কুষাণসকল ঃ

কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কণিষ্কৰ প্ৰতিমূৰ্তি আছিল বুলি ধাৰণা কৰা হয়। এই কুষাণসকল আছিল এটি বিদেশী জাতি। খ্ৰীপূঃ দ্বিতীয় শতিকাত শক-পহ্লৱসকলক পৰাভূত কৰি কুষাণসকলে প্ৰথমতে ভাৰতৰ উত্তৰ- পশ্চিম অংশত আধিপত্য বিস্তাৰ কৰে। ইয়াৰ পিছত পূব ভাৰতৰাে এক বিস্তীর্ণ অঞ্চল অধিকাৰ কৰি শেষত এক গুৰুত্বপূর্ণ ৰাজশক্তিত পৰিণত হৈছিল। কুষাণসকল বিদেশী আছিল যদিও কালক্ৰমত এই দেশৰ সভ্যতা- সংস্কৃতি গ্রহণ কৰি ভাৰতীয়সকলৰ লগত একাত্ম হৈ যায়। কুষাণ বংশৰ সর্বশ্রেষ্ঠ ৰজা কণিষ্ক এজন সাম্রাজ্য বিজেতা আছিল। ইয়াৰ উপৰি সাহিত্য- সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত কণিষ্কই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। অশ্বঘােষ, নাগার্জুন, বসুমিত্র আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কণিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল। এইযুগৰ চৰক সংহিতা চিকিৎসা বিজ্ঞানৰ এখন উল্লেখযােগ্য পুথি।

পতঞ্জলিৰ 'মহাভাষ্য' কিতাপখন শব্দ, ভাষা আৰু ব্যাকৰণৰ এখন মূল্যৱান গ্ৰন্থ। সাজ-পোছাকৰ ক্ষেত্ৰতো ভাৰতীয়সকলে গ্ৰীকসকলক অনুকৰণ কৰিছিল। আমি ইতিমধ্যে গান্ধাৰ শিল্পৰ বিষয়ে আলোচনা কৰি আহিছোহঁক। গ্ৰীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূৰ্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কণিষ্কৰো দৃষ্টি আকৰ্ষণ কৰিছিল। কণিষ্কৰ ৰাজত্ব কালত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলায়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কণিষ্কই বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল আৰু এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ দিনতে বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়। বৌদ্ধধৰ্ণ গ্ৰহণ কৰিলেও কণিষ্কই অন্যান্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। অৰ্থনৈতিক ক্ষেত্ৰতো কুষাণ যুগ পিচ পৰি থকা নাছিল। আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্য উভয় ক্ষেত্ৰতে কণিষ্কৰ যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মচলা, জলকীয়া, চন্দন, হাতী-দাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে, ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তৰ্জাতিক বাণিজ্যৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে কণিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰাইছিল। এইদৰে শৌৰ্য-বীৰ্য, শিল্প-কলা সংস্কৃতিলৈ অৱদান আৰু প্ৰজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈকে সেইকালৰ ভাৰতবাসীৰ মনত কুষানসকলৰ স্মৃতি সতেজ হৈ আছিল।


Class 7 Social Science 

Type: Nayan Moni Deka