মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা  

পূৰ্বৱতী পাঠত তোমালোকে মানৱ সম্পদ, উন্নয়ন আৰু এই সম্পদৰ নিৰ্দেশকসমূহৰ বিষয়ে বিশদভাৰে পালা। এখন দেশৰ প্ৰতিজন নাগৰিকেই সম্পদ হিচাপে পৰিগণিত হোৱাৰ সুযোগ পাব লাগে। উন্নত দেশসমূহৰ উন্নতিৰ মূল চালিকা শক্তি হৈছে উন্নয় মানৱ সম্পদ। কিন্তু ভাৰতৰ দৰে এখন বিশাল জনসংখ্যাৰ দেশত মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ পৰ্যাপ্ত নহয়। কাৰণ জনসংখ্যাৰ হিচাপে আমাৰ দেশৰ উৎপাদন ব্যৱস্থা এতিয়াও সিমান সবল হৈ উঠা নাই যাৰ ফলত আমাৰ ৰাষ্ট্ৰীয় আয়ৰ পৰিমাণ উন্নত দেশৰ তুলনাত বহুগুণ কম। বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশেই নিজৰ অৰ্থনৈতিক স্থিতি দৃঢ় কৰাৰ ক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰিছে। এই ক্ষেত্ৰত আমাৰ দেশো পিছ হুহকি থকা নাই। দেশৰ উৎপাদন বৃদ্ধিত প্ৰাকৃতিক সম্পদৰ লগে লগে প্ৰয়োজন হয় উপযুত্ত আৰু কৌশলী মানৱ। সম্পদৰ। আমাৰ চৰকাৰেও 'মানৱ সম্পদ উন্নয়ন বিভাগ'ৰ জৰিয়তে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন কৰিবলগীয়া কথা এয়ে যে চৰকাৰৰ ভিন্নমুখী প্ৰচেষ্টাৰ বাটত বহুত স্বত্বেও আমাৰ দেশত মানৱ সম্পদ উন্নয়নৰ দিশটো ঠন ধৰি উঠিব পৰা নাই। এই প্ৰচেষ্টাৰ বাটত কাৰণে অন্তৰায় হিচাপে থিয় দিছে। এই পাঠৰ জৰিয়তে মানৱ সম্পদৰ উন্নয়নৰ কিছুমান বিশেষ অসুবিধাৰ লগতে মানৱ সম্পদ উন্নয়নত চৰাকাৰে লোৱা ভূমিকাসমূহৰ বিষয়ে আলোচনা কৰিম।  

মানৱ সম্পদ উন্নয়ন অসুবিধাঃ

ইতিমধ্যে উল্লেখ কৰা হৈছে যে মানৱ সম্পদ উন্নয়নৰ পথত আমাৰ দেশত অনেক বাধা বা অসুবিধা আছে। এই অসুবিধাসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল অধিক জনসংখ্যা, মূলধন বা পুঁজিৰ অভাৱ, নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, কুসংস্কাৰ, বিষমতা আদি এই কাৰকবোৰৰ কাৰণে আমাৰ দেশৰ মানুহ উপযুত্ত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই আহাচোন, এই বিষয়ে চমুকৈ আলোচনা কৰোঁ। 

অধিক জনসংখ্যাঃ

তোমালোকে ইতিমধ্যে পাই আহিছা যে অধিক জনসংখ্যাই আমাৰ দেশৰ উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে সীমিত আয়েৰে অত্যাধিক জনসংখ্যাক উপযুক্তভাৱে সা-সুবিধা তথা শিক্ষা দি সম্পদলৈ ৰূপান্তৰ কৰাৰ পথ আমাৰ দেশৰ বাবে সহজসাধ্য নহয়। সেয়েহে অধিক জনসংখ্য়া  মানৱ সম্পদ উন্নয়নৰ এটা অন্য়তম বাধা হিচাপে চিহ্নিত হৈচে। আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰ উভয়েই অধিক জনসংখ্য়াৰ কবলতনিমজ্জিত। মানৱ সম্পদৰ উন্নয়ন ঘটাবলৈ হ'লে জনসংখ্য়া বূদ্ধিৰ ই দ্ৰত হাৰ হ্ৰাস হ'ব লাগিব।

মূলধন বা পুঁজিত অভাৱঃ

মূৱধন বা পুঁজিৰ অভাৱ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য় বাধা। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰণ হ'ল শিক্ষা, স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা। প্ৰাথমিক  বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়, কাৰিকৰী আৰু বূত্তিমূখী শিক্ষা প্ৰতিষ্ঠান, সস্পিতাল, খোৱাপানীৰ প্ৰকল্প, উন্নতমানৰ ৰাস্তা-ঘাট, দলং, নলা-নৰ্দমা আদি পৰিকাঠামো মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অত্য়ন্ত প্ৰয়োজনীয়। কিন্তু মূলধন বা পুঁজিৰ অভাৱৰ কাৰণে আমাৰ দেশৰ বিশেষকৈ গাঁও অঞ্চলত প্ৰয়োজনৰ তুলনাত এই ব্যৱস্থাসমূহ আজিও সীমিত।


Class 8 Social Science

Type: Dimi Bora