সমবায় বেংক

এই বেংকৰ প্ৰধান উদ্দেশ্য় হৈছে কম সুদত দুখীয়া খেতিয়ক, শিপিনী, ক্ষুদ্ৰ উদ্য়োগপতি আগিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা। তোমালোকে পাই আহিছা যে আমাৰ দেশৰ শতকৰা প্ৰায় ৭০ জন মানুহ কৃষক। গাঁৱৰ মহাজনবিলাকৰ পৰা ঋণ লওঁতে খুব বেছি হাৰত সুদ দিবলগীয়া হয়। মহাজনৰ কবলৰ পৰা কৃষকক ৰক্ষা কৰিবলৈকে আৰু কৃষকৰ মাজত মিতব্য়য়িতা আৰু আত্মানিৰ্ভৰশীলতাৰ ভাব জগাই তুলিবলৈ গাঁৱতে কৃষি ঋণ সমবায় সমিতি পতা হয়। সমবায় বেংকে কৃষসকলক হ্ৰস্বম্য়াদী ঋণ আগবঢ়াই কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধিত সহায় কৰে। দেশৰ আৰ্তিক উন্নয়নত সমবায় বেংকৰ অৱদান অন্য়তম।

ভূমি বন্ধকী বেমকঃ

ভূমি বন্ধকী বেংকে খেতিয়কলৈ ভূমি বন্ধকীৰ বিপৰীতে দীৰ্ঘকালীন ঋণ আগবঢ়ায়। অৰ্থাৎ চৰ্ত সাপেক্ষে নিজৰ মাটিৰ প্ৰকৃত কাগজ-পত্ৰ বেংক কৰ্তৃপক্ষৰ ওপৰত জমা থৈ কৃষকে বেংকৰ পৰা ঋণ আদায় কৰে দীৰ্ঘকালীন ঋণ ব্য়ৱস্থাই তেওঁলোকক উৎসাহিত কৰে আৰু উৎপাদন কাৰ্যত মনোনিৱেশ কৰিবলৈ আগ্ৰহ জম্নায়।

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য় উন্নয়ন বেংকঃ

দেশৰ কৃষি আৰু গ্ৰাম্য় উন্নয়নৰ লক্ষ্য় আগত ৰাখি আমাৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য় উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্পাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য় উন্নয়ন বাবে বিভিন্ন আঁচনি, প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন (১৮ মাহৰ বাবে) আৰু দীৰ্ঘকালীম (২৫ বছৰ বাবে) হিচাপে আগবঢ়াৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ ঋণ সৰবৰাহৰ বাবে নাবাৰ্ডে ভাৰতীয় ৰিৰিভাজ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে। ওপৰৰ আলোচনাখিনিৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ বেংক আৰু ইয়াৰ কাৰ্যাৱলীসমূহৰ বিষয়ে কিছু কথা জানিব পাৰিলা। বেংকৰ উপৰি দেসৰ আৰ্থ-সামাজিক দিশক উন্নত কৰাৰ বাবে আন কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠানেও উদ্য়োগ, কৃষি, বাণিজ্য়, হস্ততাঁত শিল্প, উদ্য়োগ, কুটিৰ শিল্প আদি ক্ষেত্ৰলৈ ঋমৰ যোগান ধৰে। অসমকে ধৰি সম্ৰগ উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ গতি বৰ লেহেমীয়া। কাৰণ নানাধৰণৰ প্ৰতিকুলতাই এই অঞ্চলত উদ্য়োগ প্ৰতিষ্ঠাত অন্তৰায় হিচাপে ক্ৰিয়া কৰি আছে। ফলস্বৰূপে অৰ্থনৈতিক দিশত আমি আনৰ ওপৰত এতিয়াও নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ দিশটোক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে কেইটামান বিশেষ বিত্তীয় অনুষ্ঠান গঢ়ি তুলিছে যাতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ঔদ্যোগিক বিকাশৰ ধাৰণাই প্ৰসাৰতা লাভ কৰে। এই অনুষ্ঠানসমূহৰ ভিতৰত আমি আমাৰ পাঠত দুটা অতি উল্লেখযোগ্য অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিম-



Class 8 Social Science

Type: Dimi Bora