অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ সাধাৰণ নিয়মঃ

    ন্যায়ৰ বৈধতা নিৰ্ণয়ৰ বাবে কিছুমান নিয়ম আছে। এই নিয়মবোৰক ন্যায়ৰ সাধাৰণ নিয়ম বোলে। এই নিয়মসমূহ ঠিকমতে পালন কৰিলে ন্যায়ৰ মূৰ্তি বা আকাৈৰবোৰ বৈধ হ'ব। নহ'লে কিছুমান দোষ বা অনুপপত্তিৰ সৃষ্টি হয়। ন্যায়ৰ বাধতা মাত্ৰ আকাৰগত বৈধতাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে এই নিয়মবোৰৰ যঠেষ্ট গুৰুত্ব আছে। 

    ন্য়ায়ৰ সাধাৰণ নিয়মসমূহ তলত উল্লেখ কৰা হ'ল-

(i) প্ৰত্যেক ন্যায়ক মাত্ৰ তিনিটা পদ থাকে। তাতকৈ কম হ'বও নোৱাপে, তিনিটাতকৈ বেছি হ'বও নোৱাৰে।

(ii) প্ৰত্যেক ন্যায়ত কেৱল মাত্ৰ তিনিটা বচন থাকিব, তাৰ কম বা বেছি হ'ব নোৱাৰে। 

(iii) হেতুপদ আশ্ৰয়বাক্যত ব্যাপ্ত হ'বই লাগিব।

(iv) আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱা কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব।

(v) দুটা নঞৰ্থক আশ্ৰয়বাক্যৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি। অৰ্থাৎ আশ্ৰয়বাক্য দুটিৰ এটা সদৰ্থক হ'ব লাগিব।

(vi) আশ্ৰয়বাক্য দুটাৰ এটা নঞৰ্থক বচন হ'লে সিদ্ধান্ত নঞৰ্থক বচন হ'ব। অথবা সিদ্ধান্ত নঞৰ্থক হ'লে আশ্ৰয়বাক্য দুটাৰ এটা নঞৰ্থক বচন হ'ব। 

(vii) যদি দুয়োটা আশ্ৰয়বাক্য সদৰ্থক হয়, সিদ্ধান্ত অৱশ্যেই সদৰ্থক হ'ব। অথবা সিদ্ধান্ত সদৰ্থক হ'লে আশ্ৰয়বাক্য দুটা সদৰ্থক হ'ব। 

(vii) দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়।

(ix) আশ্ৰয়বাক্য় দুটাৰ যদি এটা বিশেষ বচন হয়, সিদ্ধান্ত বিশেষ বচন হ'ব। অথবা সিদ্ধান্ত বিশেষ বচন হ'লে আশ্ৰয়বাক্য দুটাৰ এটা বিশেষ বচন হ'ব।  

(x) বিশেষ সাধ্যবচন আৰু নঞৰ্থক পক্ষবচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।



ন্যায়ৰ নিয়মসমূহৰ ব্যাখ্যাঃ

(i) প্ৰথম নিয়মঃ প্ৰত্যেক ন্যায় অনুমানতেই কেৱল তিনিটা পদ থাকিব। তিনিটাতকৈ বেছি বা কম থাকিব নোৱাৰে।

    ন্যায়ৰ সমজ্ঞা আৰু গঠনৰ পৰা দেখা যায় যে প্ৰত্যেক ন্যায়ত তিনিটা বচন আৰু প্ৰত্যেক বচনতে দুটাকৈ মুঠ ছটা পদ থাকে। প্ৰকৃততে ইয়াত তিনিটাহে নতুন পদ আৰু এই তিনিটাৰ প্ৰত্যেকটোৱে দুবাৰকৈ উল্লেখ হয় বাবে সৰ্বমুঠ ছটা পদ দেখা যায়। গতিকে ন্যায়ত প্ৰকৃত পদ তিনিটা আৰু এই তিনিটা পদৰ নাম সাধ্যপদ, পক্ষপদ আৰু হেতুপদ আৰু হেতুপদ।

