১০.২ উশাহ নিশাইঃ

 ক্রিয়াকলাপ ১০.১

সকীয়নি

ষিক্ষকৰ তদাৰকতহে এই ক্ৰিয়াকলাপটো কৰিবা


        তােমালােকৰ নাকৰ বিন্ধা আৰু মুখ টানকৈ বন্ধ কৰা আৰু ঘড়ীলৈ চোৱা । অলপ সময়ৰ পাছত তােমালােকে কি অনুভৱ কৰিছা ? কিমান সময় এই দুয়ােটা বিন্ধা বন্ধ কৰি ৰাখিব পাৰিছা ? প্রত্যেকেই কিমান সময়ৰ বাবে উশাহ - নিশাহ বন্ধ কৰি ৰাখিব পাৰিছা লিখা ( চিত্র ১০.২ ) । 

    তােমালােকে এতিয়া জানিলা যে তােমালােকে উশাহ - নিশাহ নােলােৱাকৈ বেছি সময় জীয়াই থাকিব নােৱাৰা ।

     তােমালােকে নিশ্চয় কুকুৰ , মেকুৰী আৰু গৰুৰ পেটবােৰ উশাহ - নিশাহ লওঁতে উঠা - নমা কৰা দেখিছা । 

    উশাহ - নিশাহ মানে হ’ল শ্বাস অংগৰ দ্বাৰা অক্সিজেনযুক্ত বায়ু ভিতৰলৈ নিয়া আৰু কার্বন - ডাই অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিয়া । অক্সিজেনযুক্ত বায়ু শৰীৰৰ ভিতৰলৈ নিয়াকে উশাহ লােৱা আৰু কার্বন - ডাই - অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিয়াকে নিশাহ বােলে । ই এটা অবিৰত প্রক্রিয়া যি সকলােসময়তে আৰু জীৱৰ গােটেই জীৱনজুৰি চলি থাকে ।

     এজন মানুহে এক মিনিটত যিমান বাৰ উশাহ নিশাহ লয় তাকে উশাহ নিশাহৰ হাৰ বুলি কোৱা হয় । উশাহ নিশাহ লোৱাৰ সময়ত উশাহ আৰু নিশাহ এটাৰ পিছত এটাকৈ দুয়ােটা সম্পন্ন হৈ থাকে । উশাহ নিশাত মানে এবাৰ উশাহ লােৱা আৰু এবাৰ নিশাহ এৰি দিয়া । তোমালােকৰ উশাহ - নিশাহৰ হাৰউলিয়াব বিচৰানে ? তােমালােকে জানিবলৈ বিচৰানে । এই হাৰ স্থিৰ হৈ থাকে নে শৰীৰত অক্সিজেনৰ প্রয়ােজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি সলনি হয় । তলৰ ক্রিয়াকলাপটো কৰি চাওঁ আহা ।

 ক্রিয়াকলাপ ১০.২

 আমি যে উশাহ - নিশাহ লৈ আছে এই বিষয়ে সাধাৰণতে আমি সজাগ নহওঁ । যি কি নহওক , তােমালােকে যদি চেষ্টা কৰা তেন্তে উশাহ - নিশাহৰ হাৰ গণনা কৰিব পাৰা । স্বাভাৱিকভাৱে উশাহ ভিতৰলৈ নিয়া আৰু নিশাহ বাহিৰ কৰা । এক মিনিটত কিমান বাৰ উশাহ লৈছা আৰু নিশাহ এৰিছা তাক গণনা কৰা । যিমান বাৰ উশাহ লৈছিলা সিমানবাৰ নিশাহ এৰিছানে ? এতিয়া খৰকৈ খােজ কঢ়া আৰু দৌৰাৰ পিছত তােমাৰ উশাহ - নিশাহৰ হাৰ ( প্রতি মিনিটত উশাহ - নিশাহৰ সংখ্যা ) গণনা কৰা । শেষ কৰাৰ লগে লগে আৰু সম্পূর্ণ জিৰণিৰ পিছত তােমালােকৰ উশাহ - নিশাহৰ হাৰ টুকি ৰাখা । তােমালােকৰ ফলাফলসমূহ তালিকাভুক্ত কৰা আৰু বিভিন্ন অৱস্থাবােৰত পােৱা উশাহ - নিশাহৰ হাৰবােৰ তােমালােকৰ সহপাঠীসকলৰ লগত তুলনা কৰি চোৱা ( তালিকা ১০.১ ) । 

    ওপৰৰ ক্রিয়াকলাপটোৰ পৰা তােমালাের্কে নিশ্চয় অনুমান কৰিব পাৰিছা যে যেতিয়া এজন ব্যক্তিৰ অতিৰিক্ত শক্তিৰ প্ৰয়ােজন হয় , তেতিয়া তেওঁ ঘনকৈ উশাহ - নিশাহ লয় । ফলত আমাৰ কোষবােৰলৈ অক্সিজেনৰ যােগান বেছি হয় । ই খাদ্যবস্তুৰ ভাঙোন দ্রুত কৰে আৰু এইদৰে অধিক শক্তি এৰি দিয়াত সহায় কৰে । এইটোৱেই বুজায় নেকি — কিয় শাৰীৰিক পৰিশ্ৰম কৰাৰ পিছত আমি তােক অনুভৱ কৰোঁ ? 


এক মিনিটত এজন পূর্ণ বয়স্ক মানুহে জিৰণি অৱস্থাত গড় হিচাপে ১৫-১৮ বাৰ উশাহ - নিশাহ লয় । ব্যায়ামৰ সময়ত প্রতি মিনিটত উশাহ - নিশাহৰ হাৰ ২৫ বাৰলৈ বৃদ্ধি হয় । যেতিয়া ব্যায়াম কৰোঁ , তেতিয়া আমি খৰকৈ উশাহ - নিশাহ লােৱাই নহয় , আমি দীঘলকৈও উশাহ লওঁ । এইদৰে বেছি পৰিমাণৰ অক্সিজেন ভিতৰলৈ সােমায় লওঁ । 



    যেতিয়া তােমালােকে টোপনিৰ ভাব । অনুভৱ কৰা তােমালােকৰ উশাহ - নিশাহৰ হাৰ কমি যায়নে ? তােমালােকৰ শৰীৰে পর্যাপ্ত পৰিমাণৰ অক্সিজেন পায় নে ?

 ক্রিয়াকলাপ ১০.৩ 

এজন ব্যক্তিয়ে এদিনত স্বাভাৱিক অৱস্থাত কৰা বিভিন্ন কার্য চিত্র ১০.৩ দেখুওৱা হৈছে । তােমালােকে কব পাৰিবানে , কোনটো কামত উশাহ - নিশাহৰ হাৰ আটাইতকৈ কম আৰু কোনটোত আটািতকৈ বেছি হয়? তোমালোকৰ অভিক্ষতাৰ ভিত্তিত উশাহ-নিশাহৰ বাৰ্ধিত হাৰ অনুযায়ী ছবিবৌোৰ সংখ্যাৰে নামকৰণ কৰা। 


Type: Ankur Raj Deka 

C;lass 7