১১.১ পৰিবহণ তন্ত্ৰ বা সংবহন তন্ত্ৰঃ

তেজ

তোমাৰ শৰীৰৰ কোনে এটা অংশ কাটিলে কি হয়? তেজল ওলাই আহে। কিন্তু তেজনো কি? তেজ এবিধ তৰল পদাৰ্থ যি ৰক্ত নলীলে প্ৰৱাহিত হয়। তেজে হজম হোৱা খাদ্য কণাসমূহ ক্ষুদ্ৰন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে ই হাওঁফাওঁৰপৰা অক্সিীজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰৱ্যসমূহো দেহৰ পৰা বৰ্জন কৰায় । 


চিত্ৰ ১১.১ তেজ পৰিবহণ বা সংবহন তন্ত্ৰ 
(ধমনীবোৰ ৰঙা ৰঙেৰে আৰু সিৰাবোৰ নীলা ৰঙেৰে দেখুওৱা হৈছে ) 



    তেজে কেনেদৰে এই বিভিন্ন দ্রব্যসমূহ কঢ়িয়াই নিয়ে ? তেজ এবিধ জুলীয়া সংযােগী কলা হােৱা বাবে তাত বিভিন্ন ধৰণৰ কোষ থাকে । তেজৰ জুলীয়া অংশক প্লাজমা ( plasma ) বােলা হয় । তেজত থকা এবিধ কোষ হ’ল লােহিত ৰক্ত কোষ ( RBC ) য'ত হিম’গ্লবিন নামৰ এবিধ ৰঙা ৰঞ্জক কণিকা থাকে । হিমগ্লবিন অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলােবােৰ কোষলৈ পৰিবাহিত কৰে । হিম’গ্লবিন অবিহনে শৰীৰৰ কোষবােৰলৈ উপযুক্তভাৱে অক্সিজেন যােগান ধৰাটো সম্ভৱ নহয় । হিমগ্লবিনৰ উপস্থিতিয়ে তেজৰ ৰঙ ৰঙা কৰে । ইয়াৰ বাহিৰেও তেজত শ্বেত ৰক্ত কোষ থাকে যিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰা বীজাণুক প্রতিহত কৰে । প্রজ্ঞানে খেলি থাকোঁতে পৰি গ'ল আৰু আঁঠুত দুখ পালে । কটা অংশৰ পৰা তেজ ওলাই আহিল । সি লক্ষ্য কৰিলে যে কিছু সময়ৰ পাছত তেজ ওলােৱা বন্ধ হৈছে । আৰু এটা ডাঠ ৰঙা খলমাই কটা অংশটো আৱৰি পেলাইছে । এইটো দেখি প্রজ্ঞান আচৰিত হ'ল । তেজত থকা অনুচক্রিকা নামৰ এবিধ কোষৰ উপস্থিতিৰ কাৰণে তেজৰ খমলা বান্ধে । ( আতঞ্চন coagulation হয় । ) ৰক্ত নলীকা : শৰীৰত বিভিন্ন ধৰণৰ ৰক্ত নলীকা আছে । তােমালােকে জানা যে উশাহ লােৱাৰ সময়ত হাওঁফাওঁ অক্সিজেনৰ নতুন যােগানেৰে পূর্ণ হয় । অক্সিজেন শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হােৱাতাে প্রয়ােজনীয় । তেজে কোষৰপৰা বর্জিত পদার্থৰ লগতে কার্বন ডাই - অক্সাইডাে সংগ্রহ কৰে । তােমালােকে অধ্যায় ১০ ত পঢ়াৰ দৰে হাওঁফাওঁলৈ পৰিবাহিত হৈ কার্বন - ডাই অক্সাইড বর্জন কৰাৰ বাবে এই তেজ হৃদযন্ত্ৰলৈ ঘূৰি
         যােৱাটো প্রয়ােজনীয় । সেয়ে শৰীৰত ধমনী আৰু সিৰা নামৰ দুই ধৰণৰ ৰক্ত নলীকা থাকে ( চিত্র ১১.১ ) । ধমনীয়ে অক্সিজেনেৰে সমৃদ্ধ তেজ হৃদযন্ত্রৰপৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়ায় । যিহেতুকে তেজ দ্রুত গতিত আৰু উচ্চ চাপত প্ৰৱাহিত হয় সেয়েহে ধমনীবােৰৰ ডাঠ স্থিতিস্থাপক বেৰ থাকে । ধমনীৰে তেজ চলাচল কৰাৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা ক্রিয়াকলাপ কৰোঁ আহা । ক্রিয়াকলাপ ১১ সোঁহাতৰ মধ্যমা আৰু তর্জনী আঙুলি বাঁহাতৰ মণিবন্ধনৰ ভিতৰফালে ৰাখা ( চিত্র ১১.২ ) । নিয়মিত ধপধপনি অনুভৱ কৰিছানে ? এই ধপধপনি বা স্পন্দন কি কাৰণে হয় বাৰু ? এই স্পন্দনক নাড়ী স্পন্দন ( pulse ) বােলা হয় । ধমনীয়েদি তেজ প্রৱাহিত হােৱাৰ বাবে এনে হয় । এতিয়া এক মিনিটত কিমান বাৰ নাড়ী স্পন্দন হয় হিচাপ কৰা । কিমানটা নাড়ী স্পন্দন তুমি হিচাপ কৰিলা ? এক মিনিটত হােৱা স্পন্দনৰ সংখ্যাক নাড়ী স্পন্দনৰ হাৰ বােলা হয় । বিশ্রামত থকা এজন মানুহৰ নাড়ী স্পন্দনৰ হাৰ সাধাৰণতে ৭২ ৰ পৰা ৮০ ৰ মাজত থাকে । তােমাৰ শৰীৰৰ আন অংশসমূহ বিচাৰি উলিওৱা , য'ত তুমি স্পন্দন অনুভৱ কৰিব পাৰা । তােমাৰ আৰু তােমাৰ শ্ৰেণীৰ বন্ধুসকলৰ নাড়ী তুমি পোৱা মানবিলাকৰ তুলনা কৰা আৰু তালিকা ১১.১ ত অন্তৰ্ভূক্ত কৰা।
     কাৰ্বন-ডাই-অক্সাইড সমূদ্ধ শৰীৰৰ বিভিন্ন অংশৰ পৰা কঢ়িয়াই পুনৰ হৃদয়ন্ত্ৰলৈ ঘূৰাই আনা ৰক্তনলীকাবোৰক সিৰা বোলেৈ। সিৰাৰ বেৰ পাতল। সিৰাবোৰত কপাট থাকে যিবোৰ তেজক মাথোন হৃদযন্ত্ৰৰ দিশলৈ প্ৰৱাহিত হ'বলৈ দিয়া। 



