উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

অধ্যায় ৭

সপ্তম শ্ৰেণীত আমি দেখিছিলোঁ যে প্ৰহেলিকা আৰু প্ৰজ্ঞানে অধ্য়াপক আহমদ আৰু ৰণ্টুৰ লগত এখন অৰণ্য চাবলৈ গৈছিল। তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ সবপাঠীসকলৰ আগৰ মন খুলি ক'বৰ বাবে উৎসুক হৈ আছিল। শ্ৰেণীৰ আন ল'ৰা-ছোৱালীবোৰ, যিসকলৰ কিছুমানে ভাৰতপুৰ অভয়াৰণ্য চাই আহিছিল তেওঁলোকেও তেওঁলোকৰ অভিজ্ঞতাৰ কথা সদৰি কৰিবলৈ উৎসুক হৈ আছিল। আন কেইজনমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান, লকচাও অভয়াৰণ্য, বৃহৎ নিকোবৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আদিৰ বিষয়ে শুনিছিল।

৭.১ বনাঞ্চল ধ্বংস আৰু ইয়াৰ কাৰণসমূহ :

পৃথিৱীত বহু প্রকাৰৰ উদ্ভিদ আৰু প্রাণী বিদ্যমান । এইবােৰ মানৱ জাতিৰ ভালৰ বাবে আৰু বৰ্তি থকাৰ বাবে অতি প্রয়ােজন । বনাঞ্চল ধ্বংসই এতিয়া এইবােৰ জীৱৰ ভৱিষ্যতৰ প্রতি এক গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে । আমি জানাে যে বনাঞ্চল ধ্বংস মানে অৰণ্য কাটি চাফা কৰা আৰু সেই মাটি অন্য বিভিন্ন কামত ব্যৱহাৰ কৰা । তলত লিখা কিছুমান কাৰণৰ বাবে অৰণ্যৰ গছবােৰ কটা হয় । 

১) খেতিবাতিৰ বাবে মাটি উলিয়াবলৈ । 

২) ঘৰ আৰু কাৰখানা নির্মাণৰ বাবে ।

 ৩) আছবাব পত্ৰ বনােৱাৰ বাবে বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ।

বনাঞ্চল ধ্বংসৰ কিছুমান প্ৰাকৃতিক কাৰণ হ'ল বনজুই আৰু প্ৰচণ্ড খৰাং।

 ৭.২ বনাঞ্চল ধ্বংসৰ পৰিণতিঃ

 প্রহেলিকা আৰু প্ৰজ্ঞানে বনাঞ্চল ধ্বংসৰ পৰিণামৰ কথা মনত পেলালে । বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্রা বঢ়োৱাটো তেওঁলােকৰ মনত পৰিল ; নির্বণানীকৰণে বায়ুমণ্ডলত কার্বন - ডাই - অক্সাইডৰ পৰিমাণ বঢ়ায় । ভূগর্ভস্থ পানী পৃষ্ঠও তললৈ নামে । তেওঁলােকে জানে যে বনাঞ্চল ধ্বংসই প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰে । অধ্যাপক আহমদে তেওঁলােকক কৈছিল যে , যদি গছ গছনি কটা কাম চলি থাকে বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা কমি যাব । তদুপৰি বানপানী আৰু খৰাঙৰ দৰে প্রাকৃতিক দুর্যোগ বৃদ্ধি হােৱাৰ প্রবল সম্ভাৱনা থাকে। 

মনত পেলােৱা যে উদ্ভিদ সালােক সংশ্লেষণৰ বাবে কার্বন - ডাই - অক্সাইডৰ প্রয়ােজন । গছ - গছনিৰ সংখ্যা কম হলে কার্বন - ডাই - অক্সাইডৰ ব্যৱহাৰৰ পৰিমাণ কম হয় । কার্বন - ডাই - অক্সাইড গেছ ব্যৱহাৰ কমাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হয় । পৃথিৱীৰ পৰা প্রতিফলিত হােৱা তাপ কার্বন - ডাই - অক্সাইডে ধৰি ৰাখে আৰু ইয়ে গােলকীয় উষ্ণতা বৃদ্ধি কৰে । সামগ্রিকভাৱে বৃদ্ধি হােৱা উষ্ণতাই পৃথিৱীৰ জল চক্ৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কমাব পাৰে। ফলত বতৰ খৰাং হ'ব পাৰে।