    এই নিয়মটো ন্যায়ৰ গঠন সম্পৰ্কীয় নিয়ম। এই নিয়ম ভংগ কৰিলে নানা প্ৰকাৰৰ দোষ বা অনুপপত্তিৰ উদ্ভৱ হয়। যেনে-

(a) যদি তিনিটা পদতকৈ কম অৰ্থাৎ দুটা মাত্ৰ পদ থাকে তেনেহ'লে ই ন্যায় অনুমানেই নহ'ব, ই অমাধ্যম অনুমান বুলি পৰিগণিত হ'ব।

(b) যদি তিনিটা পদতকৈ বেছি অৰ্থাৎ চাৰিটা পদ থাকে তেনেহ'লে ইয়াত চতুস্পদীদোষ বা চাৰিপদ ঘটিত দোষ হ'ব (Fallacy of four terms)।

    চতুস্পদী দোষৰ উদাহৰণ-

(1) প্লেটো হয় এৰিষ্টটলতকৈ ডাঙৰ 

ছক্ৰেটিছ হয় প্লেটোতকৈ ডাঙৰ

ஃ ছক্ৰেটিছ হয় এৰিষ্টটলতকৈ ডাঙৰ।

    এই ন্যায়টো দোষযুক্ত। ন্যায়ৰ নিয়ম মতে প্ৰত্যেক ন্যায়ত তিনিটা পদ থাকিব লাগে, কিন্তু ইয়াত চাৰিটা পদ আছে- (i) প্লেটো, (ii) এৰিষ্টটলতকৈ ডাঙৰ, (iii) ছক্ৰেটিছ আৰু (iv) প্লেটোতকৈ ডাঙৰ। গতিকে ইয়াত চতুস্পদী দোষ ঘটিছে। 

(2) মানুহ হয় পাপৰ স্ৰষ্টা।

ঈশ্বৰ হয় মানুহৰ স্ৰষ্টা।

ஃ ঈশ্বৰ হয় পাপৰ স্ৰষ্টা।

    এই ন্যায়টো দোষযুক্ত। ইয়াত স্বতন্ত্ৰ পদ আছে- (i) ঈশ্বৰ (ii) পাপৰ স্ৰষ্টা (iii) মানুহ (iv) মানুহৰ স্ৰষ্টা।

    গতিকে ইয়াত চতুস্পদী দোষ ঘটিছে।

(c) কেতিয়াবা কিছুমান ন্যায়ত দেখাত তিনিটা পদেই থাকে, কিন্তু তাৰে ভিতৰত যিকোনো এটা পদ একাধিক অৰ্থত ব্যৱহৃত হয়।

    ন্যায়ৰ ন্য়ম মতে ন্যায়ত তিনিটা পদ থাকে আৰু তিনিওটা পদেই দুবাৰকৈ উল্লেখ হয়। ন্যয়াৰ প্ৰত্যেক পদৰে অৰ্থ সুনিৰ্দিষ্ট। এতিয়া ন্যায়ৰ কোনো পদ যদি দুবাৰত দুটা অৰ্থত ব্যৱহাৰ হয় তেতিয়া হ'লে একপ্ৰকাৰ দোষৰ সৃষ্টি হয় আৰু এই দোষটোৰ নাম অনেকাৰ্থক দোষ। অনেকাৰ্থক দোষ তিনি প্ৰকাৰৰ-

(a) অনেকাৰ্থক সাধ্যৰ্থক দোষ (Fallacy of Ambiguous Major) 

(b) অনেকাৰ্থক পক্ষপদ দোষ (Fallacy of Ambiguous Minor)

(c) অনেকাৰ্থক হেতুপদ দোষ (Fallacy of Ambiguous Middle)   

    (1) অনেকাৰ্থক সাধ্যপদ দোষঃ সাধ্যপদটো যদি দুয়োটা আশ্ৰয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাত অনেকাৰ্থক সাধ্যপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ-

দেহৰ এটা অংশ হয় কৰ (হাত)

