শিক্ষা সংস্কাৰ

 পূৰ্বতে ভাৰতীয় শিক্ষা আছিল মূলতঃ ধৰ্মমূলক। সংস্কৃত, পাৰ্চী আৰু আৰবী ভাষাৰ কিছু জ্ঞান দিয়াটোৱেই আছিল সেই কালৰ শিক্ষা প্রণালীৰ বৈশিষ্ট্য । শিক্ষার্থীসকল হিন্দু হলে টোল বা গুৰুকুলত আৰু মুছলমান হলে মাদ্রাছা আৰু মােক্তাবত শিক্ষা গ্রহণ কৰিছিল । ইংৰাজসকলে ভাৰতীয় শিক্ষা ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব বিচাৰিছিল । ১৭৮১ খ্রীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল আৰু ১৭৯২ খ্রীষ্টাব্দত জনাথন ডানকান নামৰ এজন ইংৰাজ বিষয়াই বাৰাণসীত সংস্কৃত কলেজ এখন স্থাপন কৰিছিল । এইবােৰ শিক্ষানুষ্ঠানত প্ৰাৰম্ভিক পর্যায়ত পুৰণি পদ্ধতিৰে জ্যোতিষ আৰু ব্যাকৰণৰ শিক্ষা দিয়া হৈছিল । সেই সময়ত ইংলণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল । সাম্রাজ্যবাদী ইংৰাজে যিহেতু ভাৰতক এখন উপনিৱেশ হিচাপেহে ব্যৱহাৰ কৰিছিল সেয়ে তেওঁলােকৰ নিজৰ স্বাৰ্থত ভাৰতীয় সমাজ আৰু অর্থনীতিত পাশ্চাত্য আৰ্হিত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল । তাৰ বাবে প্রয়ােজন হৈছিল ইংৰাজী মাধ্যমৰ পাশ্চাত্য শিক্ষা । সাধাৰণ  আৰ্হিত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল । তাৰ বাবে প্রয়ােজন হৈছিল ইংৰাজী মাধ্যমৰ পাশ্চাত্য শিক্ষা । সাধাৰণ শ্ৰেণীৰ ভাৰতীয়সকলেও যাতে ইংৰাজী ভাষাটো আ য়ত্ত্ব কৰিব পাৰে আৰু এই শ্রেণীটোক শ্রমিক বা বনুৱা হিচাপে কম খৰচতে কোম্পানীৰ চৰকাৰে ব্যৱহাৰ কৰিব পাৰে তাত অধিক গুৰুত্ব দিছিল । ইংৰাজসকলৰ বাবে ভাৰতবর্ষ এখন উপযুক্ত বজাৰ হিচাপে বিবেচিত হৈছিল । লাহে লাহে ইংৰাজী ভাষাৰ প্ৰচলনত তেওঁলােকে গুৰুত্ব দিবলৈ ধৰিলে । পিছলৈ পাশ্চাত্য শিক্ষাৰ সৈতে সংগতি ৰাখি লর্ড উইলিয়াম বেন্টিংকৰ দিনত শিক্ষাৰ মাধ্যম ইংৰাজী হােৱাটো বাধ্যতামুলক কৰিছিল । এনেকৈ প্রাশ্চাত্য শিক্ষাৰ প্রতি মানুহৰ ধাউতি বঢ়াইছিল । ফলত পৰম্পৰাগত ভাৰতীয় সংস্কৃত আৰু পাৰ্চী ভাষাৰ চৰ্চা কমি গৈছিল । গৱৰ্ণৰ জেনেৰেল লর্ড ডেলহাউচিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আৰু কিছু সালসলনি ঘটাই চার্লছ উডৰ বিখ্যাত প্ৰেৰণ পত্ৰত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আৰু সালসলনি ঘটাই চার্লছ উডৰ বিখ্যাত প্রেৰণ পত্ৰত ভাৰতীয় শিক্ষা প্রণালীৰ ৰূপৰেখা প্রস্তুত কৰি দিয়ে । ছাৰ চাৰ্লছ উড আছিল নিয়ন্ত্রণ ব'র্ডৰ সভাপতি । এই প্ৰেৰণ পত্র কার্যকৰী কৰাত ডেলহাউচিয়ে গুৰুত্ব দিছিল । সেয়ে তেওঁ প্রাথমিক , উচ্চ ইংৰাজী বিদ্যালয় আৰু কেইবাখনাে মহাবিদ্যালয় স্থাপন কৰি দিছিল । লর্ড ডেলহাউচিৰ দিনত ভাৰতীয় সংস্কৃত সাহিত্যৰ পুনৰ প্ৰচাৰ হৈছিল । বংগদেশৰ ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ আৰু অসমৰ আনন্দ ৰাম বৰুৱাই এই সময়ত সংস্কৃত সাহিত্যৰ উৎকর্ষ সাধন কৰিছিল ।