বনাঞ্চল ধ্বংসৰ আন এক ভয়াবহ পৰিমাণ হ'ল মাটিৰ গুণাগুণ সলনি হোৱা। বৃক্ষৰোপণ তথা গছ-গছনিৰ দ্বাৰা মাটিৰ ভৌতিক গুণাগুণ প্ৰভাৱিত হয়। সপ্তম শ্ৰেণীৰ পাঠৰ পৰা মনত পেলোৱা, কেনেদৰে গছ-গছনিৰ সংখ্যা পাতলীয়া হ'লে মাটিৰ খহনীয়া বৃদ্ধি হয়। মাটিৰ ওপৰৰ সাৰুৱা তৰপটো খহাই নিলে তলৰ কঠিন আৰু শিলাময় স্তৰটো ওলাই পৰে। তেনে মাটিত কম পৰিমাণৰ হিউমাছ থাকে আৰু উৰ্বৰতা কম হয়। লাহে লাহে এইদৰে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয়। ইয়াকে মৰুভৱন বোলে।

বনাঞ্চল ধ্বংসই মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতাও হ্ৰাস কৰে। ভূ-পৃষ্ঠৰ পৰা ভূ-গৰ্ভলৈ পানীৰ গতি (সৰকি যোৱাৰ হাৰ) কমি যায়।ফলত বানপানীৰ সৃষ্টি হয়। মাটিৰ আন ৰ্ধমসমূহ যেনে- পোষক দ্ৰব্যৰ ধাৰণ, গাঁথনি আদিও বনাঞ্চল ধ্বংসৰ কাৰণে সলনি হয়।

সপ্তম শ্ৰেণীত আমি পঢ়িছলোঁ যে বনাঞ্চলৰ পৰা আমি বহুতো সামগ্ৰী পাওঁ। এই সামগ্ৰীসমূহৰ তালিকা প্ৰস্তুত কৰা। যদি আমি গছ-গছনি কাটিয়েই থাকোঁ তেন্তে সামগ্ৰীসমূহৰ অভাৱ নহ'বনে?

৭.৩ বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণঃ 

বনাঞ্চল ধ্বংসৰ কু-ফলৰ বিষয়ে জানি, প্ৰহেলিকা আৰু প্ৰজ্ঞান চিন্তিত হৈ পৰিল। তেওঁলোকে অধ্যাপক আহমদৰ ওচৰলৈ গ'ল আৰু বনাঞ্চল আৰু বন্যপ্ৰাণীক কেনেদৰে ৰক্ষা কৰিব পাৰি সুধিলে।

অধ্যাপক আহমদে প্রহেলিকা , প্রজ্ঞান আৰু তেওঁলােকৰ শ্ৰেণীৰ সহপাঠীসকলৰ বাবে এখন জীৱমণ্ডল সংৰক্ষিত অঞ্চল পৰিদৰ্শনৰ ব্যৱস্থা কৰিলে । তেখেতে পাঁচমাৰি জীৱমণ্ডল সংৰক্ষিত অঞ্চল নামৰ এখন স্থান বাছি ললে । তেখেতে জানে যে , ইয়াত পােৱা উদ্ভিদ আৰু প্রাণীসমূহ হিমালয়ৰ শৃংগত পােৱা আৰু নিম্ন পশ্চিম ঘাটত পােৱা জীৱসমূহৰ লগত একেই । অধ্যাপক আহমদে বিশ্বাস কৰিছিল যে , ইয়াত পােৱা জীৱ বৈচিত্র্য অদ্বিতীয় । ল'ৰা - ছােৱালীবােৰক জীৱমণ্ডল সংৰক্ষণ অঞ্চল দেখুৱাবৰ বাবে , সেই বনাঞ্চলৰ কৰ্মচাৰী কৃষ্ণ দাসক তেওঁ অনুৰােধ কৰিলে । তেখেতে বর্ণনা কৰি কৈছিল যে , এনেদৰে জীৱৰ গুৰুত্বৰ বাবে সংৰক্ষণ কৰা অঞ্চলসমূহ আমাৰ জাতীয় ঐতিহ্য । কৃষ্ণ দাসে ল'ৰা - ছােৱালীবিলাকক বুজাই দিলে যে , আমাৰ ব্যক্তিগত প্রচেষ্টা আৰু সমাজৰ প্ৰচেষ্টাৰ উপৰিও চৰকাৰী সংস্থাসমূহেও বনাঞ্চল আৰু প্ৰাণীৰ যত্ন ল'বলৈ।

