মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ জীৱন ধাৰণ প্ৰণালীঃ

মৌর্য যুগৰ পৰৱতী সময়ত ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হােৱাৰ দৰেই সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীতাে বহুত পৰিৱৰ্তন আহিছিল। তাৰ ভিতৰত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদিৰ ব্যাপক পৰিৱর্তনেই উল্লেখনীয়। সমৃদ্ধিশালী গাঁওবােৰেই অর্থনীতি আৰু কলা সংস্কৃতিৰ মূল ভেটিগাঁওবােৰৰ অবিহনে ৰজা আৰু ৰাজ্যবােৰৰ অস্তিত্বই নাথাকিলহেঁতেন। গাঁৱৰ সাধাৰণ প্ৰজাসকলে হে কৃষি কর্মৰ লগত জড়িত হৈ থাকে। কৃষি কর্মৰ বাবে আকৌ বিভিন্ন সঁজুলিৰ প্ৰয়ােজন। কাষৰ চিত্ৰখন চাই সেই সময়ত কি কি সঁজুলিৰ ব্যৱহাৰ হৈছিল অনুমান কৰিব পাৰিবাহঁক। নতুন সঁজুলিৰ ব্যৱহাৰ, উন্নত ৰােপণ পদ্ধতি আৰু জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদন বৃদ্ধি পাইছিল। নলা, কুঁৱা, পুখুৰী আৰু কৃত্রিম জলাশয় আদি জলসিঞ্চনৰ বাবে ব্যৱহাৰ হৈছিল।

সেই সময়ত দক্ষিণ আৰু উত্তৰ ভাৰতৰ গাঁওবিলাকত কমেও তিনি শ্রেণীৰ মানুহে বাস কৰিছিল। দক্ষিণৰ অঞ্চলৰ সেই তিনি শ্ৰেণীৰ মানুহ হ'ল— জমিদাৰ, কৃষক, শ্রমিক বা ভৃত্য। উত্তৰ ভাৰতত তিনি শ্ৰেণীৰ মানুহে বাস কৰিছিল। সেইবােৰ হ’ল বংশানুক্রমে হােৱা গাঁৱৰ মুখিয়াল, নিজ নিজ কৃষি ভূমি থকা সৰু সৰু স্বাধীন কৃষক আৰু ভূমিহীন শ্রমিক।

ইয়াৰে গাঁৱৰ মুখিয়ালগৰাকী শক্তিশালী জমিদাৰ আছিল। তেওঁ কেতিয়াবা বিচাৰক আৰু শান্তি ৰক্ষকৰ ভূমিকা পালন কৰিছিল। গাঁৱৰ ৰাজহ আদায়ৰ দায়িত্বও তেঁৱেই লাভ কৰিছিল।

প্রায়বােৰ গাঁৱতেই কুমাৰ (মৃৎ শিল্পী), কমাৰ (লােহাৰ), বাঢ়ৈ (কাঠ মিস্ত্রী), শিপিনী আদি বৃত্তিজীৱি লােকে বাস কৰিছিল। তােমালােকে জাতকৰ নাম শুনিছানে? জাতকৰ গল্পবােৰ সেই যুগৰ সৰ্বসাধাৰণ লােকৰ মাজত প্ৰচলন আছিল। পাছলৈ। বৌদ্ধ ভিক্ষুসকলে এইবােৰ লিখি সংৰক্ষণ কৰে।

সেই সময়ৰ নগৰীয়া জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ হ'লে পব্রিাজক, নাৱিক সকলৰ লিখনি আৰু খনিকৰসকলৰ ভাস্কর্য অধ্যয়ন কৰিব লাগিব। নগৰ, গাঁও আৰু অৰণ্যত বাস কৰা সকলাে শ্ৰেণীৰ লােকৰ জীৱনশৈলী খনিকৰসকলে তেওঁলােকৰ ভাস্কর্যত ফুটাই তুলিছিল। সেইবােৰ স্থূপ, মন্দিৰ আদিৰ তােৰণ, স্তম্ভ, ৰেলিং আদি সজ্জিত কৰিবলৈ ব্যৱহাৰ কৰিছিল।

