চুলতানী আমােলৰ উচ্চপদস্থ বিষয়াঃ

চুলতানী যুগত ৰজাই সর্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল। তেওঁক শাসন কার্যত সহায় কৰিবলৈ কিছুমান বিষয়া নিয়ােগ কৰা হৈছিল। ৰাষ্ট্রৰ প্ৰধান মন্ত্রীজনক ‘উজীৰ আৰু তেওঁৰ দপ্তৰক ‘দিৱান- ইউজাৰত বোলা হৈছিল। ধর্ম সম্বন্ধীয় আৰু ন্যায় বিভাগৰ মুৰব্বীজনক চিদৰ উচচদুৰ বুলি কোৱা হয়। সামৰিক বিভাগৰ নিয়ন্ত্রণকাৰীজনক আৰিজ ইমাবালিক বােলা হৈছিল। তদুপৰি ৰাজসভা আৰু ৰাজ প্রাসাদৰ দায়িত্ব ‘উকীলই-দাৰ আৰু ‘ আমিৰ-ই-হবিব’ নামৰ বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু দিল্লীৰ চুলতান আৰু তুর্কী-আফগান বিষয়াসকলৰ মাজত সম্ভৱৰ অভাৱ আছিল। প্ৰকৃততে এই বিষয়াসকল ক্ষমতাশালী হােৱা বাবে চুলতান আৰু বিষয়াসকলৰ মাজত সদায়েই এখন শীতল যুদ্ধ চলিছিল। চুলতান গিয়াছুদ্দিন বলবনে এই ক্ষমতাশালী বিষয়াসকলক চুলতানৰ তলতীয়া কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু টোগলক বংশৰ চুলতান ফিৰােজছাহ টোগলকৰ দিনৰে পৰা তেওঁলােক অধিক ক্ষমতাশালী হৈ উঠে আৰু লােডীসকলৰ দিনত তেওঁলােকে ক্ষমতাৰ উচ্চ শিখৰত আৰােহণ কৰে।

ৰাজসভা 

দিল্লীৰ চুলতানসকলে পাৰস্য দেশৰ ৰাজসভাৰ আদব-কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল। বিশেষকৈ দাস বংশৰ শেষৰ গৰাকী চুলতান গিয়াছুদ্দিন বলবনে ৰজা ভগৱান প্রেৰিত দূত’ এই ধাৰণা প্রজাসকলৰ মাজত দিবলৈ যত্নপৰ হৈছিল। ৰাজসভাত আমােদ-প্রমােদ নিষেধ কৰি তেওঁ এক গাম্ভীর্যপূর্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। ৰাজসিংহাসনক সাধাৰণ প্ৰজা আৰু বিষয়াসকলতকৈ বহু ওপৰত স্থান দিছিল। যাৰ ফলত তেওঁ সুদৃঢ় কেন্দ্রীয় শাসন ব্যৱস্থা স্থাপনত সফল হৈছিল।

আমি ইতিমধ্যে জানিব পৰিছো যে ৰাজ্য বিস্তাৰৰ উদ্দেশ্যৰে চুলতানসকলে সাম্ৰজ্যৰ ওচৰ-পাজৰৰ অঞ্চলবোৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল আৰু সেই অঞ্চলৰ ভূ-মালিকসকলক তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল। চুলতানসকলে ভূমিৰ লগতে বজাৰো নিয়ন্ত্ৰণ কৰিছিল। আহাচোন চুলতানসকলে কি দৰে বজাৰ নিয়ন্ত্ৰণ কৰিছিল আৰু কেনেধৰণৰ ভূমি প্ৰথা প্ৰৱৰ্তন কৰিছিল জানি লওঁ一 

ভূমি প্ৰথাঃ

Alauddin Khiliji
আলাউদ্দিন খিলিজি

ভূমি প্ৰথা আৰু বজাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আন আন চুলতানসকলৰ তুলনাত আলাউদ্দিন খিলিজিয়ে অধিক ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি জানিব পাৰি। তেওঁ মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰা নিৰ্ধাৰণ কিছিল। উৎপন্ন সামগ্ৰীৰ এক-দ্বিতীয়াংশ কৰ হিচাপে গ্ৰহণ কৰিছিল। চুলতানৰ অধীনস্থ শাসনকৰ্তাসকলে ভূমিৰ জোখ-মাপ কৰাৰ লগতে সেইসমূহৰ হিচাব বৰ সাৱধানেৰে ৰাখিছিল। কিছুমান বয়সস্থ ভূ-মালিকে কৰ সংগ্ৰকাৰী হিচাপেও কাম কৰিছিল। তেতিয়াৰ দিনত তিনি ধৰণৰ কৰ আদায়ৰ ব্যৱস্থা আছিল। উৎপন্ন শস্যৰ ওপৰত দিবলগীয়া কৰ, গৰু-ম'হৰ ওপৰত দিবলগীয়া কৰ ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ। টোগলকে সাম্ৰাজ্যৰ সাৰুৱা মাটিৰ ওপৰত বিশেষ কৰ আৰোপ কৰিছিল বুলি জনা যায়।

দেশৰ অর্থনৈতিক ব্যৱস্থা সুস্থিৰ ৰাখিবলৈ হ'লে বজাৰ নিয়ন্ত্রণ কৰাটো অতিশয় জৰুৰী। সেয়েহে আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান গুৰুত্বপূর্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল। দিৱান-ই-ৰিয়াচত’ আৰু 'চাহান-ই- মন্দী’ নামৰ দুজন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। ইয়াৰােপৰি বজাৰ ব্যৱস্থাৰ ভূৰখাৰ বাবে তেওঁ চোৰাংচোৱাও নিয়ােগ কৰিছিল। তেওঁৰ দিনত নতুনকৈ ব্যৱসায় কৰিবলৈ মন মেলা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল। দেশৰ আৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল। তেওঁৰ পূর্বে কোনাে চুলতানেই তেনে প্রজাহিতকৰ ব্যৱস্থা হাতত লােৱা নাছিল। খাদ্য-শস্য কৰ  হিচাপে লৈ ৰাজভঁৰালত জমা কৰাৰ ব্যৱস্থা আছিল। কোনাে ব্যক্তিক নিজাববীয়াকৈ খাদ্য-শস্য মজুত ৰাখিবলৈ দিয়া নহৈছিল। প্রয়ােজনৰ সময়ত সেইবােৰ ৰাজহুৱাভাৱে বিতৰণৰ ব্যৱস্থা কৰা হৈছিল। বজাৰ ব্যৱস্থাত দূর্নীতি ৰােধ কৰিবলৈ তেওঁ দোষীক কঠোৰ শাস্তি প্রদান কৰাৰাে ব্যৱস্থা লৈছিল । চুলতানৰ অধীনৰ বিষয়াসকলক তেওঁলোকৰ কামৰ বাবদ দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
এনেদৰে দিল্লীৰ চুলতানসকলে প্ৰায় তিনিশ বিশ বছৰ কাল ভূখণ্ডত শাসন কাৰ্য চলাইছিল। তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যক একত্ৰিত কৰি ভৰতবৰ্ষক এখন সম্পদশালী ভূখণ্ডলৈ পৰিৱৰ্তন কৰিছিল।


Class 7 Social Science 
Type: Nayan Moni Deka