আমাৰ অসম ৰাজ্যখনো বিভিন্ন উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে সমৃদ্ধ। তালিকা আৰু মানচিত্ৰখন চোৱা-

ৰাষ্ট্ৰীয় উদ্যান

নাম

এলেকা বৰ্গ কিঃমিঃ

মুখ্য আকৰ্ষণ

জিলা

কাজিৰঙা

৮৫৮.৯৮

গঁড়,বাঘ,হাতী,হলৌবান্দৰ,ভালুক,

উলুমৰা,বনৰীয়া মহ,দল হৰিণ, বনৰীয়া গৰু,শিহু,উদ

গোলাঘাট,নগাওঁ, শোণিতপুৰ

ৰাষ্ট্ৰীয় উদ্যান

৫০০.০০

বাঘ,বনৰীয়া মহ,হাতী,সোণালী বান্দৰ,উলুমৰা,খাগৰি কটা শহা,বনৰীয়া গৰু,ৰাং কুকুৰ

বাকছা আৰু  চিৰাং

মানাহ ৰাঃউঃ

৩৮০০.০০

বন ঘৰচীয়া ঘোঁৰা,দেওহাঁহ,বনৰীয়া মহ,ভেৰ পিতনি

ডিব্ৰুগড়, তিনিচুকীয়া

ডিব্ৰু-চৈখোৱা ৰাঃউঃ

২০০.০০

বাঘ,দেওহাঁহ,চাৰি প্ৰজাতিৰ ধনেশ,পিঠিয়া মাছ

শোণিতপুৰ

ৰাজীৱ গান্ধী ওৰাং ৰাঃউঃ

৭৮.৮১

গঁড়,বাঘ,উলুমৰা,উদ,মালজৰীয়া হাতী

ওদালগুৰি, শোণিতপুৰ






ধৰিছে। সেইবোৰ ৰক্ষা সংৰক্ষণৰ বাবে চৰকাৰে কিছু নিয়ম, পদ্ধতি আৰু নীতি বান্ধি দিছে। অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহে তাত বাস কৰা উদ্ভিদ আৰু প্ৰাণীবোৰক সুৰক্ষা দিয়াৰ লগতে ইহঁতৰ সংৰক্ষণ নিশ্চিত কৰে।

৭.৪ জীৱমণ্ডল  সংৰক্ষিত অঞ্চলঃ

ল'ৰা-ছোৱালীসমূহৰ সৈতে অধ্যাপক আহমদ আৰু কৃষ্ণ দাসে  জীৱমণ্ডল সংৰক্ষিত অঞ্চলত প্ৰৱেশ কৰিলে। কৃষ্ণ দাসে বৰ্ণনা কৰি গ'ল যে জীৱমণ্ডল সংৰক্ষিত অঞ্চলবোৰ জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ৰখা একোটা অঞ্চল। তোমালোকে জনা যে জীৱ বৈচিত্ৰ্য হ'ল কোনো এটা অঞ্চলত পোৱা বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ ভিন্নতা। জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহে সেই অঞ্চলবোৰত জীৱ বৈচিত্ৰ্য আৰু স্থানীয় সংস্কৃতিসমূহ ৰক্ষা কৰাত সহায় কৰে। জীৱমণ্ডল সংৰক্ষিত অঞ্চলে আন সংৰক্ষিত অঞ্চলসমূহকো অন্তৰ্ভুক্ত কৰিব পাৰে। পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ভিতৰত 'সাতপুৰা' নামৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু 'বৰি' আৰু পাঁচমাৰী নামৰ দুখন অভয়াৰণ্য আছে।

