উদ্ভিদ আৰু পৰিৱেশ


উদ্ভিদ বুলিলে আমাৰ সেউজীয়া ৰংটো চকুত ভাহি উঠে। ইয়াৰ কাৰণ হ'ল সাধাৰণতে সেউজীয়া উদ্ভিদ এজোপা অসংস্য় পাতেৰে ভৰি থাকে। পাত বোৰ সেউজীয়া হোৱাৰ বাবে উদ্ভিদৰ কি সুবিধা হৈছে তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আহা।

    উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ বাবে নিজৰ আহাৰ নিজেই তৈয়াৰ কৰি ল'ব পাৰে।

পাতত হৰিৎকণা থকা বাবে পাতবোৰ সেউজীয়া বৰণৰ হয়।



পাতে কেনেকৈ আহাৰ তৈয়াৰ কৰে জানি লওঁ আহা-

 শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে পানী আৰু বায়ুৰ পৰা আহৰণ কৰা এবিধ গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে। আহাৰ তৈয়াৰ কৰোঁতে পাতে বায়ুৰ পৰা কাৰ্বন-ডাই অক্সাইড গেছ গ্ৰবণ কৰে। বিনিময়ত অক্সিজেন গেছ এৰি দিয়ে।

  পাতে এৰি দিয়া এই অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে। নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন-ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন-ডাই অক্সাইড গেছৰ পৰিমাণ একেই থাকে।

উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন-ডাই অক্সাইড গেছৰ ভাৰসাম্য় ৰক্ষা কৰে। 




জানি লওঁ আহা-

    সকলো জীৱ জীয়াই থাকিবলৈ আৰু ডাঙৰ-দীঘল হ'বলৈ আহাৰৰ প্ৰয়োজন। যিহেতু 'উদ্ভিদো' জীৱ সেয়েহে উদ্ভিদকো আহাৰৰ পেৰয়োজন। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰব পাৰে।

    উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ-নিশাহ লোৱা কাৰ্যত 'উদ্ভিদ' আৰু 'প্ৰাণী' পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

    উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন-ডাই অক্সাইড গেছৰ ভাৰসাম্য় ৰক্ষা কৰে। সেয়েহে গছ কটাৰ সলনি বেছিকৈ গছ-গছনি ৰুবহে লাগে।


    Type:- Bastab Deka

   Class 4 Environment Assam SCERT Book (chapter 6)