গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

আগৰ শ্ৰেণীৰ পাঠত তোমালোকে বজাৰ, ক্ৰয়-বিক্ৰয়, ক্ৰেতা-বিক্ৰেতা, লাভ-লোকচান আদিৰ বিষয়ে জানিব পাৰিছাহক। যিয়ে নিজৰ প্ৰয়োজনীয় দব্ৰ বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্কয় কৰি উপভোগ কৰে তেওঁকেই আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ। অৰ্থনীতিৰ ভাষাত গ্ৰাহকজনক উপভোক্তাবুলি কোৱা হয়। উৎপাদন, উপভোগ, বিনিময়, বিনিয়োগ, বিতৰণ, নিয়োগ আদি বিষয়সমূহ এটা অৰ্থনৈতিক ব্য়ৱস্থাৰ কিছুমান বিশেষ কাৰ্যাৱলী। এই প্ৰতিটো কাৰ্যই পৰস্পৰ নিৰ্ভৰীল। উদাহৰণস্বৰূপে উপভোগৰ বাবে উৎপাদনৰ প্ৰয়োজন। কিয়নো উৎপাদন ন'হলে ভোগৰ বাবে সামগ্ৰীৰ অভাৱ হয়। আনহাতে যিমানেই দ্ৰব্য় বা সামগ্ৰীৰ চাহিনা বাঢ়ে আৰু উৎপাদনকাৰীয়ে উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰেৰণা পায়। অৰ্থাৎ ভোগ আৰু উৎপাদন এই দুয়োটা কাৰ্যই এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক তেনেদৰে বিভিন্ন কাৰক বা উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ মাজেৰে সমগ্ৰ অৰ্থনৈতিক কাৰ্যাৱলী সাধন হয়। অৰ্থনৈতিক ব্য়ৱস্থাত উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। উৎপাদিত দ্ৰব্য় আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এইখিনিতে মন কৰিবলগীয়া প্ৰশ্ন হ'ল সকলোধৰণৰ উপভোক্তাই দেশৰ বাবে প্ৰয়োজনীয়নে?কৰ্মী, উদ্য়মী আৰু দুৰদৃষ্টীসম্পন্ন উপভোক্তাহে দেশৰ উন্নয়নৰ এতিয়াৰ পৰা যত্নবান হ'বা যাতে ভৱিষ্য়তে দেশ আৰু দহৰ কল্যাণ সাধন কৰিব পৰা একো একোজন ব্য়ক্তি হ'ব পাৰা। ইমাখিনিলৈ তোমালোকে গ্ৰাহক বা উফভোক্তাৰ বিষয়ে কিছু কতা জানিলা। এতিয়া আমি গ্ৰহক বা উপভোক্তাৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয়ে ওপৰত আলোপকপাত কৰিম। এই বিষয়সমূহ হৈছে গ্ৰহকসকলৰ সজাগতা, দায়িত্ব, কৰ্তব্য আৰু অধিকাৰ। এটা সুসংহত আৰু নিৰাপদ অৰ্থনৈতিক ব্য়ৱস্তা তৈয়াৰ কৰিবলৈ এইবোৰ দিশত আমি সকলোৱে হ'ব লাগিব। একবিংশ শতিকাৰ সমগ্ৰ বিশ্বই জ্ঞান আৰু বিকাশৰ শতিকা বুলি অভিহিত কৰিছে। এয়া মানৱ জাতিৰ বাবে সৌভাগ্য়ৰ কথা। কিন্তু আমি দেখা পাইছো যে সমাজ আৰ্থিকভাৱে পিছপৰা আৰু অসিক্ষিত লোকসকলক এচাম অসাধু মানুহে বিঙিন্ন ধৰণে শোষণে আৰু প্ৰবঞ্চনা কৰি আহিছে। অশিক্ষিত, দুখীয়া  লোকসকলে মহাজনৰ মানুহৰ ওচৰত নিজৰ মাটি, ঘৰ, গহনা, বাচন-বৰ্তন পৰ্যন্ত বন্ধকত তৈ সাময়িক বিপদৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰে। কিন্ত নিৰ্ধাৰিত সময়ত বন্ধকী নোকলাব নোৱাৰাৰ গোইনা