জিজিয়া নহয় দেহৰ এটা অংশ

ஃ জিজিয়া নহয় কৰ (খাজনা)।

    ওপৰৰ উদাহৰণত সাধ্যপদ 'কৰ' দুয়োটা আশ্ৰয়বাক্যত দুটা অৰ্থত ব্যৱহাৰ হৈছে। প্ৰথম আশ্ৰয়বাক্যত 'কৰ' শব্দৰ অৰ্থ হৈছে 'হাত'। সিদ্ধান্তত 'কৰ' শব্দটোৰ অৰ্থ 'খাজনা'। সেয়েহে ইয়াত অনেকাৰ্থক সাধ্যপদ দোষ ঘটিছে।

    (2) অনেকাৰ্থক পক্ষপদ দোষঃ পক্ষপদটো যদি দুয়োটা আশ্ৰয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাত অনেকাৰ্থক পক্ষপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ- 

মানুহ নহয় উৰিব পৰা জীৱ

দ্বিজ হয় মানুহ

ஃ দ্বিজ নহয় উৰিব পৰা জীৱ।

    এই ন্যায়টো অনেকাৰ্থক পক্ষপদ দোষযুক্ত। কাৰণ ইয়াত পক্ষপদ 'দ্বিজ' পক্ষ আশ্ৰয়বাক্যত 'ব্ৰাহ্মণ' অৰ্থত আৰু সিদ্ধান্তত 'চৰাই' অৰ্থত ব্যৱহাৰ হৈছে।

    (3) অনেকাৰ্থক হেতুপদ দোষঃ হেতুপদটো যেতিয়া দুয়োটা আশ্ৰয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া অনেকাৰ্থক হেতুপদ দোষৰ সৃষ্টি হয়।।

উদাহৰণ-

অৰ্জুন হয় এবিধ গছ

মধ্যম পাণ্ডব হয় অৰ্জুন

ஃ মধ্যম পাণ্ডব হয় এবিধ গছ।

    এই ন্যায়টোত 'অনেকাৰ্থক হেতুপদ' দোষযুক্ত। কাৰণ ইয়াত হেতুপদ 'অৰ্জুন' সাধ্য আশ্ৰয়বাক্যত এবিধ গছৰ নাম হিচাপে ব্যৱহৃত হৈছে আৰু পক্ষ আশ্ৰয়বাক্যত মহাভাৰত প্ৰসিদ্ধ পাণ্ডবসকলৰ এজনৰ নাম হিচাপে ব্যৱহৃত হৈছে। 

(ii) দ্বিতীয় নিয়মঃ প্ৰত্যেক ন্যায়তে কেৱল তিনিটা বচনহে থাকিব, তাতকৈ কম হ'বও নোৱাৰে বা বেছি হ'বও নোৱাৰে।

    ন্যায়ৰ গঠনৰ পৰাই এই নিয়মটো উৎপত্তি হৈছে। প্ৰত্যেক ন্যায়ত দুটা আশ্ৰয়বাক্য আৰু এটা সিদ্ধান্ত থাকে। সেইবোৰ হ'ল- লসাধ্যবচন, পক্ষবচন আৰু সিদ্ধান্ত।

গতিকে যদি কোনো অনুমানত দুটা বচন থাকে, তেন্তে অনুমানটো ন্যায় নহ'ব, ই হ'ব অমাধ্যম অনুমান। আকৌ যদি কোনো অনুমানত তিনিটাতকৈ বেছি বচন থাকে, তেন্তে সেইটো মাধ্যম অনুমান হ'ব ঠিকই, কিন্তু তাক ন্যায় বোলা নাযাব, যি অন্য প্ৰকাৰৰ মাধ্যম অনুমান হ'ব।

(iii) তৃতীয় নিয়মঃ হেতুপদ আশ্ৰয়বাক্য দুটাত অন্ততঃ এবাৰ ব্যাপ্ত হ'ব লাগিব।

    প্ৰত্যেক ন্যায়তে হেতুপদটো দুয়োটা আশ্ৰয়বাক্যত নিম্নলিখিত অৱস্থাত থাকে-

(a) সাদ্যবচনত হেতুপদ সাধ্যপদৰ লগত সংযুক্ত থাকে।

(b) পক্ষবচনত হেতুপদ পক্ষপদৰ লগত সংযুক্ত থাকে।

    কোনো এটা পদ যেতিয়া 'সমগ্ৰ' অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাক কোৱা হয় ব্যপ্ত পদ। হেতুপদটো যদি কোনো আশ্ৰয়বাক্যতেই ব্যাপ্ত নহয় অৰ্থাৎ হেতুপদ যদি সামগ্ৰিক অৰ্থত এবাৰো ব্যৱহৃত নহয় তেন্তে হেতুপদৰ কোনো এটা অংশৰ লগত সাধ্যপদ আৰু আন এটা বেলেগ অংশৰ লগত পক্ষপদ সন্বন্ধযুক্ত হোৱাৰ সম্ভাৱনা থাকিব।

