অন্যান্য পৰিসেৱা ক্ষেত্ৰ

ওপৰত উল্লিখিত ক্ষেত্ৰসমূহৰ উপৰি আৰু কিছুমান ক্ষেত্ৰ আছে যিবিলাকৰ দ্বাৰা মানৱ সম্পদ উন্নয়নত সহায় হয়। আমাৰ চৰকাৰে নিজস্ব বিভাগ, বেচৰকাৰী সংগঠন আৰু আত্মসহাায়ক গোষ্ঠীৰ  সহায়ত বৃত্তিমূলক শিক্ষাৰ কৰ্মশালাৰ আয়োজন কৰি বিভিন্ন সুবিধা প্ৰদান কৰিব পাৰে। চৰকাৰ তথা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা ৰেহাইসহ ঋণ দান তথা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী, যেনে- ৰিক্সা, ঠেলা, ট্ৰেক্টৰ, চিলাই মেচিন, পাৱাৰ টিলাৰ, গাড়ী আদি হিতাধিকাৰীৰ মাজত বিতৰণ কৰি স্বাৱলম্বীকৰণৰ দ্বাৰা মানুহক পৰিণত কৰাৰ চেষ্টা  উপলব্ধ হৈছে। ওপৰৰ আলোচনাৰ পৰা তোমালোকে মানৱ সম্পদ উন্নয়নত চৰকাৰী ব্যৱস্থাসমূহৰ বিষয়ে জানিব পাৰিলা। ইয়াৰ উপৰি মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ তাৰ বিষয়েও কিছু আভআস পালা। এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বাধীনতাৰ পিছৰ পৰাই আমাৰ দেশে আজি পৰ্যন্ত মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত  অলেখ কৰ্মসূচী আৰুপৰিকল্পনা গ্ৰহণ কৰিছে। যাৰ ফলস্বৰূপে আজি আমাৰ দেশে কিছু কিছু দিশত বিশ্বৰ উন্নত দেশসমূহৰ লগত সমানে খোজ মিলাব পৰা হৈছে। দুখৰ বিষয় যে ইমাননখিনিৰ পিছতো আমাৰ দেশৰ এক বিশাল সংখ্য়ক জনসাধাৰণ এই কৰ্মসূচীসমূহৰ সুফলৰ পৰা বঞ্চিত। কিন্তু দেশৰ সামগ্ৰিক ভেটি সুদৃঢ় কৰাৰ যি লক্ষ্য থাৱৰ কৰা হৈছে তাক পূৰ্ণ কৰিবলৈ হ'লে আমি সকলোৱে নিজকে একো একোজন উন্নয় মানৱ  সম্পদত পৰিণত কৰিবলৈ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত লক্ষণীয় বিষয় এই যে চৰকাৰৰ সহযোগিতাৰ লগতে আমিও নিজকে সচেতন কৰিব লাগিব যাতে ভৱিষ্যতে আমি আমাৰ দেশ আৰু নিজক লৈ বিশ্বৰ আগত গৰ্ববোধ কৰিব পাৰো।


Class 8 Social Science

Type: Dimi Bora