সমলসমূহ ঃ- 

মধ্যযুগৰ চুলতান আৰু মোগলসকলৰ শাসনৰ বিষয়ে জনাৰ সমলবোৰৰ ভিতৰত উল্লেখনীয় হৈছে বিভিন্ন লেখকৰ লিখনি, বিদেশী পৰিব্ৰাজকৰ টোকা, মুদ্ৰ আৰু স্মৃতিচিহ্নসমূহ। জীয়াউদ্দিন বৰানী, আমিৰ খশ্ৰু, বাবৰ, আবুল ফজল, গুলবদন বেগম আদিৰ লিখনিবোৰে মধ্যযুগৰ এখন স্পষ্ট ছবি আমাৰ আগত দাঙি ধৰে। ইয়াৰোপৰি বিদেশী পৰ্যটকসকলৰ ভিতৰত মৰক্কোৰা ইবনবটুতা,পাৰস্যৰ আব্দুৰ ৰজ্জাক, ইউৰোপৰ মাৰ্কো পলো, নিকলকণ্টি আদিৰ টোকাত তেওঁলোকৰ আগমনৰ সময়ত ভাৰত ভূখণ্ডত শাসন কৰা চুলতানসকলৰ সমাজ ব্যৱস্থা, আৰ্থিক অৱস্থা, ৰাজনৈতিক পৰিস্থিতি আদিৰ বিষয়ে বিতংকৈ জানিব পাৰি।


ওপৰত মধ্যযুগত প্ৰচলিত কিছুমান মুদ্ৰাৰ ছবি দিয়া হৈছে। প্ৰত্নতাত্বিক সমলবোৰৰ ভিতৰত এই মুদ্ৰা হৈছে আন এক নিৰ্ভৰযোগ্য সমল। মধ্যযুগৰ অই উল্লেখনীয় সমলবোৰে আমাক প্ৰকৃত তথ্য দাঙি ধৰিব পাৰে। এই মুদ্ৰাবোৰৰ পৰা চুলতান বা বাদছাহসকলৰ নাম, ৰাজবংশৰ নাম, আনুমানিক সময় আদিৰ বিষয়ে সঠিককৈ জানিব পাৰি। খিলিজি বংশৰ চুলতান আলাউদ্দিন খিলিজিয়ে মুদ্ৰাত নিজৰ নাম খোদিত কাৰাইছিল। মহম্মদ বিন টোগলকে নিজ সাম্ৰাজ্যত সোণ, ৰূপৰ মুদ্ৰাৰ সলনি ব্ৰোঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিল।আফগান ৰজা ছেৰছাহে ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ কৰিবলৈ সোণ, ৰূপ আৰু তাম এই তিনিওবিধ মুদ্ৰাৰ প্ৰচলন কৰিছিল।



এই সমলবোৰৰ উপৰি আন এবিধ উল্লখনীয় সমল হৈছে তুৰ্কী-চুলতান তথা মোগল বাদছাহসকলৰ দিনত নিৰ্মিত বিভিন্ন মছজিদ আৰু স্মৃতি সৌধসমূহ। ওপৰৰ ছবিখনলৈ চোৱা। এইটো মধ্যযুগত নিৰ্মাণ কৰা এটা মছজিদৰ ছবি। এই মছজিদটো নিৰ্মাণ কৰা হৈছিল সম্ৰাট ছাহজাহানৰ পৃষ্ঠপোষকতাত। এনেবোৰ মছজিদ আৰু স্মৃতিসৌধসমূহে সেই সময়ৰ চুলতান-বাদছাহসকলৰ স্থাপত্য শিল্পৰ প্ৰতি থকা অনুৰাগৰ বিষয়ে উমান দিয়ে। কুতুবমিনাৰ, হুমায়ুনৰ সমাধি, তাজমহল, লালকিল্লা, জামে মছজিদ, বুলন্দ দৰুৱাজা, পঞ্চমহল আদি মধ্যযুগৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন।