উদাহৰণ-

(1) A- সকলো পুৰু, হয় মৰণশীল

A- সকলো নাৰী হয় মৰণশীল

ஃ A- সকলো নাৰী হয় পুৰুষ 

দোষঃ অব্যাপ্ত হোতুপদ।

    এই ন্যায়টো দোষযুক্ত। কাৰণ ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্ৰয়বাক্যত অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। কিন্তু ইয়াত সাধ্যবচন A বচন বোৱা বাবে হেতুপদ 'মৰণশীল' ব্যাপ্ত হোৱা নাই আৰু পক্ষবচন A বচন হোৱা বাবে হেতুপদ 'মৰণশীল'ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত অব্যাপ্ত হেতুপদ দোষ ঘটিছে।

(2) কেৱল ধাৰ্মিকসকলেই সুখী, গতিকে তেওঁ যদি ধাৰ্মিক হয়, তেন্তে তেওঁ সুখী হ'বই যুক্তি-

A- সকলো সুখী ব্যক্তি হয় ধাৰ্মিক 

A- তেওঁ হয় ধাৰ্মিক

ஃ A- তেওঁ হয় সুখী।

দোষঃ অব্যাপ্ত হেতুপদ দোষ।

    এই ন্যায়টোত হেতুপদ 'ধাৰ্মিক দুয়োটা আশ্ৰয়বাক্য়ত A বচনৰ বিদেয় হিচাপে এবাৰো ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্ৰয়বাক্য়তে অন্ততঃ এবাৰ ব্যায়প্ত হ'ব লাগে। গতিকে ইয়াত অব্যাপ্ত হেতুপদ দোষৰ সৃষ্টি হৈছে।

(iv) চতুৰ্থ নিয়মঃ আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্য়াপ্ত হ'ব নোৱাৰে।  

    এই নিয়মটো ন্য়ায়ৰ নিগমনাত্মক অনুমানৰ প্ৰকৃতিৰ লগত জড়িত। নিগমন অনুমানৰ বৈশিষ্ট্য হৈছে যে আশ্ৰয়বাক্যত ব্য়াপ্ত নোহোৱাকৈ কোনো পদেি সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। যদিহে কোনো পদ আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হোৱা পদ আশ্ৰয়বাক্যটো আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক হৈ পৰিব। সেয়েহে সিদ্ধান্তত ব্যাপ্ত হোৱা পদ আশ্ৰয়বাক্যতো ব্যাপ্ত হ'বই লাগিব। ল'হলে ন্যায়টো দোষযুক্ত হ'ব।  

    এই নিয়ম ভংগ কৰিলে দুটা ধৰণৰ দোষ হয়- (a) অবৈধ সাধ্যপদ দোষ আৰু (b) অবৈধ পক্ষপদ দোষ।

(a) অবৈধ সাধ্য দোষঃ

    যদিহে সাধ্যপদটো আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হয় তেতিয়া অবৈধ সাধ্যপদ দোষৰ সৃষ্টি হয়। 

উদাহৰণ-

(1) A- সকলো অশিক্ষিত হয় অন্ধবিশ্বাসী

E- তেওঁ নহয় অশিক্ষিত 

ஃ E- তেওঁ নহয় অন্ধবিশ্বাসী।

দোষঃ এই ন্যায়টোত অবৈধ সাধ্যপদ দোষ ঘটিছে।

    এই ন্যায়টোত সাধ্যপদ 'অন্ধবিশ্বাসী' সিদ্ধান্তত E বচনৰ বিদেয় হিচাপে ব্যাপ্ত হৈছে, কিন্তু সাধ্য বচনত A বচনৰ বিধেয় হিচাপে ব্যৱহাৰ হৈ ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে 'আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ সাধ্যপদস দোষ ঘটিছে।