লৈ মহাজনে সেই সম্পত্তি হস্তগত কৰি লোৱাৰ নানাৰ কৌশন উলিয়ায়। এয়া আমাৰ পুৰণি সমাজৰ প্ৰচলিচত শোষণ নীতি। কিন্তু বৰ্তমান আধুনিক, শিক্ষিত সমাজতো প্ৰবঞ্চনাৰ অলেখ কলা-কৌশল আমি দেখিবলৈ পাও য'ত শিক্ষিত, অশিক্ষিত, ধনী, দুখীয়া নিৰ্বিশেষে সকলোৱে প্ৰতাৰণাৰ চিকাৰ হয়। তলৰ কাহিনীটোৰ পৰা গ্ৰহকসকলৰ কিদৰে শোষণ কৰা হয় সেই বিষয়ে বুজ লওঁ আহা- "দেওবাৰে দুপৰীয়া বুগ্দুঙৰ মাকৰ হঠাতে অসহ্য় পেটৰ বিষ উঠিল। ইফালে কিবা জৰুৰী কামত দেউতাক ৰাতিপুৱা গুৱাহাটীলৈ ওলাই গৈছে। মাকৰ কষ্ট দেখি ল'ৰাটোৱে সিহঁতৰ চুবুৰিৰ মূৰত থকা ডাঃ প্ৰণৱ দাসৰ ঘৰলৈ দৌৰি গ'ল। তেখেত চৰকাৰী হস্পতালৰ অৱসৰপ্ৰাপ্ত চিকিৎসক। বুগ্দুঙে ডাক্তৰক মাকৰ অৱস্থাটো বুজাই দি সিহঁতৰ ঘৰলৈ আহি এবাৰ মাকক চাি দিবলৈ অনুৰোধ কৰিলে। ডাঃ দাস লৰালৰিকৈ সিহঁতৰ ঘৰ পালেহি। তেখেতে মানুহগৰাকীক ভালদৰে চাই-চিতি প্ৰেছ-ক্ৰিপ্ছৰ এখনত দুটা ঔষধৰ নাম লিখি দি সেই মুহূৰ্ততে ঔষধকেইটা আনি কুৱাবলৈ ক'লে আৰু কম সময়ৰ বিতৰতে মাকে ভাল পাব বুলি আশ্বাস দি উভতি গ'ল। অকণো সময় নষ্ট নকৰি বুগ্দুঙে অলপ আতৰৰ ফাৰ্মাচী এখনলৈ দৌৰি ওলাই গ'ল। হাতত লৈ যোৱা প্ৰেছক্ৰিপ্ছনখন ফাৰ্মাচিষ্টজনলৈ আগবঢ়াই দি সোনকালে দৰৱ দুটা দিবলৈ অনুৰোধ কৰিলে। ফাৰ্মাচিষ্টজনে কাগজখন চাই ৰেকৰ পৰা দুটা বটল উলিয়াই তাৰ হাতত দিলে। দৰৱৰ দাম পৰিশোধ কৰি ৰচিদ নোলোৱাকৈ একে উশাহে আহি বুগ্দুঙ ঘৰ পালেহি আৰু ডাক্তৰে বুজাই দিয়াৰ দৰে মাকক দৰৱ খুৱালে।দৰৱ খুৱাই ল'ৰাটো আশ্বস্ত হ'ল আৰু মাকৰ ওচৰত বহি থাকিল। সময় পাৰ হৈ যাবলৈ ধৰিলেৈ। পিচে, মাকৰ বিষটো কমক চাৰি গধূলিলৈ ক্ৰমাৎ বেছি হৈহে গৈ থাকিল। বুগ্দুঙৰ বৰ চিন্তা হ'ল। ৰাতিলৈ দেউতাৰক উভতি আহিলত সি গোটেইখিনি কথা বিৱৰি কৈ ঔষধৰ বটল দুটাও দেখুৱালে। দেউতাকে ভালকৈ চাই দেখে যে দুয়োটা ঔষধেই ইতিমধ্য়ে ম্য়াদ উকলি যোৱা ঔষধ। বুগ্দুঙৰ দেউতাকৰ বৰ খং উঠিল। ফাৰ্মাচিষ্টজনৰ এনে কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ যাও বুলি ভাবিও পত্নীৰ অৱস্থা সংকটজনক দেখি সেইবোৰ বাদ দি ৰাতিৰ ভিতৰতে মানুহগৰাকী চহৰৰ হস্পিতাললৈ লৈ গ'ল। দুসপ্তাহৰ মূৰতহে তেওঁ সুস্থ হৈ ঘৰ পালেহি। ম্য়াদ উকলি যোৱা ঔষধ খাই মানুহগৰাকী অৱস্থা অতি বেয়ালৈ ঢাল খাইছিল। ফাৰ্মাচিষ্টজনৰ এই অসুবিধা কাৰ্যৰ বাবে গোটেই পৰিয়ালটো শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ভাৰাক্ৰন্ত ওপৰৰ ঘটনাটো মন কৰিলানে? ম্য়াদ উকলি যোৱা ঔষধ বিক্ৰী কৰি ফাৰ্মাচিষ্টজনে প্ৰতাৰমা কৰিলে। এনেদৰে ব্য়ক্তিগত লাভৰ আশাত বিক্ৰেতাই গ্ৰাহকক ঠগোৱাৰ অনেক সুৰঙা উলিয়াই লয়। 

