দৰিদ্ৰতা

দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এই বুজনসংখ্য়াক লোক শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ক্ৰমে পুষ্টিকৰ খাদ্য আৰু উপযুত্ত সিক্ষাৰ প্ৰয়োজন যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰযাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই সৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলায়।  

নিৰক্ষৰতাঃ

নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকাৰী কুশলতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় য়াৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে।

অন্ধবিশ্বাসঃ

মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজি সমগ্ৰ বিশ্বাৰ সামগ্ৰিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত, অশিক্ষিত নিৰ্বিশেষে  আমাৰ দেশৰ এক বুজনসংখ্য়ক লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিশ্বাসী। এই লোকসকল বৈজ্ঞানিক আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ পৰিপন্থী যাৰ ফলত তেওঁলোক উন্নয় মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই।

বিষমতাঃ 

বিভিন্ন ধৰণৰ বিষমতা মানৱ সম্পদ উন্নয়নৰ আন এটি বাধা। এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষ আজি বিশ্বৰ সকলোৰে আগত পৰিচিত। কিন্তু গণতান্ত্ৰিক ব্যৱস্থা বা চিন্তাধাৰাইও আমাৰ দেশৰ লোকৰ মাজত ধৰ্মীয় বিষমতা, ভাষাভিত্তিক বিষমতা, জাতি আৰু গোষ্ঠী ভিত্তিক বিষমতা আৰু অঞ্চলভিত্তিক বিষমতা আঁতৰ কৰিব পৰা নাই এই বিষমতাই আজি মানুহৰ মাজত এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যিয়ে সমাজৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰিছে।


Class 8 Social Science

Type: Dimi Bora