চুলতানসকলৰ প্ৰশাসনিক ব্যৱস্থা ঃ

দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ বিস্তাৰ হোৱাৰ লগে লগে এটি সু-শৃংখল প্ৰশাসনিক ব্যৱস্থা আৰু কিছু নিৰ্ভৰযোগ্য বিষয়াৰ প্ৰয়োজন হৈছিল। কিন্তু চুলতানসকলে বিশেষকৈ চুলতান ইলটুতমিছে বিষয়া নিৰ্বাচনৰ ক্ষেত্ৰত সম্ভ্ৰান্ত মানুহ অথবা ভূ-মালিকসকলৰ নিয়োগ পৰিৱৰ্তে সামৰিক সেৱাৰ বাবে ক্ৰয় কৰা বিশেষ দাসসকলকহে প্ৰাধান্য দিছিল। চুলতানসকলে এই দাসসকলক অতি সাৱধানেৰে একোখন ৰাজ্যৰ ৰাজনৈতিক কাৰ্যালয় একোটা চলাবলৈ প্ৰশিক্ষণ দি লৈছিল। কিয়নো এই দাসসকলক সম্পূৰ্ণৰূপে তেওঁলোকৰ প্ৰভূৰ ওপৰত অৰ্থাৎ চুলতানসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। গতিকে চুলতানসকলে তেওঁলোকক নিৰ্ভৰ কৰিব পাৰিছিল। ইলটুতমিছৰ দৰে খিলিজি আৰু টোগলক চুলতানসকলেও এনেধৰণৰ দাসসকলক প্ৰাধান্য দিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই দাসসকলেই চুলতানী ৰাজত্বৰ ৰাজনৈতিক অস্থিৰতাৰ এটা প্ৰধান কাৰক হৈ পৰিছিল।       
চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত প্ৰশাসন ব্যৱস্থাৰ ভালেমান সালসলনি ঘটিছিল। দাসবংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাকে নিজ সাম্ৰাজ্যখনৰ সুপৰিচালনাৰ বাবে সাম্ৰাজ্যৰ ৰাজধানী লাহোৰলৈ স্থানান্তৰ কৰিছিল। ঠিক তেনেদৰে খিলিজি বংশৰ শ্ৰেষ্ঠ ৰজা আলাউদ্দিন খিলিজিয়েও প্ৰশাসনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিছিল। আলাউদ্দিনে খিলিজিয়ে বহু অঞ্চল সফলতাৰে জয় কৰি এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। আলাউদ্দিন খিলিজিয়ে সোণৰ মুদ্ৰা প্ৰচলন কৰি তাত নিজৰ নাম খোদিত কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলকে প্ৰশাসনিক দিশত বিশেষ সালসলনি কৰিছিল। তেওঁ ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নৈ দৌলতাবাদত স্থাপন কৰিছিল বুলি জনা যায়। এই পৰিৱৰ্তনৰ ফলত সৈন্য-বাহিনীকে আৰম্ভ কৰি উচ্চ পদস্থ বিষয়া, কৰ্মচাৰী, ব্যৱসায়ী, আদালত আৰু জনসংখ্যাৰ কিছু অংশও নতুন ৰাজধানীলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। ইয়াৰোপৰি তেওঁ সোণ-ৰূপৰ মুদ্ৰাৰ সলনি ব্ৰোঞ্জাৰ মুদ্ৰা প্ৰচলন কৰাৰ নিৰ্দেশ দিছিল। চুলতানী আমোলৰ প্ৰশাসনিক ব্যৱস্থাৰ সাল সলনিতথা নতুন আঁচনি গ্ৰহণৰ ক্ষেত্ৰত মহম্মদ বিন টোগলক বিশেষ উল্লেখনীয়। অৱশ্যে উপযুক্ত পৰিকল্পনাৰ অভাবত তেওঁৰ আচঁনিসমূহ কাৰ্যকৰী আৰু ফলপ্ৰসূ হৈ উঠা নাছিল। যাৰ বাবে তেওঁক প্ৰজাই সমাদৰ কৰা নাছিল। কিন্তু কিছুমান ইতিহাসবিদে বিশ্বাস কৰে যে অনুপযুক্ত পৰিৱেশ তথা অৱস্থাৰ বাবেহে সেইবোৰ কাৰ্যকৰী হোৱা নাছিল। 

দাস বংশৰ চুলতানসকলৰ দৰে খিলিজি আৰু টোগলক চুলতানসকলেও নিজ সাম্ৰাজ্যৰ বিভিন্ন অঞ্চলবোৰ শাসন কৰিবৰ বাবে সেনাধ্যক্ষ নিযুক্তি দিছিল। এই অঞ্চলবোৰক ইকটা আৰু ইয়াৰ অধিকাৰীসকলক ইকটাদাৰ বা মুক্তি বুলি কোৱা হৈছিল। এই মুক্তিসকলৰ কৰ্তব্য আছিল অধিকৃত অঞ্চলবোৰত সামৰিক অভিযান চলোৱাৰ লগতে আইন-শৃংসলা বজাই ৰখা। ইয়াৰ বিনিময়ত তেওঁলোকে নিৰ্ধাৰিত অঞ্চলসমূহৰ পৰা দৰমহাৰ বাবদ কৰ সংগ্ৰহ কৰিছিল। এই মুক্তি বা ইকটাদাৰসকলৰ দৰে আন আন উচ্চপদস্থ বিষয়া কিছুমানেও চুলতানসকলক তেওলোকৰ শাসন কাৰ্যত সহায় কৰিছিল।

Class 7 Social Science 
Type: Nayan Moni Deka