ধৰ্মীয় নীতিঃ

আমাৰ দেশ ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্র। এয়াই ভাৰতৰ ধর্মনীতি। ঠিক তেনেকৈ মধ্যযুগীয় শাসকসকলেও ধৰ্মৰ ক্ষেত্ৰত একোটা নীতি গ্রহণ কৰিছিল। আমি জানাে মধ্যযুগৰ মােগলসকলে প্রায় তিনিশ বছৰ কাল এই দেশত শাসন চলাইছিল। বাবৰৰ পৰা আৰম্ভ কৰি শেষ মােগল সম্রাট দ্বিতীয় বাহাদুৰ ছাহলৈকে তেওঁলােকৰ ধর্মীয় নীতি একে আছিল নে? আহাচোন, আমি এই সম্পর্কে অলপ জানি লওঁ— 

মােগল সম্রাটমালােকে নিশ্চয় জানা ধর্মই মানুহক একত্রিত কৰে। ধৰ্মৰ অপব্যাখ্যাই সসকলৰ বেছি ভাগেই ৰাজনীতিৰ লগত ধর্মক একাকাৰ কৰা নাছিল। তােমাজত বিশৃংখলতাৰাে সৃষ্টি কৰে। ৰজাৰ ধৰ্ম নীতিৰ ফলতে সমাজ ঐক্যবদ্ধ হয়। মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা বাবৰে এই কথা উপলব্ধি কৰিয়েই প্রজাৰ ধৰ্মৰ ওপৰত হস্তক্ষেপ নকৰিছিল। তেওঁ জানিছিল প্রজাৰ অন্তৰ জয়েই শাসনৰ মূলনীতি। অর্থাৎবাবৰ ইছলামপন্থী হলেও তেওঁ অন্য ধৰ্মৰ প্ৰতিও সহানুভূতিশীল আছিল। যদিও মেৱাৰ জয়ৰ সময়ত বাবৰে কিছু ক্ষেত্ৰত ধর্মীয় গােড়ামী দেখুওৱা বুলি কিছু সংখ্যক ইতিহাসবিদে ক’ব। খােজে, প্ৰকৃততে ই আছিল বাবৰৰ মেৱাৰ জয়ৰ ৰণ কৌশলহে।

মোগল সম্ৰাটসকলৰ ধৰ্ম নীতি আলোচনা কৰিবলৈ গ'লে আকবৰ কথাহে মনৈল আহে। কিয়নো আকবৰৰ বাহিৰে মোগলৰ আন আন সম্ৰাটসকলে ধৰ্মীয় স্বাৰ্থ আৰু নিজ শাসন ব্যৱস্থা  বৰ্তাই ৰখাৰ ওপৰতে বিষেশভাৱে নজৰ দিছিল। সম্ৰাট আকবৰ এজন গোড়া মুছলমান হ'লেও ধৰ্মৰ  ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্ৰহণ কৰিছিল। সেয়েহে পিচলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্ম নীতিয়ে বিশেষভাৱে  অৰিহণা যোগাইছিল। 

আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহসজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পিচলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈচিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়েহ সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মৰমত উলিয়াইছিল ইয়াকে আমি দিন-ই-ইলাহী বুলি জানো। প্ৰথম অৱস্থাত এই ধৰ্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাদীনতা দিয়াতো তেওঁৰ ধৰ্ম নীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল। মোগল শাসনৰ সময়তেই ভক্তি আন্দোলনেও ভাৰতবৰ্ষৰ বিবিন্ন ঠাইত বিস্তাৰ লাভ কৰিছিল। অৱশ্যে মহাৰাষ্ট্ৰত তেৰ শতিকাতেই জ্ঞানদেৱে (১২৭১-৯৬) এই আন্দোলনৰ শুভাৰম্ভ কৰে। উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ অনুগামীসকলৰ ভিতৰত ৰমানন্দই বিষ্ণুৰ অৱতাৰ ৰামক পূজা কৰা আৰম্ভ কৰে। কবীৰ তেওঁৰেই প্ৰধান শিষ্য আছিল। শিখসকলৰ মাজত ভক্তি আন্দোলনৰ হোতা আছিল গুৰু নানক। অসমত ভক্তি আন্দোলনৰ ধাৰাটোকে বৈষ্ণৱ আন্দোলন বুলি কোৱা হয়। এই ধাৰাৰ মুখ্য প্ৰৱৰ্তক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 


Class 7 Social Science 

Type: Nayan Moni Deka