১০.৬ পানীৰ তলত উশাহ - নিশাহঃ

 আমি পানীত উশাহ - নিশাহ লৈ জীয়াই থাকিব পাৰিমনে ? বহুতাে জীৱ আছে যিবােৰে পানীত জীয়াই থাকে । সিহঁতে পানীৰ তলত কেনেকৈ উশাহ - নিশাহ লয় ?

     তােমালােকে ষষ্ঠ শ্ৰেণীত পঢ়িছিলা যে মাছৰ ফুলে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন ব্যৱহাৰ কৰাত মাছবােৰক সহায় কৰে । ফুলবােৰ হৈছে ছালৰ বাহিৰলৈ ওলাই থকা অংশ । তােমালােকে ভাবি নিশ্চয় আচৰিত হ’বা যে ফুলবােৰেনাে কেনেকৈ উশাহ - নিশাহত সহায় কৰে । বায়ু বিনিময়ৰ বাবে ফুলবােৰ ৰক্ত নলীকাৰে পূৰ্ণ হৈ থাকে ( চিত্র ১০.১০)।





Type: Ankur Raj Deka 

class 7 Science SCERT Book