৭.৫ উদ্ভিদকুল আৰু প্ৰাণীকুলঃ

জীৱমণ্ডল সংৰক্ষিত অঞ্চলত ল'ৰা-ছোৱালীবোৰে খোজ কাঢ়ি ইফাল-সিফাল কৰোঁতে তেওঁলোকে বনাঞ্চলৰ সেউজ গুণাৱলী উপলদ্ধি কৰিলে। তেওঁলোকে ওখ চেগুন গছবোৰ আৰু অৰণ্যত চৰি থকা প্ৰাণীবোৰ দেখি অতি আনন্দিত হ'ল। জপ্ৰহেলিকাই এটা শহা পহু দেখিলে আৰু তাক ধৰিবলৈ ইচ্ছা কৰিলে। তাই তাৰ পিছত দৌৰিবলৈ আৰম্ভ কৰাত অধ্যাপক আহমদে তাইক বাধা দিলে। তেওঁ বুজাই দিলে যে প্ৰাণীবোৰে সিহঁতৰ নিজৰ আৱাসস্থলীত সুকলমে আৰু সুখেৰে থাকিব বিচাৰে। আমি সিহঁতক আমনি দিব নালাগে। কৃষ্ণ দাসে ব্যাখ্যা কৰি ক'লে যে কিছুমান নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ আৰু প্ৰাণীক, সেই অঞ্চলবোৰৰ উদ্ভিদকুল আৰু প্ৰণীকুল হিচাপে জনা যায়।

৭.৬ থলুৱা প্ৰজাতিঃ

দলটো লাহে লাহে প্ৰায় গভীৰ অৰণ্যত প্ৰৱেশ কৰিলে। ল'ৰা-ছোৱালীসকলে এটা বৰ ডাঙৰ কেৰ্কেটুৱা দেখি আচৰিত হ'ল। কেৰ্কেটুৱাটোৰ এডাল ডাঙৰ ভোবোৰা নেজ আছে। তেওঁলোকে ইয়াৰ বিষয়ে জানিবৰ বাবে উৎসুক হৈ পৰিল। কৃষ্ণ দাসে ক'লে যে, এইটো এটা বিৰাটকায় কেৰ্কেটুৱা হিচাপে জনাজাত আৰু ই এই অঞ্চলৰ থলুৱা প্ৰজাতি।

থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে আছুতীয়াকৈ পোৱা যায়। আন কোনো ঠাইতে এইবোৰ স্বাভাৱিকভাৱে পোৱা নাযায়। এক বিশেষ ধৰণৰ প্ৰাণী বা উদ্ভিদ কোনো এটা মণ্ডল, এখন ৰাজ্য, এখন দেশত থলুৱা হ'ব পাৰে।

কৃষ্ণ দাসে পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ থলুৱা প্ৰজাতি হিচাপে শাল আৰু বনৰীয়া আমৰ দুটা উদাহৰণ দেখুৱালে। ভাৰতীয় বিৰাটকায় কেৰ্কেটুৱা আৰু মেথোন আৰু উৰণীয়া কেৰ্কেটুৱা এই অঞ্চলৰ থলুৱা প্ৰজাতি। অধ্যাপক আহমদে বৰ্ণনা কৰিলে যে, সিহঁতৰ আৱাসস্থলীৰ ধ্বংস, বৰ্ধিত জনসংখ্যা আৰু নতুন প্ৰজাতিৰ প্ৰৱৰ্তনে থলুৱা প্ৰজাতিৰ প্ৰাকৃতিক আৱসস্থলী বিঘ্নিত কৰিব পাৰে আৰু সিহঁতৰ অস্তিত্বও বিপন্ন কৰিব পাৰে।

৭.৭ অভয়াৰণ্যঃ

হঠাতে প্ৰহেলিকাই ''পাঁচমাৰী অভৰায়ণ্য়'' লিখা থকা এখন ফলক দেখিলে পালে। অধ্যাপক আহমদে বুজাই গ'ল যে, সংৰক্ষিত বনাঞ্চলৰ দৰে, অভৰায়ণ্যবোৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে কৰা এটা ব্যৱস্থা। কৃষ্ণ দাসে লগতে ক'লে যে অভয়াৰাণ্যসমূহ হ'ল এনে ঠাই য'ত প্ৰাণী বধ কৰা (চিকাৰ) বা ধৰা কঠোৰভাৱে নিষিদ্ধ। 

অতি দুখৰ কথা যে, সংৰক্ষিত বনাঞ্চল সমূহো নিৰাপদ নহয়। কাৰণ ওচৰে-পাজৰে বাস কৰা লোকসকলে সেইবোৰ বেদখল কৰি ধ্বংস কৰি আহিছে। 

ল'ৰা-ছোৱালীবোৰে সিহঁতৰ চিৰিয়াখানা ভ্ৰমণৰ কথা মনত পেলোলে যে চিৰিয়ানাও এনে এখন ঠাই য'ত বন্যপ্ৰাণীয়ে সুৰক্ষা পায়।

