১০.৫অন্য প্রাণীৰ উশাহ-নিশাহঃ

মানুহৰ দৰে আন প্রাণীবােৰ যেনে— হাতী , সিংহ , গৰু , ছাগলী , ভেকুলী , জেঠী , সাপ , চৰাই আদিৰাে সিহঁতৰ বক্ষ গহ্বৰত হাওঁফাওঁ আছে । 

    অন্যান্য জীৱবােৰে কেনেকৈ উশাহ - নিশাহ লয় ? সিহঁতৰাে মানুহৰ দৰে হাওঁফাওঁ আছেনে ? বিচাৰ কৰি চাও আহা ।

 পঁইতাচোৰাঃ পইতাচোৰাৰ শৰীৰটোৰ কাষত সৰু সৰু ছিদ্র আছে । আন পতংগৰৰ এনেধৰণৰ ছিদ্র থাকে । এই  ১০.৯ ) বােলে । পতংগবােৰৰ বায়ু সাল - সলনি কৰিবৰ বাবে বায়ু নলীকাৰে গঠিত এখন জালিকা আছে । এই নলীকাবােৰক শ্বাসনলীকা ( tracheae ) বােলে । অক্সিজেন যুক্ত বায়ু , বায়ু ছিদ্রৰ মাজেদি শ্বাস নলীকালৈ ধাবিত হৈ শৰীৰৰ কলাত বিয়পি পৰে আৰু শৰীৰৰ প্ৰত্যেকটো কোষত সােমায় । সেইদৰে কার্বন - ডাই - অক্সাইড গেছ কোষবােৰৰপৰা শ্বাস নলীকালৈ যায় আৰু বায়ুৰৰে বাহিৰলৈ ওলাই যায় । এইবােৰ শ্বাসনলীকা বা বায়ু নলীকা মাথোঁ পতংগতহে পােৱা যায় আৰু আন কোনাে শ্ৰেণীৰ প্রাণীত পােৱা নাযায় ।

 কেঁচুঃ ষষ্ঠ শ্রেণীৰ নৱম অধ্যায়ৰপৰা মনত পেলােৱা যে কেঁচুৱে ছালৰ দ্বাৰা উশাহ - নিশাহ লয় । কেঁচুৰ ছালখন চুলে সেমেকা আৰু বিজলুৱা অনুভৱ হয় । ইয়াৰ মাজেদি সহজে বায়ু অহা - যােৱা কৰিব পাৰে । যদিও ভেকুলীৰ মানুহৰ দৰে এযােৰ হাওঁফাওঁ আছে , সিহঁতে ছালেৰেও উশাহ - নিশাহ ল'ব পাৰে । ইহঁতৰ ছালখন সেমেকা আৰু পিচল হৈ থাকে ।


Type:Ankur Raj Deka 

class 7 Science SCERT Book