        যে ধমনীবােৰ সৰু সৰু নলীকালৈ বিভক্ত হৈছে । কোনাে কলাত গৈ সােমােৱাৰ সময়ত , সিহঁত আকৌ অতি মিহি নলীলৈ ভাগ হৈ যায় । সেইবােৰক কৈশিক নলীকা বুলি কোৱা হয় । এই কৈশিক নলীকাবােৰ একেলগ হৈ সিৰা গঠিত হয় আৰু এইবােৰ হৃদযন্ত্রত শেষ হয় । হৃদযন্ত্র ও হৃদ্যন্ত্র এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্যান্য দ্রব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কার্য সম্পাদন কৰে । এটা পাম্প বহু বছৰ ধৰি বন্ধ নােহােৱাকৈ কাম কৰি থকা কথাটো ভাবি চোৱাচোন ! ই প্রকৃততে অসম্ভৱ । তথাপিও আমাৰ হৃদযন্ত্রই অবিৰতভাৱে বন্ধ নােহােৱা পাম্পৰ দৰে কাম কৰে । আহা আমি হৃদ্যন্ত্ৰৰ বিষয়ে এতিয়া কিছু কথা শিকো । হৃদ্যন্ত্র বক্ষ গহ্বৰত অৱস্থিত আৰু ইয়াৰ নিম্ন প্রান্ত সামান্য পৰিমাণে বাঁওফাললৈ হেলনীয়া ( চিত্র ১১.১ ) । তােমাৰ হাতখন মুঠি মাৰাচোন । তােমাৰ হৃদ্যন্ত্ৰটো প্রায় তােমাৰ মুঠিটোৰ সমানেই ।