৭.৮ ৰাষ্ট্ৰীয় উদ্যানঃ 

পথৰ কাষত আন এখন ফলক আছিল য'ত লিখা আছিল 'সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান'।

ল'ৰা-ছোৱালীবোৰে এতিয়া তালৈ যাবলৈ আগ্ৰহ কৰিলে। কৃষ্ণ দাসে সিহঁতক ক'লে যে, গোটেই পৰিস্থিতি তন্ত্ৰক ৰক্ষণাবেক্ষণ দিবৰ বাবে এই সংৰক্ষিত অঞ্চলসমূহ যথেষ্ট বিশাল আৰু বৈশিষ্ট্যপূৰ্ণ। ৰাষ্ট্ৰীয় উদ্যানত এটা অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীকুল, মনোমোহা ঠাই আৰু বুৰঞ্জীমূলক সামগ্ৰীবোৰ সংৰক্ষণ কৰে। সাতপুৰা ৰাষ্টীয় উদ্যান ভাৰতবৰ্ষৰ প্ৰথমখন সংৰক্ষিত বনাঞ্চল। সৰ্বোত্তম ভাৰতীয় চেণ্ডন এই বনাঞ্চলতে পোৱা যায়। 

ল'ৰা-ছোৱালীবোৰ আগবাঢ়ি গৈ থাকোঁতে 'সাতপুৰা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল' বুলি লিখা ফলকখন দেখা পালে। কৃষ্ণ দাসে ক'লে যে, দেশত বাঘক ৰক্ষা কৰিবৰ বাবে চৰকাৰে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ উদ্দেশ্য হ'ল দেশত বাঘক বচাই ৰখা আৰু বাঘৰ জনসংখ্যাৰ ৰক্ষণাবেক্ষণ নিশ্চত কৰা।

আমাৰ বনঞ্চলসমূহৰ পৰা লাহে লাহে লোপ পোৱা বহুতো প্ৰজাতিৰ ভিতৰত এবিধ হ'ল বাঘ (চিত্ৰ- ৭.৪)। সাতপুৰা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল এই ক্ষেত্ৰত অদ্বিতীয় যে ইয়াত বাঘৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি হৈ অহা দেখা পোৱা গৈছে। এসময়ত সিংহ, হাতী, বনৰীয়া ম'হ (চিত্ৰ- ৭.৫) বাৰশিঙীয়া (barasingha) ( চিত্ৰ- ৭.৬) আদি প্ৰাণী সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছিল। যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰপথলৈ গৈ আছে তাকে বিপন্ন প্ৰাণী বুলি কোৱা হয়। প্ৰজ্ঞানে ডাইন'ছ'ৰলৈ মনত পেলালে যিবোৰ বহু বছৰৰ আগতেই বিলুপ্ত হৈছিল। প্ৰাকৃতিক আবাসস্থলীত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে কিছুমান প্ৰাণী জীয়াই থকাটো কঠিন হৈ পৰিছে।

কৃষ্ণ দাসে প্ৰহেলিকাক ক'লে যে ডাঙৰ প্ৰাণীৰ তুলনাত সৰু প্ৰাণীসমূম বিলুপ্ত হোৱাৰ বেছিকৈ আশংকা কৰা হৈছে। আমি সাপ, ভেকুলী, জেঠী, বাদুলী আৰু ফেঁচাসমূক নিষ্ঠুৰভাৱে বধ কৰাৰ সময়ত পৰিস্থিতি তন্ত্ৰত সিহঁতৰ গুৰুত্ব অনুভৱ নকৰোঁ। সিহঁতক বধ কৰি আমি নিজৰে অনিষ্ট কৰিছোঁ। সিহঁত আকাৰত নিশ্চয় সৰু হ'ব পাৰে, কিন্তু পৰিস্থিতি তন্ত্ৰত সিহঁতৰ ভূমিকাক উপেক্ষা কৰিব নোৱাৰি। সিহঁতে খাদ্য শৃংখল আৰু খাদ্য জাল গঠনত ভাগ লয়। এই বিষয়ে তোমালোকে সপ্তম শ্ৰেণীত পঢ়ি আহিছা। নহয়নে?