এই নগৰবােৰৰ প্ৰায় ভাগ ২৫০০ বছৰ আগতে উত্থান হােৱা জনপদবিলাকৰ ৰাজধানী আছিল। ইয়াৰে কিছুমান নগৰ প্ৰাচীৰেৰে আৱৰা আছিল । তােমাললাকে ইতিমধ্যে মথুৰা নগৰৰ বিষয়ে শুনিছা। এই নগৰখনাে প্রাচীৰেৰে আৱৰা আছিল। উত্তৰ- পশ্চিমৰ পৰা পূবলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ যােৱা দুটা প্রধান পথৰ মাজত ই অৱস্থিত আছিল। মথুৰা কুষাণসকলৰ ৰাজধানী হােৱাৰ উপৰি হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেন্দ্রস্থল আছিল। মথুৰা শিল্পকলা বুলি জনাজাত এক উৎকৃষ্ট ভাস্কর্যৰ ইয়াতেই বিকাশ হৈছিল। ওচৰ-পাজৰৰ কৃষক আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যােগান ধৰিছিল।

 উত্তৰ ভাৰতীয় ক’লা মৃৎপাত্র’ সেই সময়ৰ শিল্পকলাৰ এটি উৎকৃষ্ট নিদর্শন। বস্ত্ৰ শিল্পৰ কেন্দ্র স্থল আছিল উত্তৰৰ বাৰানসী আৰু দক্ষিণৰ মাদুৰাই। পুৰুষ-মহিলা উভয়েই এইবােৰ কেন্দ্ৰত কাম কৰিছিল। বহুতাে বনিক আৰু শিল্পকর্মীয়ে ‘শ্রেণী’ নামৰ সংঘ প্রতিষ্ঠা কৰিছিল। এই সংঘবােৰে সততে বেংকৰ ভূমিকা পালন কৰিছিল।

তোমালোকে বহুতেই হয়তো মুম্বাই, চেন্নাই, কলকাতাত যে বন্দৰ আছে সেই বিষয়ে জানা। এই বন্দৰবোৰৰ পৰা বেহা-বেপাৰকে আদি কৰি বিভিন্ন কামত সাগৰেৰে যাতায়াত চলে। মৌৰ্যৰ পৰৱৰ্তী যুগতো আৰৱ সাগৰৰ পাৰত থকা ভাৰুচ আৰু আৰিকামেডু নামৰ দুটা বন্দৰৰ যোগেদি বেহা-বেপাৰ চলাৰ কথা আমি জানিব পাৰোঁ। এই ঠাইৰ পৰা দেশ আৰু বিদেশৰ মাজত বেহা-বেপাৰ চলিছিল। 

এইদৰে মৌর্য যুগৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষত যি ৰাজনৈতিক আৰু সামাজিক বিৱর্তনৰ সূচনা হৈছিল, সেইটোৱে ভাৰতৰ ৰাজনীতি, অর্থনীতি, সমাজনীতি আৰু সভ্যতা-সংস্কৃতি সকলােতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। সেয়েহে, কোনাে কোনাে ইতিহাসবিদে বিদেশী অভিযানসমূহক ‘অনুপ্ৰৱেশ’ বুলিহে ক'ব খােজে। কাৰণ, শক, কুষাণ, পার্থিয়ান আৰু ইন্দো-গ্রীক আদি বিদেশী শক্তিবােৰে ভাৰতবৰ্ষ অধিকাৰ কৰাৰ পৰিৱর্তে এই দেশত স্থায়ীকৈ বসবাস কৰিবলৈহে আহিছিল আৰু নিজস্ব সাংস্কৃতিক উপাদানেৰে ভাৰতীয় ঐতিহ্যৰ লগত মিলি গৈছিল।

Class 7 Social Science 
Type: Nayan Moni Deka