(2) সাধুসকল সুখী, তেওঁ যিহেতু সাধু নহয়, গতিকে তেওঁ সুখী নহয়।

A- সকলো সাধু হয় সুখী

E- তেওঁ নহয় সাধু

ஃ E- তেওঁ নহয় সুখী।

দোষঃ এই ন্যায়টো দোষযুক্ত, ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে।

    এই ন্যায়টোত 'সুখী' সাধ্যপদটো সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে, কিন্তু সাধ্য আশ্ৰয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষৰ সৃষ্টি হৈছে।

(b) অবৈধ পক্ষপদ দোষঃ

    যদিহে পক্ষপদটো আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হয় তেন্তে অবৈধ পক্ষপদ দোষৰ সৃষ্টি হয়।  

 উদাহৰণ-

(1) সকলো ভাৰতীয় মানুহ,সকলো মানুহ মৰণশীল; গতিকে সকলো মৰণশীল জীৱই ভাৰতীয়।

যুক্তি-

A- সকলো ভাৰতীয় হয় মানুহ 

A- সকলো মানুহ হয় মৰণশীল

ஃ A- সকলো মৰণশীল জীৱ হয় ভাৰতীয়।

দোষঃ এই ন্যায়টো দোষযুক্ত। ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে।

    এই ন্যায়টোত 'মৰণশীল' পক্ষপদটো সিদ্ধান্তত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে, কিন্তু পক্ষ আশ্ৰয়বাক্য়ত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰে। গতিকে ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে।

(2) কোনো মানুহ পূৰ্ণ নহয়, সকলো মানুহেই প্ৰাণী; গতিকে কোনো প্ৰাণীয়ে পূৰ্ণ নহয়।

E- কোনো মানুহ নহয় পূৰ্ণ

A- সকলো মানু হয় প্ৰাণী

ஃ E- কোনো প্ৰাণী নহয় পূৰ্ণ।

দোষঃ এই ন্যায়টো দোষযুক্ত, ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে।

    এই ন্যায়টোত পক্ষপদ 'প্ৰাণী' সিদ্ধান্তত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। কিন্তু পক্ষ বচনত A বচনৰ বিধেয়পদ হিচাপে ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ পক্ষপদ দোষৰ সৃষ্টি হৈছে।

(v) পঞ্চম নিয়মঃ দুয়োটা আশ্ৰয়বাক্যই নঞৰ্থক হ'লে তাৰ পৰা কোনো সিদ্ধান্তই পাব নোৱাৰি।

    নঞৰ্থক বচনে উদ্দেশ্য আৰু বিধেয় পদৰ মাজত কোনো সম্বন্ধ স্থাপন কৰিব নোৱাৰে। যদি প্ৰথম আশ্ৰয়বাক্য অৰ্থাৎ সাধ্য বচনটো নঞৰ্থক হয়, তেন্তে সাধ্যপদ আৰু হেতুপদৰ মাজত কোনো সম্বন্ধ নাথাকে। যদি পক্ষ বচনটো নঞৰ্থক বচন হয় তেন্তে পক্ষপদ আৰু হেতুপদৰ মাজত কোনো সম্বন্ধ নাথাকিব। যিহেতু হেতুপদৰ জৰিয়তে সাধ্যপদ আৰু পক্ষপদৰ মাজত সম্বন্ধ স্থাপন হয়, গতিকে দুয়োটা আশ্ৰয়বাক্য নঞৰ্থক হ'লে অৰ্থাৎ হেতুপদৰ লগত সাধ্য আৰু পক্ষ উভয়ৰে সম্বন্ধ নাথাকিলে হেতুপদৰ জৰিুয়তে সিদ্ধান্তত সাধ্যপদ আৰু পক্ষপদৰ মাজত কোনো সম্বন্ধ স্থাপন নহয়।

