী মানসিকতাই সমগ্ৰ বিশ্বতে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰেলে। এখন ৰাষ্ট্ৰই পৰিচালনা কৰা বিভিন্নদিশসমূহতো নতুন নতুন চিন্তাৰ সংযোজন ঘটিল। ফলস্বৰূপে এই ব্য়ৱস্থাৰ অধীনত গঢ় লৈ উঠিল বিভন্ন অনুষ্ঠান-প্ৰতিষ্ঠান যাক আমি বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান বুলি জানো। বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দেশৰ সামগ্ৰীক উন্নয়ন প্ৰক্ৰিয়াক খৰতকীয় কৰাত আগভাগ লয়। এখন দেশৰ বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ যেনে-হ্ৰস্বকালীন, মধ্যকানীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপানক্ষম আৰু আত্মানিৰ্ভৰশীল কৰাত অভূতপূৰ্ব অৰিহণা যোগায়। আধুনিক অৰ্থ ব্য়ৱস্থাত ব্য়ৱস্থাত ঋণৰ ভূমিকা অন্য়তম। ভৱিষ্য়তে তোমালোকে এই বিষয়ে বিশদভাৱে জানিব পাৰিবা। তলৰ আলোচনাত কেতবোৰ গুৰুত্বপূৰ্ণ বিত্তীয় অনুষ্ঠানৰ কাৰ্যাৱলীৰ বিষয়ে কিছু আৈভাস দিয়া হ'ল।

বেংকঃ

দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য় আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। অৰ্থনৈথিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োদন হয় যিবোৰ সা-সুবিধা বেংক যোগান ধৰিব পাৰে। কিছুমান বেংকে নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ইয়াৰ গ্ৰামক হোৱাৰ সুবিধা প্ৰদান কৰে। গ্ৰাহসকলক সঞ্চয়কাৰী বা আমানতকাৰী বুলিও কোৱা হয় হয়।তেওঁলোকে নিজৰ ধন বেংকত সঞ্চয় কৰে। সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ বেংকে গ্ৰাহকসকলক বিভন্ন ধৰণৰ সঞ্চয় আঁচনি আগঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্ৰাহকসকলক সুদ প্ৰদান কৰে। গ্ৰাহকসকলৰ দ্বাৰা সঞ্চিত ধন বেংকে সাধাৰণক বিভিন্ন কাৰণত ঋণ হিচাপে আগবঢ়ায়। এনেদৰেবেংকে সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত এক যোগসূত্ৰ স্পাপন কৰে। বেংকৰ বিধি ব্য়ৱস্থা সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য। কোনো ধৰণৰ গ্ৰহক বেংকৰ দ্বাৰা কেতিয়াও প্ৰতাৰিত নহয়। পাঠৰ আগছোৱা ত উল্লেখ কৰা মহাজনবা সুন্দৰ ব্য়লসায়ীসকলে ঋণ দিয়াৰ নামত মানুহক শোষণ কৰিৰ বিভিন্ উপায় অৱলম্বন কৰে। আনকি শিক্ষিত লোকসকলো এনে প্ৰবঞ্চনাৰ পৰা নাযায়। তাৰ বিপৰীতে বেংক ব্যৱস্থাই সম্পৰ্ণূ বি্শ্বাসযোগ্যতাৰে মানুহক ঋণ প্ৰদান কৰি ঈৰ্থিকভাৱে সচ্ছল আৰু কৰ্মক্ষম হোৱাত প্ৰৰণা যোগায়। প্ৰয়োজন সাপেক্ষে ব্য়ক্তি আৰু সমাজৰ স্বাৰ্থত ঋণৰ বাবদ ধাৰ্য কৰা সুদৰ পৰা ৰেহাই দি মানুহক উৎপাদনমুখী কামত জড়িত কৰাৰ দৰে দায়িত্বও বেংকে পাসন কৰে। এক কথাত ক'বলৈ হ'লে এখন দেশৰ অৰ্তনৈতিক দিশৰ উন্নয়নত বেংক ব্য়ৱস্থাৰ ভূমিকা অপৰিহাৰ্য। অৰ্থনৈতিক ক্ষেত্ৰতসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডগত বিকাশৰ বাবে উৎপাদনকাৰীক প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ পুঁজি বা মূলধনৰ। চৰকাৰী সাহায্য় অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে। বেংকে এইসকল বিনিয়োগৰাকীক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বা সেৱা সুফল সকলো মানুহে লাভ কৰিব পাৰে আৰ্থ-সামাজিক দিশৰ বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, উদ্য়োগ, বাণিজ্য় আদিৰ বিকাশৰ বাবে বিত্তীয় লেনদেন তথা ঋণৰ যোগান ধৰাটো এক অত্যাৱশ্য়কীয় প্ৰক্ৰিয়া। আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰতউন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংক ব্য়ৱস্থা আছে। এইবোৰৰ ভিতৰত কেন্দ্ৰীয় বেংক, বাণিজ্য়িক বেংক, ঔদ্য়োগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক, ভূমি বম্ধকী বেংক আদিয়ে প্ৰধান। তলৰ আলোচনাৰ পৰা আমাৰ দেশৰ কেতবোৰ উল্লেখযোগ্য বেংকৰ কাৰ্যাৱলীৰবিষয়ে কিছু কথা জানি থওঁ আহা।


Class 8 Social Science

Type: Dimi Bora