১২.২ যৌন প্ৰজননঃ

তোমালোকে ফুলৰ গঠন সম্পৰ্কে আগতে শিকিছা। তোমালোকে জানা যে ফুলবোৰ হৈছে এজোপা উদ্ভিদৰ প্ৰজনন অংগ। পুংকেশৰবোৰ (stsmens) পুংজনন অংগ  আৰু স্ত্ৰীকেশৰ (pistil) হ'ল স্ত্ৰীজনন অংগ (চিত্ৰ ১২.৯)। 

ক্ৰিয়াকলাপ ১২.৪

    ক্রিয়াকলাপ ১২.৪ এটা সৰিয়হ / জবাফুল / পিটুনিয়া ফুল লােৱা আৰু ইয়াৰ প্রজনন অংগসমূহ পৃথক কৰা । ফুলটোৰ পুংকেশৰ আৰু স্ত্রী কেশৰৰ বিভিন্ন অংশসমূহ অধ্যয়ন কৰা । যিবােৰ ফুলৰ মাত্র স্ত্রীকেশৰ বা পুংকেশৰ থাকে সেইবােৰ ফুলক একলিংগী ফুল (unisexual flower) বােলে । যিবােৰ ফুলত পুংকেশৰ আৰু স্ত্রীকেশৰ উভয়ে থাকে তেনে ফুলক উভয়লিংগী ফুল ( bisexual flower ) বােলে । মাকৈ , অমিতা আৰু তিয়ঁহত একলিংগী ফুল থাকে , আনহাতে সৰিয়হ , গােলাপ আৰু পিটুনিয়াত উভয়লিংগী ফুল থাকে । পুং আৰু স্ত্রী একলিংগী ফুলবােৰ উভয়ে একেডাল গছতে থাকিব পাৰে নাইবা বেলেগ বেলেগ গছতাে থাকিবে পাৰে ।





চিত্ৰ ১২.৯ প্ৰজনন অংশসমূহ


     তােমালােকে এডাল পুংকেশৰৰ পৰাগধানী আৰু পুংদণ্ড চিনাক্ত কৰিব পাৰিবানে ? [ চিত্র ১২.৯ (ক) ] পৰাগধানীত থকা পৰাগৰেণুৱে পুংজননকোষ (male gamet) উৎপন্ন কৰে । এডাল স্ত্রী কেশৰত গর্ভমুণ্ড ( stigma ) , গর্ভদণ্ড ( style ) , আৰু গৰ্ভাশয় বা ডিম্বাশয় (ovary) থাকে । গর্ভাশয়ে এটা বা বহুত ডিম্বক ধাৰণ কৰে । স্ত্রী জননকোষ (fimale gamet) বা কণী (egg) ডিম্বক এটাত গঠন হয় [ চিত্র ১২.৯ ( খ ) ] । যৌন প্রজননত এটা পুং আৰু এটা স্ত্রী জনন কোষৰ মিলনৰ ফলত এটা যােজনকোষ গঠন হয় ।



চিত্ৰ ১২.১০ ফুলৰ পৰাগযোগ

পৰাগযোগঃ

    সাধাৰণতে পৰাগ ৰেণুবোৰ ( pollen graings) 

কীট - পতংগবােৰ ফুলত পৰে আৰু সিহঁতৰ দেহত পৰাগ ৰেণুবােৰ কঢ়িয়াই লৈ যায় । ইয়াৰে কিছুমান পৰাগ ৰেণু একেজাতীয় এটা ফুলৰ গর্ভমুণ্ডত লাগি ধৰিব পাৰে । পৰাগধানীৰ পৰা গর্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হােৱাকে পৰাগযােগ বােলে । যদি পৰাগৰেণু একেপাহ ফুলৰে গর্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযােগ ( self pollination ) বােলে । যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গর্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযােগ ( cross pollination ) [চিত্র ১২.১০ ( ক ) আৰু ( খ ) ] বােলে ।







নিষেচনঃ

জনন কোষৰ মিলনৰ পাছত গঠনহোৱা কোষটোক যোজন কোষ বোলে। পুং আৰু স্ত্ৰী জননকোষৰ মিলন প্ৰক্ৰিয়াটোকগ (এটা যোজনকোষৰ গঠন হ'বলৈ)নিষেচন (fertilisaion) বুলি কোৱা হয় (চিত্ৰ ১২.১১) । যোজন কোষটো এটা ভ্ৰূণ (embryo) লৈ বিকাশিত হয়।



Type: Ankur Raj Deka

Class 7 Science