আনুপাতিক প্ৰতিনিধিত্ব


এতিয়া আমি ইয়াক ইজৰাইলৰ নিৰ্বাচনৰ লগত তুলনা কৰো, যত সম্পূৰ্ণ বেলেগ নিৰ্বাচনী পদ্ধতি অবলম্বন কৰা হয় ।  ইজৰাইলত এবাৰ ভোট গণনা হৈ যোৱাৰ পাছত প্ৰতিটো দলক ই লাভ কৰা ভোটৰ সমানুপাতিক ভাবে সংসদত আসন দিয়া হয়।  প্ৰতিটো দলে নিৰ্বাচনৰ আগতে ঘোষণা কৰা এখন পচগু তালিকাৰ পৰা প্ৰয়োজনীয় সংখ্যক মনোনীত প্ৰাৰ্থীক বাছি লৈ ইয়াৰ  ভাগৰ আসন পূৰ্ণ কৰে। এই ধৰণৰ নিৰ্বাচনক আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি বোলে । এই পদ্ধতিত এটা দলে ইয়াৰ ভোটৰ সামানুপাতিকভাৱে আসন লাভ কৰে।

আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিত দুটা তাৰতম্য থাকিব পাৰে।  কিছুমান দেশত যেনে- ইজৰাইল বা নেদাৰলেগুত সমগ্ৰ  দেশখনকে এটা সমষ্টি বুলি ধৰি জাতীয় নিৰ্বাচনত প্ৰতিটো দলে লাভ কৰা ভোটৰ অংশ অনুসৰি  আসন দিয়া হয়। অন্য পদ্ধতিটো হল যেতিয়া এখন দেশ আৰ্জেন্টিনা বা পৰ্ত্তুগালৰ দৰে কেবাটাও বহু সদস্যযুক্ত সমষ্টিত ভাগ কৰা হয়। প্ৰতিটো দলে নিৰ্বাচিত হবলগীয়া প্ৰাৰ্থীৰ সংখ্য অনুযায়ী প্ৰতিটো সমষ্টি বাবে এখন প্ৰাৰ্থী তালিকা প্ৰস্তুত  কৰে। দুয়োটা ক্ষেত্ৰতে ভোটাদাতাসকলে দলকহে নিৰ্বাচন কৰে, প্ৰাৰ্থীক নহয়। এটা সমষ্টি দুটা  দলে লাভ কৰা ভোটৰ ওপৰত ভিত্তি কৰি সমষ্টিটোত আসন বিতৰণ কৰা হয়।   

ইজৰাইলৰ আনুপাতিক প্ৰতিনিধিত্ব ( Proportional Representation In Israel) ইজৰাইলত আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অৱলম্বন কৰা হয়।  তাৰ বিধামগুল ৰ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত  হয় । প্ৰতিটো দলে ইয়াৰ প্ৰাৰ্থীসকলৰ এখন তালিকা ঘোষণা কৰে। কিন্তু ভোটদাতাসকলে দলৰ বাবেহে ভোট দিয়ে। প্ৰাৰ্থীৰ বাবে নহয়। প্ৰতিটো দলে ই লাভ কৰা ভোটৰ সমাুপাতিক ভাবে বিধামগুলত আসন লাভ কৰে। ইাৰ ফলত অতি কম সমৰ্থন থকা সৰু সৰু দলেও বিধানমগুলত প্ৰতিনিধিত্ব পায়। ( এটা দলে বিধান মগুলত আসন পাবৰ বাবে কম পক্ষেও ১.৫ শতাংশ ভোট পাবই লাগিব) ই প্ৰায়ে বহু দলীয় সন্মিলিত চৰকাৰ সৃষ্টি কৰে।  গতিকে দেখা যায় যে এটা সমষ্টিৰ প্ৰতিনিধিসকল বেলেগ বেলেগ দলৰ সদস্য।  ভাৰতত পৰোক্ষ নিৰ্বাচনৰ বাবে  সীমিতভাৱে pr আনুপাতিক প্ৰতিনিধিত্ব (P59) পদ্ধতি গ্ৰহণ কৰা হৈছে । সংবিধানে ৰাষ্ট্ৰপতি ৰাজ্যপাল আৰু বিধান পৰিষদৰ সদস্যসকলৰ নিৰ্বাচনৰ বাবে তৃতীয় আৰু এক জটিল সমানুপাতিক প্ৰতিনিধিত্ব (Pr)  ব্যৱস্থাৰ গ্ৰহণ কৰিছে ।

ৰাজ্যসভা নির্বাচনৰ  আনুপাতিক প্রতিনিধিত্বই কেনেকৈ কাম কৰে How Does PR Work In Rajya Sabha Elections)

 ৰাজ্যসভা নিৰ্বাচনৰ বাবে আনুপাতিক প্ৰতিনিধিত্বৰ তৃতীয় ৰূপ দেখা যায় যাৰ দ্বাৰা একক হস্তান্তযােগ্য ভােট ( Single transferable vote ) পদ্ধতি অৱলম্বন কৰা হয় । প্রত্যেক ৰাজ্যৰ ৰাজ্যসভাত নির্দিষ্ট সংখ্যক আসন আছে । প্রতিখন ৰাজ্যৰ বিধান সভাৰ নির্বাচিত সদস্য সকলে একক হস্তান্তযােগ্য গােপন ভােটৰ জৰিয়তে ৰাজ্যসভাৰ সদস্য সকলক নির্বাচিত কৰে । ভােটাৰসকল হ’ল সংশ্লিষ্ট ৰাজ্যখনৰ বিধায়ক । প্রতিজন ভােটদাতাই প্রার্থীসকলক নিজৰ পছন্দৰ ভিত্তিত ক্রম অনুযায়ী শ্রেণীভুক্ত কৰে । জয়লাভ কৰিবলৈ এজন প্রার্থীয়ে এক নিম্নতম সংখ্যক ভােট পাবই লাগিব । তাৰ বাবে এটা সূত্ৰ আছেঃ


 উদাহৰণ স্বৰূপে যদি ৰাজ্যসভাৰ বাবে ৰাজস্থানৰ ২০০ জন বিধায়কে ৪ জন সদস্য নির্বাচন কৰিব লাগে , বিজেতাজনে ( ২০০ / ৪ + ১ = ৪০ +১ ) ৪১ টা ভােট পাব লাগিব । ভােট গণনা কৰােতে প্রতিজন প্রার্থীয়ে পােৱা প্রথম পছন্দৰ ভােটক ভিত্তি হিচাপে লােৱা হয় । 

    যদিহে প্রথম পছন্দৰ ভােটসমূহ গণনা কৰাৰ পাচত প্রয়ােজনীয় সংখ্যক প্রার্থীয়ে ‘ কোটা ’ সংখ্যক ভােট নাপায় , তেন্তে নিম্নতম প্রথম পছন্দৰ ভোট পােৱা প্রার্থীজনক তালিকাৰ পৰা বাদ দিয়া হয় আৰু তেওঁৰ বেলট পেপাৰত পােৱা দ্বিতীয় পছন্দৰ ভােটসমূহ প্রার্থীসকললৈ হস্তান্তৰ কৰা হয় । যেতিয়ালৈকে প্রয়ােজনীয় সংখ্যক প্রার্থী নির্বাচিত হােৱা বুলি ঘােষণা কৰা নহয় তেতিয়ালৈকে এই পদ্ধতি চলি থাকে ।

 Type Sumit KumarPatar

Class 11 Political Science