১৫.১ পোহৰে সৰলৰেখাত গতি কৰেঃ

    প্ৰজ্ঞানে ষষ্ঠ মানতে সম্পন্ন কৰা ক্ৰিয়াকলাপ এটা মনত পেলালে। 



চিত্ৰ ১৫.২ এডাল পোন আৰু বেঁকা নলীৰ মাজেৰে জ্বলি থকা মমবাতিৰ নিৰীক্ষণ।


সেই ক্ৰিয়াকলাপটোত সি এডাল জ্বলি থকা মমবাতি পোনতে এডাল পোন নসীৰ মাজেৰে আৰু পিছত এডাল বেঁকা নলীৰ মাজেৰে চাইছিল (চিত্ৰ ১৫.২)। প্ৰজ্ঞানে বেঁকা নলীজালৰ মাজেৰে মমবাতিৰ শিখা কিয় দেখা পোৱা নাছিল? 


চিত্ৰ ১৫.৩ পানীত বস্তুৰ প্ৰতিফলন 


    এই ক্ৰিয়াকলাপটোৱে দেখুৱাইছিল যে পোহৰ সৰলৰেখাত গতি কৰে। 

    আমি পোহৰৰ গতিপথ কেনেকৈ সলনি কৰিব পাৰোঁ? এখন মসৃণ অথবা চিকমিকাই থকা পৃষ্ঠত পোহৰ পৰিলে কি ঘটে তোমালেকে জানানে?


Type : Ankur Raj Deka

class 7  Science SCERT Book