১২.৩ ফল আৰু বীজ গঠন 

    নিষেচনৰল পিছত গৰ্ভাশয়টো এটা ফললৈ ৰূপান্তৰিত হয় আৰু ফুলৰ আন অংশবোৰ মৰহি সৰি যায়। ইল হৈছে গৰ্ভাশয়ৰ পুৰঠ অংশ। জিম্বকৰ পৰা বীজৰ বিকাশ হয়। বূীজে এটা সুৰক্ষা আৱৰণৰে আবৃত ভ্ৰণ ধাৰহণ কৰে। 

কিছুমান ফল মঙহাল আৰু ৰসাল যেনে- আম, আপেল আৰু সুমথিৰা। কিছুমান ফল টান যেনে- নাৰিকল, বাদাম আৰু আখৰোট [চিত্ৰ ২১.১২ (ক) আৰু (খ)]। 

১২.৪ বীজৰ বিস্তাৰণঃ

প্ৰকৃতিক কিছুমান একেজাতীয় উদ্ভিদৰ বিভিন্ন ঠাইত গজে। বীজবিলাক বিভিন্ন ঠাইলৈ বিস্তাৰিত হোৱা বাবে এনে হয়। কেতিয়াবা এখন হাবি বা এখন পথাৰ বা এখন উদ্যানৰ মাজেৰে খোজ কঢ়াৰ পাছত, তোমালোকে দেখিবলৈ পাব পাৰ যে তোমালোকৰ কাপোৰত কিছুমান বীজ বা ফল লাগি ধৰিছে। এইবোৰ বীজ কাপোৰত কেনেকৈ লাগি ধৰিছে। এইবোৰ বীজ কাপোৰত কেনমেকৈ লাগি ধৰিছে লক্ষ্য কৰিছানে?

     যদি এজোপা উদ্ভিদৰ সকলােখিনি বীজ একে ঠাইতে পৰে আৰু তাতে গজে তুমি কি ঘটিব বুলি ভাবা ? তাত সূৰ্যৰ পােহৰ , পানী , খনিজ লৱণ আৰু ঠাইৰ কাৰণে , প্ৰৱল প্রতিযােগিতা হব । ফলস্বৰূপে বীজবােৰৰপৰা সুস্থ সবল উদ্ভিদ নগজিব । বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উপকৃত হয় আৰু বিস্তাৰণে উদ্ভিদ আৰু নিজৰ পুলিবােৰৰ মাজত সূৰ্যৰ পােহৰ , পানী আৰু খনিজ লৱণৰ বাবে হ'ব লগা প্রতিযােগিতাত বাধা দিয়ে নতুন নতুন আৱাসস্থলীত গজি উঠি উদ্ভিদবিধৰ বহুল বিস্তাৰণত সহায় কৰে । 

    বায়ু , পানী লগতে প্ৰাণীয়েও উদ্ভিদৰ ফল আৰু বীজ কঢ়িয়ায় । চজিনা ( drumstick ) আৰু মেপলৰ ( maple ) পাখিযুক্ত বীজ [ ( চিত্র ১২.১৩ ( ক ) আৰু ( খ ) ] , ঘাঁহৰ পাতল বীজ বা অকৰ ( মদাৰ ) শুঙাল বীজ আৰু চুলি সদৃশ নােমযুক্ত সূর্যমুখী ফুলৰ ফল বহুদূৰলৈ বতাহত উৰি যাব পাৰে । কিছুমান বীজ পানীৰ দ্বাৰা বিস্তাৰিত হয় । এইবােৰ ফল বা বীজৰ নাৰিকলৰ নিচিনা বাহিৰ ফালে । স্পঞ্জ বা আঁহযুক্ত আৱৰণ থকা বাবে ভাহি থাকিব পাৰে । কিছুমান বীজৰ প্ৰাণীৰ দ্বাৰা বিস্তাৰণ হয় , বিশেষকৈ হাকোটাৰ সৈতে থকা কাইটীয়া বীজবােৰ প্ৰাণীৰ দেহত লাগি ধৰে আৰু বহুদূৰলৈ প্ৰাণীয়ে এইবােৰক কঢ়িয়াই নিয়ে । উদাহৰণ হ’ল অগৰা ( xanthium ) ( চিত্র ১২.১৫ ) আৰু ইউৰেনা ( urena ) ।

     যেতিয়া কিছুমান ফল হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায় তেতিয়াও কিছুমান বীজৰ বিস্তাৰণ হয় । এই বীজবােৰ মূল উদ্ভিদ জোপাৰপৰা দূৰলৈ সিঁচৰতি হয় । এই ঘটনাটো এৰা গুটি আৰু ডেমডেউকা (castor and balsam) ৰ ক্ষেত্ৰত ঘটে ।









Type : Ankur Raj Deka

Class 7 Science