সমতাৰ অধিকাৰ

 তলৰ দুটা পৰিবেশ ধাৰণা কৰা । এইবােৰ কাল্পনিক পৰিবেশ । কিন্তু একেধৰণৰ ঘটনা হয় আৰু হ'ব পাৰে । তুমি ভাবানেকি যে এইবােৰে মৌলিক অধিকাৰ ভঙ্গ কৰিব ? 

স্বদেশ কুমাৰে তেওঁৰ গাওঁ ভ্ৰমণ কৰিছে । তেওঁৰ বন্ধুসকলৰ এজন তেওঁৰ লগত আছে । তেওঁলােকে গাঁৱৰ ৰাস্তাৰ কাষৰ হােটেলত চাহ খাবলৈ ঠিক কৰিলে । দোকানীজনে স্বদেশ কুমাৰক জানিছিল কিন্তু তেওঁৰ বন্ধুজনৰ নামটো সুধিছিল তাৰ জাতিটো জানিবৰ বাবে । ইয়াৰ পিছত তেওঁ স্বদেশ কুমাৰক এটা ধুনীয়া পিয়লাত আৰু বন্ধুজনক এটা মাটিৰ বাচনত চাহ খাবলৈ দিছিল কাৰণ তেওঁ নিম্ন জাতিৰ লোক আছিল ।

ভাৰতীয় সংবিধান তৃতীয় অংশঃ মৌলিক অধিকাৰ 

সমতাৰ অধিকাৰ

* আইনৰ  দৃষ্টিত সমান

* আইনৰ সমান সুৰক্ষা 

* ধৰ্ম্মৰ ভিত্তিত বৈষম্যতা  নোহোৱা কৰা

* দোকান স্নানাগাৰ হোটেল আদিত সমান প্ৰৱেশ । 

* নিয়োগত সুযোগৰ সমতা

* উপাধি পৰিহাৰ কৰা 

* অস্পৃশ্যতা বৰ্জন কৰা 

ধৰ্ম্মৰ স্বাধীনতা অধিকাৰ 

* বিবেক আৰু বৃত্তিৰ স্বাধীনতা

ধৰ্ম্মীয় অনুষ্ঠান সম্পদনা  কৰাৰ স্বাধীনতাঃ

কিছুমান অনুষ্ঠানত ধৰ্মীয় 

শিক্ষা দিয়া স্বাধীনতা

শোষণৰ বিৰুদ্ধে অধিকাৰ

* বলপূৰ্বক শ্ৰমক বাধা দিয়া

* বিপদজনক কৰ্ম্মত শিশুক নিয়োগ কৰাত বাধা

স্বতন্ত্ৰতাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা অধিকাৰঃ

* কথা কোৱা আৰু প্ৰকাশ কৰা 

* শান্তিপূৰ্ণভাবে সমবেত হোৱা

* সংস্থা গঠন কৰা 

* ভাৰতবৰ্ষৰ ভূ- খগুত মুক্তভাবে ঘূৰাপকা কৰা 

* ভাৰতবৰ্ষৰ যিকোনো ঠাইত বাসস্থান নিৰ্ম্মণ কৰা আৰু বসবাস কৰা যিকোনো বৃত্তি গ্ৰহণ কৰা আৰু যিকোনো ব্যৱসায় বাণিজ্য গ্ৰহণ কৰা 

* জীৱন আৰু স্বতন্ত্ৰতাৰ অধিকাৰ

* দোষী আৰু অপৰাধী লোকৰ অধিকাৰ

সংখ্যালঘু সকলৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

* সংখ্যালঘু সকলক ভাষা আৰু সংস্কৃতিৰ  সুৰক্ষা 

* সংখ্যালঘু সকলৰ শিক্ষানুষ্ঠান স্থাপনৰ অধিকাৰ

সংবিধান নিৰাময় অধিকাৰ 

* আজ্ঞালেখ প্ৰচাৰ কৰাৰ কাৰণে বিচাৰালয়ত যোৱাৰ অধিকাৰ

দূৰদৰ্শনত বাতৰি পঢ়া চাৰিগৰাকীলৈ এটা নির্দেশ জাৰি কৰা হৈছে যে তেওলােকে আৰু পৰ্দাত বাতৰি পঢ়িব নালাগে । তেওঁলােক সকলােৱেই মহিলা । কাৰণ দর্শোৱা হৈছিল যে তেওঁলােকৰ বয়স পঞ্চল্লিশ বছৰৰ বেছি । একে বয়সৰ দুজন পুৰুষ বাতৰি পৰিবেশকক বাতৰি উপস্থাপন কৰাৰ পৰা আতৰােৱা হােৱা নাই । 

    এইবােৰ বৈষম্যৰ স্পষ্ট উদাহৰণ । এই ক্ষেত্ৰত এটা বৈষম্য জাতিগত আৰু আনটো ক্ষেত্ৰত ই লিঙ্গ ভিত্তিক । তুমি এনেকুৱা ধৰণৰ বৈষম্যক ন্যায় সংগত বুলি ভাবা নেকি ? 