ইংৰাজ গৱৰ্ণৰসকলৰ সংস্কাৰসমূহে ভাৰতীয় সমাজ আৰু অৰ্থনীতিত যথেষ্ট প্রভাৱ পেলাইছিল । ইংৰাজসকলে তেওঁলােকৰ সংস্কাৰসমূহৰ জৰিয়তে ভাৰতত তেওঁলােকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰাৰ লগে লগে অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত বহুতাে পৰিৱৰ্তন আনিছিল । ভাৰত উপ - মহাদেশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মূল উদ্দেশ্য আছিল কোম্পানীৰ বাবে যিকোনাে উপায়ে ধন সংগ্রহ কৰা আৰু শাসন কৰা । ইংৰাজ অহাৰ আগলৈকে ভাৰতৰ অর্থনীতি এক সামন্ততান্ত্রিক ব্যৱস্থাৰ মাজেদি চলিছিল । ইংৰাজসকল আছিল পুঁজিবাদী জাতি । গতিকে নিজৰ লাভৰ প্রতি লক্ষ্য ৰাখি তেওঁলােকে পৰম্পৰাগত ভাৰতীয় অর্থনীতিৰ গাঁথনি ভাঙি আধুনিক শিল্প বাণিজ্যৰ প্ৰসাৰ ঘটায় । ইয়াতে ভাৰতীয় কুটিৰ শিল্পৰ যথেষ্ট ক্ষতি হৈছিল । বাণিজ্য প্রসাৰৰ বাবে অৱশ্যে ইংৰাজসকলে যাতায়াত - যােগাযােগৰ ব্যৱস্থা উন্নত কৰিছিল । ৰে’ল - লাইন নির্মাণ কৰি ৰে'ল গাড়ীৰ প্ৰচলনৰ ব্যৱস্থা কৰিছিল। লৰ্ড কৰ্ণৱালিছৰ ভূমিৰ চিৰস্থায়ী বন্দবস্তই জমিদাৰ শ্ৰেণীৰ সৃষ্টি কৰি কৃষকক আলৈ-আহুকালত পেলাইছিল যদিও লৰ্ড হেষ্টিংছে এনে ব্যৱস্থা আঁতৰাই কৃষকক ভূমি পট্ৰা দি তেওঁলোকৰ অৱস্থাতা উন্নতি কৰিছিল। আকৌ লৰ্ড উইলিয়াম বেটিংকে নতুন অনুমতি পত্ৰৰ ব্য়ৱস্থা কৰি ভাৰতত কানি ব্যৱসায়ৰ প্ৰচলন কৰি নিজা কোম্পানীক চহকী কৰিছিল। কিন্তু ইয়াৰ ফলস্বৰূপে ভাৰতীয় লোকৰ অধঃপতনৰ বাট মুকলি হৈছিল। ভাৰতীয় ধৰ্ম আৰু সামাজিক সংস্কাৰতো কোম্পানী চৰকাৰৰ ভূমিকা মন কৰিবলগীয়া। ইংৰাজ আমোলত প্ৰশ্চাত্য শিক্ষা পোহৰ পৰাত সমাজৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস ভালেখিনি দূৰ হ'ল। প্ৰথমাৱস্থাত কোম্পানী চৰকাৰে ভাৰতীয় সমাজ বা ধৰ্মীয় ব্যৱস্থাত হস্তক্ষেপ কৰা নাছিল । কিন্তু ভাৰতীয় সমাজত ধৰ্মৰ নামত এনে কিছুমান কু - সংস্কাৰ আছিল যে এইবােৰে তেওঁলোকক পিছলৈ সমাজ সংস্কাৰত মনােনিৱেশ কৰিবলৈ বাধ্য কৰাইছিল । এই দিশত প্রথম পদক্ষেপ লৈছিল গৱৰ্ণৰ জেনেৰেল ছাৰ জন চোৰে ।১৮ শতিকাৰ শেষ ভাগত তেওঁ ৰাজপুতনা , মধ্যভাৰত আৰু পঞ্জাৱত কন্যা সন্তান হত্যা কৰাটো বন্ধ কৰিছিল । বংগদেশৰ ৰাজা ৰামমােহন ৰায়ৰ সহযােগত উইলিয়াম বেন্টিকে সতীদাহ প্রথা বন্ধ কৰে । পিচে , ইয়াৰ অন্তৰালত উইলিয়াম বেন্টিকৰ সাম্রাজ্যবাদী নীতি অন্তর্নিহিত হৈ আছিল । বুলি সন্দেহ কৰা হয় । চৰকাৰৰ এনে কার্যত সমাজত ভালেখিনি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল যদিও ইংৰাজ গৱৰ্ণৰে এই ব্যৱস্থা কটকটীয়াহে কৰিচিল। তদুপৰি কালী গোঁসানীৰ ঠগ ভক্তসকলক দমন, দাসত্ব প্ৰথাৰ আৱসান- এই সকলোবোৰ বেণ্টিংকৰে অৱদান আছিল। ভাৰতীয় সমাজ সংস্কাৰত ইষ্ট ইণুিয়া কোম্পানীয়ে লাহে লাহে এনে ধৰণে বিভিন্ন পদক্ষেপ লৈছিল আৰু ক্রমান্বয়ে ভাৰতীয় লােকসকলক আধুনিক চিন্তা ধাৰাৰ দিশে ধাৱমান কৰিছিল । এই সময়ত প্রগতিশীল ভাৰতবৰ্ষই নৱ - অভূত্থানত পদার্পণ কৰিছিল । সমাজত যাতে কোনাে কেৰােণ নালাগে তাৰ প্ৰচেষ্টাত সংস্কাৰী বহু ভাৰতীয়ই অগ্রসৰ হৈছিল । ইয়াৰ ফলতে কেইবাটাও সামাজিক সংগঠন যেনে— ব্রাহ্ম সমাজ , প্রার্থনা সমাজ , আর্য সমাজ আৰু ৰামকৃষ্ণ মিছন স্থাপন হৈছিল । সম - সাময়িকভাৱে আলিগড় আন্দোলনেও ভাৰতীয় সমাজত আমূল পৰিৱর্তন সাধিছিল ।

