6.1 উদ্ভিদ আৰু প্রাণী একে ধৰণৰ কলাৰে গঠিতনে? (Are Plants and Animals Made of Same Types of Tissues?) 

    এতিয়া আমি কলাসমূহৰ গঠন আৰু কাৰ্যৰ বিষয়ে তুলনা কৰি চাওঁ আহা। উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ গঠন একেইনে ? দুয়ােবিধে একে কার্যকে কৰেনে?

    এইটো স্পষ্ট যে এই দুয়োবিধৰ মাজত মন কৰিবলগীয়া কিছুমান পাৰ্থক্য় বিদ্য়মান। উদ্ভিদবিলাক স্থিৰ বা একে ঠাইতে থাকে। তদুপৰি উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। দ্ভিদৰ ক্ষেত্ৰত মৃত কোষেও জীৱিত কোষৰ দৰে শাৰিৰীক শক্তি প্ৰদান কৰে সেয়েহে এইবোৰ নুন্য়তম পৰচাৰ্যৰহে প্ৰয়োজন হয়।

    আনহাতে প্ৰাণীয়ে খাদ্য়, সংগী আৰু আশ্ৰয়ৰ বাবে ইফালে সিফালে চলাচল কৰিব লাগে। সেয়েহে এই শ্ৰেণী জীৱক বহু বেচি পৰমাণে শক্তিৰ প্ৰয়োজন হয়। ইহঁতৰ সৰহখিনি কলাই হ'ল সজীৱ আৰু জীৱিত।

    উদ্ভিদ আৰু প্ৰাণীৰ অন্য় এক পাৰ্থক্য় হ'ল ইহঁতৰ দেহৰ বিকাশ আৰু বৃদ্ধিৰ স্বৰূপ। উদ্ভিদৰ ক্ষেত্ৰত, ইহঁতৰ বৃদ্ধি দেহৰ কোনো এক অঞ্চলতে সীমাবদ্ধতা হৈ থাকে। কিন্তু প্ৰাণীৰ ক্ষেত্ৰত সেইটো নহয়। উদ্ভিদৰ ক্ষেত্ৰত গোটেই জীৱন জুৰি একেখিনি কলাই বিভাজিত হৈ থাকে। বিভাজনক্ষম কোষখিনি দেহৰ কোনো এক বিশেষ স্থানতে সীমাবদ্ধ হৈ থাকে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদৰ দেহৰ কলাক ভাজক কলা আৰু স্থায়ী কলা বুলি শ্ৰেণী বিভাজন কৰিব পাৰ। প্ৰাণীৰ দেহত কোষৰ বৃদ্ধি এক মান বিশিষ্ট। সেয়েহে, প্ৰাণীৰ দেহক বিভাজিত আৰু অবিভাজিত অঞ্চল বুলি পৃথকীকৰণ কৰিব নোৱাৰি।

    এটা উচ্চ খাপৰ উদ্ভিদতকৈ এটা উচ্চ খাপৰ প্ৰাণীৰ অংগৰ সংগঠন আৰু অংগ তন্ত্ৰৰ গঠন বহু বেছি বিশেষত্বপূৰ্ণ। এই মৌলিক পাৰ্থক্য়ৰ ওপৰত ভিত্তি কৰি এই দুই প্ৰধান জীৱৰ জীৱন ধাৰণ প্ৰণালীৰ পাৰ্থক্য় বিবেচনা কৰিব পাৰি, বিশেষকৈ সিহঁতৰ আহাৰ গ্ৰহণ পদ্ধতি। তদুপৰি সিহঁতে  চাল-চলনাৰ বাবে অভিযোজন কৰি লোৱা অংগ তন্ত্ৰৰ শৈলী মন কৰিবলগীয়াষ অৰ্থাৎ প্ৰণীয়ে চলনৰ বাবে আৰু উদ্ভিদে একে ঠাইতে স্থিৰ হৈ থাকিবৰ বাবে কৰা অংগ তন্ত্ৰৰ অভিযোজনৰ শৈলী।

    এই প্ৰসঙ্গত প্ৰণী আৰু উদ্ভিদ দেহৰ জটিল গঠনযুক্ত কলাসমূহৰ সম্য়ক জ্ঞানৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰো আহাঁ।

প্ৰশ্নাৱলী

1.    কলা কি?

2.    বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?



Type:- Bidyut Thakuria

Class 9 Science Assam SCERT Book