হৰ্ষবৰ্ধনঃ

কাষৰ মানচিত্ৰখনত থানেশ্বৰ ৰাজ্যখন দেখিছানে? আজিৰ পৰা প্ৰায় তেৰশ মান বছৰ আগতে এই ৰাজ্যখনত হৰ্ষবৰ্ধন নামৰ এজন প্ৰবল প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। হৰ্ষবৰ্ধনক শিলাদিত্য নামেৰেও জনা যায়। থানেশ্বৰ ৰাজ্যখন আছিল বৰ্তমানৰ হাৰিয়ানা প্ৰদেশত। এই ৰাজ্যৰ প্ৰতিস্থাপক আছিল প্ৰভাকৰবৰ্ধন। হৰ্ষবৰ্ধন আছিল এই ৰাজ্যৰ তৃতীয় ৰজা। ভনীয়েক ৰাজ্যশ্ৰীৰ প্ৰতিনিধি হিচাপে তেওঁ কনৌজও শাসন কৰিছিল। পিছলৈ থানেশ্বৰ আৰু কনৌজ একত্ৰিক হৈছিল। কনৌজ আছিল হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী।

হৰ্ষবৰ্ধনৰ কথাবোৰ বাৰু আমি ক'ৰ পৰা জানিব পাৰো? হৰ্ষবৰ্ধনৰ ৰাজকবি বাণভট্টই লিখা হৰ্ষচৰিত, চীন পৰিব্ৰাজক হিউৱেন, তাম্ৰলিপি, শিলালিপি এইবোৰৰ পৰা আমি হৰ্ষবৰ্ধনৰ বিষয়ে জানিব পাৰো। এইসকল লেখকৰ মতে হৰ্ষবৰ্ধনৰ প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। তেওঁ একেধাৰে এজন সুদক্ষ যোদ্ধা, সুশাসক, সুপণ্ডিত আৰু বিদ্যানুৰাগী সম্ৰাট আছিল। 

হৰ্ষবৰ্ধনৰ প্ৰশাসনঃ 

সম্ৰাট হৰ্ষবৰ্ধনৰ তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাওঁ আদি ভাগত ভাগ কৰিছিল। আজি কালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল।

হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ শোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।

ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নামে কি জানানে? ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। সম্ৰাট হৰ্ষবৰ্ধনো এজন ধৰ্ম নিৰপেক্ষ ৰজা আছিল। তেওঁ আছিল শৈৱধৰ্মী। কিন্তু তেওঁ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকো আছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। হিন্দু ধৰ্মৰ বাবে মঠ-মন্দিৰো নিৰ্মাণ কৰাইছিল। 

হৰ্ষবৰ্ধনৰ আছিল একেধাৰে সাহিত্যনুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট। নালন্দা বিশ্ববিদ্যালয়লৈ তেওঁ ৰাজপৃষ্ঠপোষকতা আগবঢ়াইছিল। বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্টই হৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল। হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমলা ৰচিত হৈচিল। হৰ্ষবৰ্ধন নিজেও সু-সাহিত্যিক আছিল। নাগানন্দ, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ তিনিখন পুথি তেওঁ ৰচনা কৰিছিল।

ওচৰ-চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত হৰ্ষবৰ্ধনে কেনেকুৱা সম্বন্ধ স্থাপন কৰিছিল জানানে? বল্লভী, উৰিষ্যা, কঙ্গোদ আদি ৰাজ্যসমূহ তেওঁ জয় কৰি মিত্ৰতা স্থাপন কৰিছিল। কামৰূপৰ ৰজা ভাস্কৰবৰ্মণো তেওঁৰ মিত্ৰ ৰজা আছিল।


Class 7 Social Science 

Type: Nayan Moni Deka