গ্ৰাহকসকল কিদৰে প্ৰতাৰিত হয়ঃ

বুগ্দুঙহঁতৰ কৰাৰ দৰে বিক্ৰেতাসকলে প্ৰতাৰণা কৰিবলৈ আৰু বহু ধৰণৰ কৌশল অৱলম্বন কৰে। উদাহৰণস্বৰূপে-

  •  বস্তুৰ ওজন সঠিকভাৱে নকৰা। 
  •  ভেজাল বস্তু বিক্ৰী কৰা। 
  •  বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা। 
  • ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া। সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ     লগোৱা। 
  •  প্ৰকৃত মূল্য়ৰ ওপৰত নকল মূল্য়ৰ লেবেল লগোৱা।
  •  মানসূচক চিহ্নসমূহ নকল। 
  • নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা ।
  • ডাকসেৱা, টেলিফোন বা ইণ্টাৰনেটযোগে অৰ্ডাৰ বস্তু সময়মতে আদায় নিদিয়া আদি।

আমি জানো যে বিক্ৰেতাই নিজে ক্ৰয় কৰা দামতকৈ অদিক দামত বিক্কী কৰি লাভ অৰ্জন কৰে। ব্য়ৱসায়ত লাভ অৰ্জন কৰাটোৱেই হ'ল ব্য়ৱসায়ীৰ মূল লক্ষ্য়। লাভ তেওঁলোকৰ প্ৰাণ্য়। আনহাতে লাভ কৰিব নোৱৰাৰ ফলত ব্য়ৱসায়ীয়ে ব্য়ৱসায় বন্ধ কৰিলে ভোগ কৰিবলৈ সামগ্ৰীৰ অভাৰ ঘটিব। লাভৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকে জীৱন নিৰবাহ কৰে। গতিকে ব্য়ৱসায়ত সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ ব্য়ৱসায়ীয়ে নিশ্চয় চেষ্টা কৰিব। কিন্তু তাকে কৰিবলৈ যাওঁতে ব্য়ৱসায়ী বা বিক্ৰেতাই অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শোষণ কৰাটো অমাৰ্জনীয়। কাৰণ এনে কাৰ্যই সমাজত অনৈতিক কাৰ্য সংগটিত হোৱাত অৰিহণা যোগায় আৰু সামাজিক কল্যাণ সাধন হোৱাত বাধাৰ সৃষ্টি কৰে ফলস্বৰূপে সমাজৰ সামূহিক উন্নয়নৰ গতি মন্থৰ হৈ পৰে। সেয়েহে এই প্ৰতাৰণামূলক কাৰ্যবিলাক ৰোধ কৰাৰ বাবে গ্ৰহকসকল সজাগ হ'ব লাগিব। আমাৰ চৰকাৰে গ্ৰহকৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। এই বিষয়ে কিছু আলোচনা কৰো আহা-



Class 8 Social Science

Type: Dimi Bora