ব্ৰাক্ষ সমাজঃ

ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলসকলক সমাজ সংস্কাৰত বহুতাে শিক্ষিত ভাৰতীয় লােকে সহায় কৰিছিল । তাৰ ভিতৰত বংগদেশৰ ৰাজাৰামমােহন । ৰায়ৰ নামটো প্রথমেই ল'ব লাগিব । তেওঁ মূর্তি পূজা বিৰােধী আৰু জাতিভেদ শূন্য । ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল । ৰাজা ৰামমােহন ৰায়ে ১৮২৮ খ্রীষ্টাব্দত ব্রাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্রীষ্টাব্দত ই ব্রাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয় । পৰৱৰ্তী সময়ত কবিগুৰু বীন্দ্র নাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰ তেওঁৰ সহযােগী হৈছিল । সতীদাহ প্রথা , কন্যা শিশু হত্যা আদি সমাজৰ কু - নিয়মবােৰ আঁতৰােৱাত ৰামমােহন ৰায়ে লর্ড উইলিয়াম বেন্টিংকক যথেষ্ট সহায় কৰিছিল । স্ত্রী শিক্ষাৰ ওপৰতাে তেওঁ গুৰুত্ব প্রদান কৰিছিল । অপ্রাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো ব্রাহ্ম সমাজে এটা প্রধান দায়িত্ব বুলি ধৰিছিল । এনে সংস্কাৰমূলক কামবােৰ কৰি যাওঁতে ৰাজা ৰামমােহন ৰায়ে ভাৰতীয় হিন্দু সমাজত আন এটা ডাঙৰ দোষ দেখিছিল । সেই সময়ত যিসকল ভাৰতীয়ই খৃষ্টানসকলৰ সৈতে খােৱা - বােৱা কৰিছিল বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেনে লােকসকলক হিন্দু সমাজে পতিত বুলি ঘােষণা কৰি সমাজৰ পৰা বহিষ্কাৰ কৰিছিল । এই সকল লােকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও সমাজত এনে ধৰণৰ কলঙ্কৰ ভয়ত খৃষ্টান ধর্ম দীক্ষিত হ'ব লগা হৈছিল । ৰাজা ৰামমােহন ৰায়ে এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইসকল শিক্ষিত লােকক তেওঁ প্রতিষ্ঠা কৰা ব্রাহ্ম ধৰ্মত দীক্ষা দি হিন্দু ধর্মৰে ভিতৰুৱা কৰি ৰাখিছিল । সেয়ে ভাৰতবাসী ৰাজা ৰামমােহন ৰায়ৰ ওচৰত চিৰ কৃতজ্ঞ । ব্রাহ্ম সমাজৰ আন দুজন উল্লেখযােগ্য নেতা আছিল অক্ষয় কুমাৰ দত্ত আৰু কেশৱ চন্দ্র সেন । এওঁলােকে সমাজত বৈপ্লৱিক সংস্কাৰ কিছুমান কৰি থৈ গৈছিল ।


 Class 8 Social Science

Type: Dimi Bora