    সমতাৰ অধিকাৰে এনেকুৱা আৰু আন বৈষম্যক নােহােৱা কৰিব বিচাৰে । ই ৰাজহুৱা স্থান যেনে- দোকান , হােটেল , আমােদ - প্রমােদৰ স্থান , কুঁৱা , স্নানাগাৰ , আৰু পূজা - পাতলৰ স্থান আদিত সমান প্রবেশৰ ব্যৱস্থা কৰে । এইবােৰত প্ৰবেশৰ ক্ষেত্ৰত জাতি , ধর্ম , বর্ণ , লিঙ্গ আৰু জন্মস্থানৰ ভিত্তিত কোনাে বৈষম্য থাকিব নােৱাৰে । ই ৰাজহুৱা নিয়ােগৰ ক্ষেত্ৰটো যিকোনাে বৈষম্য নিসিদ্ধ কৰিছে ওপৰত উল্লেখিত যিকোনাে এটাৰ ভিত্তিত । এই অধিকাৰটো বৰ গুৰুত্বপূৰ্ণ কাৰণ অতীতত আমাৰ সমাজে সমান প্রৱেশৰ অভ্যাস কৰা নাছিল । 

    অস্পৃশ্যতাৰ অভ্যাস হৈছে অসমতাৰ এটা অমার্জিত প্রকাশ । এইবােৰ সমতাৰ অধিকাৰৰ দ্বাৰা নােহােৱা কৰিব পৰা যায় । এই একেই অধিকাৰে এইটো ব্যৱস্থাও কৰিছে যে ৰাষ্ট্ৰই সামৰিক আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা লােকৰ বাহিৰে আন ব্যক্তিক কোনাে উপাধি প্রদান কৰিব নােৱাৰে । এইদৰে সমতাৰ অধিকাৰে সকলাে নাগৰিকৰ মাজত মৰ্য্যদা আৰু স্থানৰ সমতা নিশ্চিত কৰি ভাৰতবৰ্ষক এখন প্রকৃত গণতান্ত্রিকৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছে । 

    এই অনুচ্ছেদ মতে ৰাষ্ট্ৰই পিছপৰা শ্ৰেণীৰ নাগৰিকৰ বাবে নিয়ােগ বা আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলে একোৱে বাধা দিব নােৱাৰিব , যিয়ে ৰাষ্ট্ৰৰ মতে , ৰাষ্ট্ৰৰ অধীনৰ সেৱাসমূহত যথােপযুক্ত ভাবে প্রতিনিধিত্ব কৰা নাই ।

    তুমি আমাৰ সংবিধানৰ প্ৰস্তাৱনা পঢ়িছানে ? ই কেনেকৈ সমতাক বৰ্ণনা কৰিছে ? তুমি দেখিবা যে প্রস্তাৱনাই সমতা সম্পর্কে দুটা কথা উল্লেখ কৰিছেঃ সামাজিক পদমৰ্য্যদাৰ সমতা আৰু সুযােগৰ সমতা । সুযােগৰ সমতাই বুজাই যে সমাজৰ সকলাে শ্ৰেণীৰ মানুহে সমান সুযােগ সুবিধা উপভােগ কৰে ।

     কিন্তু এখন সমাজ য'ত বিভিন্ন ধৰণৰ সামাজিক অসমতা আছে , তাত সমান । সুযােগে কি বুজাই ? সংবিধানে এইটো স্পষ্ট কৰি দিয়ে যে , চৰকাৰে সমাজৰ কিছুমান শ্ৰেণীৰ অৱস্থাৰ উন্নতিৰ বাবে বিশেষ আঁচনি আৰু পদক্ষেপ হাতত ল'ব পাৰেঃ শিশু , মহিলা আৰু সামাজিক আৰু শিক্ষাগতভাবে পিছপৰা শ্ৰেণীৰ বাবে তুমি চাকৰি আৰু প্রৱেশৰ ক্ষেত্ৰত সংৰক্ষণৰ কথা শুনিব পাৰা । তুমি আচৰিত হ'ব পাৰা , আমি যেতিয়া সমতাৰ নীতিয়েই অনুসৰণ কৰাে , সংৰক্ষণৰ ব্যৱস্থা কিয় আছে । মুঠতে ১৬ ( ৪ ) অনুচ্ছেদে স্পষ্টকৈ ব্যক্তি কৰিছে যে সংৰক্ষণৰ নিচিনা এটা নীতিক সমতাৰ অধিকাৰ খর্ব কৰা বুলি ধৰা নহব । তুমি যদি সংবিধানৰ তাৎপৰ্য্য লক্ষ্য কৰা , সুযােগৰ সমতাৰ অধিকাৰ পৰিপূৰ্ণ কৰাৰ বাবে ইয়াৰ প্ৰয়ােজনীয়তা আছে ।

 Type Sumit Patar

Class 11Political Science