উদাহৰণ-

E- কোনো মানুহ নহয় পৰিশ্ৰমী 

E- কোনো কুকুৰ নহয় মানুহ

    এই দুয়োটা নঞৰ্থক আশ্ৰয়বাক্যৰ পৰা কোনো সিদ্ধান্তত পোৱা নহয়।

দোষঃ এই নিয়ম ভংগ কৰিলে দুটি নঞৰ্থক আশ্ৰয়বাক্যজনিত দোষ (Fallacy of two negative premises) ৰ সৃষ্টি হ'ব।

উদাহৰণ-

E- কোনো শ্ৰমিক নহয় সংযত

E- কোনো শ্ৰমিক নহয় স্বাধীন

ஃ E- কোনো স্বাধীন ব্যক্তি নহয় সংযত।

    ওপৰোক্ত উদাহৰণত আশ্ৰয়বাক্য দুটাই নঞৰ্থক। গতিকে ইয়াত দুটা নঞৰ্থক আশ্ৰয়বাক্যজনিত দোষ (Fallacy of two negative premises) ঘটিছে।

(vi) ষষ্ঠ নিয়মঃ আশ্ৰয়বাক্য দুটাৰ এটা নঞৰ্থক হ'লে সিদ্ধান্তটো নঞৰ্থক হ'ব; অৰ্থাৎ, সিদ্ধান্তটো নঞৰ্থক হ'লে যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্থক হ'বই লাগিব।

    ন্য়ায়ৰ পঞ্চম নিয়ম মতে, দুয়োটা আশ্ৰয়বাক্য নঞৰ্থক হ'ব নোৱাৰ্ব; গতিকে এটা আশ্ৰয়বাক্য অন্ততঃ সদৰ্থক হ'ব লাগিব। ষষ্ঠ নিয়ম মতে, এটা আশ্ৰয়বাক্য যদি নঞৰ্থক হয়, তেন্তে সেই নঞৰ্থক আশ্ৰয়বাক্য য়দি নঞৰ্থক হয়, সিদ্ধান্তও নঞৰ্থক হ'ব। এটা আশ্ৰয়বাক্যত যদি নঞৰ্থক হয়, তেন্তে সেই নঞৰ্থক আশ্ৰয়বাক্যত হেতুপদৰ নঞৰ্থক সম্বন্ধ থাকিব আৰু সদৰ্থক আশ্ৰয়বাক্যটোতো হেতুপদৰ লগত সাধ্যপদ বা পক্ষপদৰ সদৰ্থক সম্বন্ধ থাকিব। গতিকে সিদ্ধান্তত হেতুপদ পক্ষ আৰু সাধ্যপদৰ নঞৰ্থক সম্বন্ধ স্থাপন কৰিব।

অনুসিদ্ধান্তঃ সিদ্ধান্তত যদি নঞৰ্থক হয় যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্থক হ'ব।

    সিদ্ধান্ত নঞৰ্থক হ'লে সাধ্যপদ আৰু পক্ষপদৰ মাজত সমগতিৰ অভাৱ বা ব্যাতিৰেকী সম্বন্ধ থাকিব। সিদ্ধান্তত পক্ষ আৰু সাধ্যপদৰ মাজত সংগতিৰ অভাৱ থাকিলে বুজিব লাগিব হেতুপদৰ সাধ্য আৰু পক্ষ যিকোনো এটাৰ সংগতিৰ অভাৱ থাকিব অৰ্থাৎ যিকোনো এটা আশ্ৰয়বাক্য নঞৰ্থক হ'বই লাগিব।

(vii) সপ্তম নিয়মঃ যদি দুয়োটা আশ্ৰয়বাক্যই সদৰ্থকহয়, তেন্তে সিদ্ধান্তও সদৰ্থক হ'ব।

    যদি সাধ্যবচন সদৰ্থক হয়, তেন্তে সাধ্য আৰু হেতুপদৰ মাজত সদৰ্তক সম্বন্ধ থাকিব আৰু যদি পক্ষবচন সদৰ্থক হয় তেন্তে পক্ষপদ আৰু হেতু পদৰ মাজত সদৰ্থক সম্বন্ধ থাকিব সেয়েহে সিদ্ধান্তত হেতুপদৰ মাধ্যমত পক্ষ আৰু সাধ্যপদৰ মাজত সদৰ্থক সম্বন্ধ স্থাপন হ'ব। অৰ্থাৎ আশ্ৰয়বাক্য সদৰ্থক হ'লে সিদ্ধান্তও সদৰ্থক হ'ব।