        যদি অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন-ডাই-অক্সাইড যুক্ত তেজ পৰম্পৰে মিহলি হৈ পৰে তেতিয়া কি হ'ব? হৃদযন্ত্ৰৰ চাৰিটা কোঠালিয়ে এনেদৰে তেজ মিহলি হোৱাত বাধা দিয়ে। হৃদযন্ত্ৰৰ ওপৰত কোঠালি দুটাকৈ অলিন্দ (atria) কোঠালি দুটাকৈ নিলয় (ventricles) বোলা হয় (চিত্ৰ ১১.৪)। কোঠালিবোৰক বিভক্ত কৰা বেৰে অক্সিজেনযুক্ত আৰু কাৰ্বন-ডাই-ইক্সাইডযুক্ত তচেজ মিহলি হোৱাত বাধা দিয়ে।
    পৰিবহণ বা সংবহণ তন্ত্ৰ কামবোৰ বুূজিবৰ বাবে চিত্ৰ ১১.৩ ত হৃদযন্ত্ৰ সোঁ ফালৰ পৰা আৰম্ভ কৰা আৰু কাঁড় চিহ্নবোৰেৰে আগ বাঢ়া। এই চিহ্নবোৰে হৃদযন্ত্ৰৰপৰা হাওঁফাওঁলৈ প্ৰৱাহিত হোৱা আৰু হাওঁফাওঁৰপৰা তেজ পুনৰ হৃদযন্ত্ৰলৈ উভতি যোৱাটো বুজাইছে। হৃদযন্ত্ৰি তেজ পাম্প কৰি শৰীৰৰ বাকী অংশলৈ পঠিয়াই। 

 হৃদযন্ত্রৰ স্পন্দনঃ
 হযন্ত্ৰৰ কোঠালিৰ বেৰবােৰ পেশীৰে গঠিত । পেশীসমূহ এক নির্দিষ্ট গতিত সংকোচন আৰু প্ৰসাৰণ হয় । এই নির্দিষ্ট সময়ৰ মূৰে মূৰে হােৱা সংকোচন আৰু প্রসাৰণেই হৈছে হৃদযন্ত্রৰ স্পন্দন । মনত ৰাখিবা যে আমাৰ জীৱনৰ প্রত্যেক মুহুর্ততে এই স্পন্দন অবিৰতভাৱে চলি থাকে । যদি তােমাৰ হাতখন তােমাৰ বুকুৰ বাঁওফালে ৰাখা , তুমি তােমাৰ হৃদ্যন্ত্ৰৰ স্পন্দন অনুভৱ কৰিবা । ষ্টেথ’স্ক’প নামৰ যন্ত্ৰৰ সহায়ত চিকিৎসকে তােমাৰ হৃদ্যন্ত্ৰৰ স্পন্দন অনুভৱ কৰে ।