কোনো এটা অঞ্চলৰ সকলোবোৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ লগতে অজৈৱিক উপাদন যেনে জলবায়ু, মাটি, নদীৰ বদ্বীপ আদিৰে  পৰিস্থিতি তন্ত্ৰ গঠন হয়।

৭.৯ ৰেড ডেটা বুকঃ 

অধ্য়াপক আহমদে ৰেড ডেটা বুকৰ বিষয়ে ল'ৰা-ছোৱালীসকলক ব্যাখ্যা দাঙি ধৰিলে। তেখেতে তেওঁলোকক ক'লে যে ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। (এই বিষয়ে অধিক বিস্তৃভাৱে জানিবৰ বাবে তোমালোকে www.wil.gov.in/envis/ primates/pagel 102htm/ new/nwdc/ plants. htm ত লগ অন কৰা)।

৭.১০ পৰিভ্ৰমণঃ

শিক্ষামূলক ভ্ৰমণৰ দলটো কৃষ্ণ দাসৰ তত্ত্বাৱধানত গভীৰ অৰণ্যৰ মাজলৈ সোমাই গ'ল। তেওঁলোকে টাৱা জলাধাৰৰ ওচৰত বিশ্ৰামৰ বাবে কিছু সময় বহিল। প্ৰহেলিকাই নদীৰ কাষত কিছুমান চৰাই মন কৰিলে । কৃষ্ণ দাসে ল'ৰা ছােৱালীবােৰক ক'লে যে এইবােৰ পৰিভ্ৰমী চৰাই । এই চৰাইবােৰ পৃথিৱীৰ আন ঠাইৰ পৰা ইয়ালৈ উৰি আহে । পৰিভ্ৰমী চৰাইবােৰ বহু দূৰ অঞ্চলৰ পৰা প্রত্যেক বছৰে এটা নির্দিষ্ট সময়ত জলবায়ুৰ পৰিৱৰ্তন হােৱা বাবে উৰি আহে । প্রাকৃতিক আবাসস্থলীত শীতৰ প্রকোপ বৃদ্ধি হৈ অনুকূল পৰিৱেশ নােহােৱা হােৱাত , সিহঁতে কণী পাৰিবৰ বাবে দূৰলৈ উৰি আহে । যিবােৰ চৰাই বহু দূৰ ঠাই অতিক্ৰম কৰি আন এখন ঠাইলৈ আহে , সেইবােৰক পৰিভ্ৰমী চৰাই বুলি প্রহেলিকাই সপ্তম শ্রেণীত শিকি আহিছিল । 

৭.১১ কাগজৰ পুনৰাৱর্তনঃ 

অধ্যাপক আহমদে নির্বণানীকৰণৰ আন এটা কাৰণ দর্শাবলৈ ল'ৰা - ছােৱালীসকলৰ মনােযােগ আকর্ষণ কৰিলে । তেখেতে তেওঁলােকক ক'লে যে এক টন কাগজ বনাবলৈ ১৭ জোপা পৈণত গছৰ প্রয়ােজন । সেয়ে আমি কাগজ বচোৱা উচিত । অধ্যাপক আহমদে পুনৰাই ক'লে যে পাঁচৰ পৰা সাতবাৰলৈ আমি কাগজক পুনৰাৱৰ্তন কৰিব পাৰোঁ । যদি প্রত্যেকজন ছাত্রই কমেও এখিলা কাগজ এদিনত বচাব পাৰে , তেন্তে আমি এটা বছৰত বহু গছৰক্ষা কৰিব পাৰোঁ । আমি কাগজ বচোৱা , পুনৰবাৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তন কৰা উচিত । ইয়াৰে মাথাে গছকে বচোৱা নহয় , কাগজ প্রস্তুত কৰিবৰ বাবে প্রয়ােজন হােৱা শক্তি আৰু পানীও বচোৱা হয় । ইয়াৰ বাহিৰেও কাগজ প্রস্তুত কৰোঁতে ব্যৱহাৰ হােৱা অনিষ্টকাৰী ৰাসায়নিক দ্রব্যৰ পৰিমাণাে হ্রাস কৰা হয় ।