ভৌগােলিক পটভূমিঃ

তুর্কী - আফগানঃ

আমি ইতিমধ্যে জানিব পাৰিছে যে প্রাচীন যুগৰ পাছত মধ্যযুগত ক্রমান্বয়ে ভাৰতবৰ্ষত তুর্কী আফগান চুলতান আৰু মােগলসকলে শাসনকার্য চলাইছিল। ভাৰতবৰ্ষত তুর্কী শাসকসকলে বর্তমান বিহাৰৰ পৰা পঞ্জাৱলৈ এখন বিস্তৃত সাম্রাজ্য প্রতিষ্ঠিত কৰিছিল। দাসবংশৰ প্রতিষ্ঠাতা কুতুবুদ্দিন আইবাকে তেওঁৰ সাম্রাজ্য উত্তৰ-পশ্চিম দিশৰ গজনীৰ পৰা আৰম্ভ কৰি বংগদেশলৈকে সম্প্রসাৰিত কৰিছিল। তেওঁ শাসনৰ মুখ্য কার্যালয় লাহােৰত প্রতিষ্ঠা কৰিছিল। আইবাকৰ পৰৱর্তী চুলতান ইলটুতমিছেও তেওঁৰ সাম্রাজ্য মুলতান, সিন্ধু, আজমীৰ, গােৱালিয়ৰৰ পৰা কনৌজ, বাৰাণসীলৈকে বিস্তাৰিত কৰিছিল। চুলতানী আমােলৰ আন এজন চুলতান আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ মানসেৰে এখন একত্র ভাৰত ৰাষ্ট্র গঢ়াৰ চেষ্টা কৰিছিল। সেই উদ্দেশ্যৰেই তেওঁ গুজৰাট, মালৱ, ৰাজস্থান আৰু দাক্ষিণাত্য জয় কৰি এখন বিশাল সাম্রাজ্যৰ গৰাকী হৈছিল। কাষৰ মানচিত্ৰখনলৈ মন কৰিলে তুর্কী আফগানসকলৰ সাম্রাজ্যৰ বিভূতিৰ উমান পােৱা যাব।

 মোগল ঃ

তুৰ্কী-আফগানসকলৰ দৰে মোগল বাদছাহসকলেও ভাৰতবৰ্ষৰ এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বাবৰৰ দ্বাৰা প্ৰতিষ্ঠিত মোগল সাম্ৰাজ্যই আকবৰ আৰু ঔৰংগজেৱৰ দিনত ভাৰত ভূখণ্ডত এক বিশাল পৰিসীমা লাভ কৰিছিল। বাবৰে নিজ সাম্ৰাজ্যৰ পৰিসৰ কাবুল-কান্দাহাৰৰ পৰা আৰম্ভ কৰি হিন্দুকুশ পৰ্বতমালাৰ পৰা বিহাৰলৈকে অৰ্থাৎ সমগ্ৰ উত্তৰ ভাৰতলৈ বৃদ্ধি কৰিছিল। বাবৰৰ দৰে আকবৰেও ভাৰতবৰ্ষৰ এক বিশাল ভূখণ্ড দখল কৰাৰ উপৰি সিন্ধু, বেলুচিস্তান, কাবুল, কাশ্মীৰ আদি আধিকাৰ কৰিছিল। ঠিক তেনেদৰে ঔৰংগজেৱৰ দিনতো মোগল সাম্ৰাজ্যৰ বিস্তৃতি বিজাপূৰ, গোলকুণ্ডাকে আদি কৰি সুদূৰ কৰ্ণাটকলৈকে বিয়পি পৰিছিল। এনেদৰেই তৰ্কী-আফগানসকলে উত্তৰ-পশ্চিম ভাৰতত স্থপন কৰা ৰাজ্যখনে মোগলৰ ৰাজত্বকালত সমগ্ৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমে ভাৰতবৰ্ষলৈ বিস্তৃতি লাভ কৰিছিল। এনেদৰে  তুৰ্কী-আফগানসকলৰ পাঁচটা ৰাজবংশৰ কেইবাজনো উল্লেখযোগ্য চুলতান আৰু ১৫ জন মোগল সম্ৰাটে ৬৫০ বছৰৰো অধিক কাল ভাৰতবৰ্ষত শাসন কৰিছিল। তেওঁলোকৰ শাসনকালত ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক, সাহিত্য-সংস্কৃতি, শিল্পকলা, চিত্ৰকলা আদি দিশত নতুন যুগৰ সূচনা হৈছিল। 


Class 7 Social Science 

Type: Nayan Moni Deka