         চিকিৎসকসকলে হৃদ্যন্ত্রৰ স্পন্দনৰ শব্দ ডাঙৰকৈ শুনিবৰ বাবে ষ্টেথ’স্ক’প ব্যৱহাৰ কৰে । বুকুত লগাই ধৰিবৰ বাবে অতি সংবেদনশীল ছেদযুক্ত অংশ , দুয়ােখন কাণত লগােৱা অংশ আৰু এই দুয়ােটা অংশক সংযােগ কৰা এটা নলীৰে ষ্টেথ’স্ক’প গঠিত । চিকিৎসকে ষ্টেথ'পৰ দ্বাৰা পৰীক্ষা কৰি হৃদযন্ত্ৰৰ অৱস্থাৰ বিষয়ে ডানিব পাৰে। 
    আমাৰ চাৰিওফালে সহজে পোৱা সামগ্ৰীৰে এটা ষ্টেথ'স্ক'প কৰোঁ আহা ।
ক্ৰিয়াকলাপ ১১.২ 
৬-৭ চে.মি. ব্যাসৰ সৰু চুপি এটা লোৱা। এডাল  ৫০ চে. মি. দীঘল ৰবৰৰ নলী এটা চুপিৰ ঠাৰিডাল টানকৈ বান্ধা। চুপিটোৰ মুখত এটা বেলুন ৰবৰ বেণ্ডৰ সহায়ত  টানকৈ বান্ধি লােৱা । নলীডালৰ খােলা মূৰটো তােমাৰ কাণত লগােৱা । চুপিৰ মুখখন তােমাৰ বুকুত হৃদ্যন্ত্ৰৰ ওচৰত ৰাখা । এতিয়া মনােযােগ দি শুনিবলৈ চেষ্টা কৰা । এটা নিয়মিত ধগ্ধপনিৰ শব্দ শুনিছানে ? এই শব্দটাৱেই হৃদ্যন্ত্ৰৰ স্পন্দন । এক মিনিটত তােমাৰ হৃদযন্ত্রৰ স্পন্দন কিমান বাৰ হৈছে ? ৪-৫ মিনিট দৌৰাৰ পাছত পুনৰ হিচাপ কৰা । তােমাৰ পর্যবেক্ষণ তুলনা কৰা ।
     জিৰণি অৱস্থাত আৰু দৌৰাৰ পাছত তােমাৰ আৰু তােমাৰ বন্ধুসকলৰ নাড়ী স্পন্দনৰ হাৰ আৰু হৃদ্যন্ত্ৰৰ স্পন্দন তালিকা ১১.২ ত অন্তর্ভুক্ত কৰা । তােমাৰ হৃদ্যন্ত্ৰৰ স্পন্দন আৰু নাড়ী স্পন্দনৰ হাৰৰ মাজত কিবা সম্বন্ধ দেখা পাইছানে ? হৃদ্যন্ত্রৰ প্রতিটো স্পন্দনে ধমনীত এটা স্পন্দন সৃষ্টি কৰে আৰু প্রতি মিনিটত হােৱা এই স্পন্দনৰ হাৰে হৃদ্যন্ত্ৰৰ স্পন্দনৰ হাৰ দেখুৱায় ।
     হৃদ্যন্ত্ৰৰ বিভিন্ন কোঠালিত নির্দিষ্ট গতিত হােৱা স্পন্দনে তেজৰ সঞ্চালন আৰু শৰীৰৰ বিভিন্ন অংশলৈ বিভিন্ন দ্রব্য পৰিবহণ কৰাৰ তদাৰক কৰে 
     প্রজ্ঞানে ভাবিলে স্পঞ্জ আৰু হাইড্ৰাৰাে তেজ থকাহেঁতেন ! স্পঞ্জ আৰু হাইড্রাৰ দৰে প্ৰাণীসমূহৰ তেজ পৰিবহণ তন্ত্র নাথাকে । সিহঁত যি পানীত থাকে সেই পানী শৰীৰত যেতিয়া প্ৰৱেশ কৰে , তেতিয়া সেই পানীৰ পৰাই সিহঁতে খাদ্য আৰু অক্সিজেন আহৰণ কৰে । বাহিৰলৈ ওলাই যােৱা পানীয়ে বর্জিত দ্রব্য আৰু কার্বন ডাই - অক্সাইড কঢ়িয়াই লৈ যায় । সেইবাবে দ্রব্য পৰিবহণ কৰিবলৈ এই প্রাণীবােৰৰ তেজৰ দৰে পদাৰ্থৰ প্ৰয়োজন নহয় ।

এজন ইংৰাজ চিকিৎসক , উইলিয়াম হাৰভেই (১৫৭৮ - ১৬৫৭ খ্রীষ্টাব্দ) তেজৰ সংবহন বা পৰিবহন আৱিষ্কাৰ কৰে। সেই সময়ত চলিত ধাৰণা আছিল যে শৰীৰৰ নলীকাত তেজবােৰ দুলি থাকে। হাৰভেক সকলােৱে উ পলু ঙা কৰিছিল আৰু ‘ circulator ' নামেৰে জানিছিল। তেখেতে ধৈর্য হেৰুৱাই ছল। আৱশ্যে তেখেতৰ মৃত্যুৰ আগতে, সংবহনৰ বিষয়ে হাৰভেয়ে দিয়া মতামত জীৱ বিজ্ঞানৰ এক তথ্য হিচাপে গ্রহণ কৰা হয়। 


     এতিয়া কাৰ্বন-ডাই-অক্সাইডৰ বাহিৰে আন বৰ্জিত দ্ৰব্য আঁতৰ কৰাৰ বিষয়ে শিকোঁ আহা।



Type:Ankur Raj Deka 

class 7 Science SCERT Book