 ৭.১২ পুনর্বণানীকৰণঃ 

অধ্যাপক আহমদে পৰামৰ্শ আগবঢ়ালে যে নির্বণানীকৰণৰ উত্তৰ হ’ল পুনর্বণনীকৰণ । পুনর্বণানীকৰণ মানে হ’ল নতুন বৃক্ষ ৰােপণৰ দ্বাৰা ধ্বংস হােৱা বনাঞ্চলসমূহ পুনৰ গছ গছনিৰে সমৃদ্ধ কৰা । সাধাৰণতে ৰােপণ কৰা গছবােৰ বনাঞ্চলত আগতে থকা গছৰ সৈতে একে প্রজাতিৰ হােৱা উচিত । যিমান সংখ্যক গছ কটা হয় , অন্তত সিমান সংখ্যক গছ ৰােৱাটো উচিত । প্রাকৃতিকভাৱেও পুনর্বণানীকৰণ হয় । ধ্বংসপ্রাপ্ত বনাঞ্চল একোখন কোনাে ধৰণৰ ব্যৱহাৰ নকৰাকৈ পেলাই থ'লে , ই পুনৰ নিজেই ঠন ধৰি উঠে । প্রাকৃতিকভাৱে হােৱা পুনর্বণানীকৰণত মানুহৰ কোনাে ভূমিকা নাথাকে । আমি ইতিমধ্যে বনাঞ্চলৰ সাংঘাতিক ক্ষতি কৰিছোঁ । যদি আমি আমাৰ সেউজ সম্পদক ভৱিষ্যত

 বংশধৰৰ বাবে ধৰি ৰাখিবলৈ বিচাৰোঁ , তেন্তে অধিক গছ ৰােপণ কৰাটো অতি আৱশ্যক । অধ্যাপক আহমদে তেওঁলােকক কৈছিল যে আমাৰ ভাৰতবৰ্ষত বনাঞ্চল ( সংৰক্ষণ ) আইন আছে । এই আইনৰ মূল উদ্দেশ্য হল প্রকৃতিৰ বনাঞ্চলক সংৰক্ষণ কৰা আৰু বিঘ্নিত নােহােৱাকৈ অটুট ৰখা আৰু বনাঞ্চল বা ওচৰে পাজৰে বাস কৰা মানুহৰ মূল প্রয়ােজনসমূহ পূৰণ কৰা । অলপ সময় জিৰণি লােৱাৰ পাছত কৃষ্ণ দাসে ল’ৰা ছােৱালীবােৰক ওভতনি যাত্ৰা আৰম্ভ কৰিবলৈ কলে ; কাৰণ সূর্যাস্তৰ পাছত বনাঞ্চলত থকাটো ঠিক নহয় । ওভতাৰ পথত , অধ্যাপক আহমদ আৰু ল'ৰা ছােৱালীসকলে তেওঁলােকৰ এই ৰােমাঞ্চকৰ অভিজ্ঞতাৰ নেতৃত্ব দিয়াৰ বাবে কৃষ্ণ দাসক ধন্যবাদ যাচিলে ।

তোমালোকে কি শিকিলা

১) অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল মানে হ'লে একো একোটা অঞ্চল য'ত বন আৰু বন্য প্ৰাণীসমূহক সুৰক্ষা দি সংৰক্ষণৰ ব্য়ৱস্থা কৰা হয়। 

২) জীৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা।

৩) কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সমূহ উদ্ভিদ আৰু প্ৰাণীকে উদ্ভিদকুল আৰু প্ৰাণীকুল বোলে।

৪) থলুৱা প্ৰজাতিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়। 

৫) বিপন্ন প্ৰজাতি সেইবোৰ যিবোৰ বিপদগ্ৰস্ত হৈ বিলুপ্তিৰ পৰ্যায় পাইছে।

৬) প্ৰজনন আদি বিশেষ কাৰ্য সম্পাদনৰ বাবে বছৰৰ বিশেষ সময়ত নিজা আৱাসভূমিৰ পৰা আন আৱাসস্থলীলৈ ভ্ৰমণ কৰাকে প্ৰজাতিৰ পৰিভ্ৰমণ বুলি কোৱা হয়।

৭) আমি গছ-গছনি, শক্তি আৰু পানী সংৰক্ষণৰ বাবে কাগজ বচোৱা, পুনৰ ব্যৱহাৰ কৰা আৰু কাগজৰ পুনৰাবৰ্তন কৰা উচিত।

৮) পুনৰ্বনানীকৰণ হ'ল ধ্বংস প্ৰাপ্ত অৰণ্যত নতুন গছ ৰোপণ কৰা।


-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------