অনুসিদ্ধান্তঃ সিদ্ধান্ত সদৰ্থক হ'লে দুয়োটা আশ্ৰয়বাক্যই সদৰ্থক হ'ব। সিদ্ধান্ত সদৰ্থক হ'লে পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্বন্ধ সংগতিপূৰ্ণ হ'ব আৰু এই সংগতিপূৰ্ণ সম্বন্ধ সাধ্য আশ্ৰয়বাক্য আৰু পক্ষ আশ্ৰয়বাক্যত হেতুপদৰ লগত যথাক্ৰমে সাধ্যপদ আৰু পক্ষপদৰ লগত থাকিব লাগিব। গতিকে দুয়োটা আশ্ৰয়বাক্য সদৰ্থক হ'বই লাগিব।

(viii) অষ্টম নিয়মঃ দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

    যদি দুয়োটা আশ্ৰয়বাক্য বিশেষ বচন হয়, তেনেহ'লে ন্যায় অনুমানৰ চাৰিধৰণৰ বিন্যাস বা মূৰ্তি পোৱা যায়। যেনে- II, IO, OI আৰু OO। তলত বিন্যাসবোৰৰ ব্যাখ্যা কৰা হ'ল- 

(a) প্ৰথম আকাৰঃ I আৰু I (I - I) 

    এই আকাৰটোত সাধ্য আশ্ৰয়বাক্য আৰু পক্ষ আশ্ৰয়বাক্য দুয়োটা I বচন হোৱা বাবে দুয়োটাতে কোনো পদেই ব্যাপ্ত নহয়। ফলত ন্যায়টো অব্যাপ্ত হেতুপদ দোষযুক্ত হ'ব। ন্যায়ৰ নিয়ম মতে হেতুপদটো অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। গতিকে এই আকাৰটো অবৈধ।

(b) দ্বিতীয় আকাৰঃ I আৰু O (I - O) 

    এই আকাৰটোত সাধ্যবচন I বচ হোৱা বাবে সিদ্ধান্তও নঞৰ্থক হ'ব। সিদ্ধান্ত নঞৰ্থক হোৱাৰ ফলত সাধ্যপদটো সিদ্ধান্তত ব্যাপ্ত হৈ পৰিব। ফলত অনুমানটো অবৈধ সাধ্যপদ দোষযুক্ত হ'ব। কাৰণ ন্যায়ৰ নিয়ম মতে আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদ সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰে। গতিকে IO- এই আকাৰৰ পৰা কোনো বৈধ সিদ্ধান্ত পোৱা নাযায়।

(c) তৃতীয় আকাৰঃ O আৰু I (O - I)

    এই আকাৰত সাধ্যবচনত (O) বিধেয়পদ ব্যপ্ত হৈছে আৰু পক্ষবচনত (I) কোনো পদ ব্যাপ্ত হোৱা নাই। এটা আশ্ৰয়বাক্য নঞৰ্থক হোৱা বাবে সিদ্ধান্তও নঞৰ্থক হ'ব। এতিয়া অব্যাপ্ত হেতুপদ দোষৰ হাত সাৰিবলৈ যদি ব্যাপ্ত পদটো হেতুপদ হিচাপে ধৰা হয়, তেন্তে ন্যায়টোত অবাধ সাধ্যপদটো সাধ্য আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ ব্যাপ্ত হৈছে। আনহাতে, অবৈধ সাধ্যপদ দোষৰ পৰা হাত সাৰিবলৈ ব্যাপ্ত পদটোক সাধ্যপদ হিচাপে ধৰিলে ন্যায়টোত অব্যাপ্ত হেতুপদ দোষযুক্ত হ'ব, কাৰণ হোতুপদটো দুয়োটা আশ্ৰয়বাক্যত এবাৰো ব্যপ্ত হোৱা নাই। গতিকে OI আকাৰটোৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

(d) চতুৰ্থ আকাৰঃ O আৰু O (O - O)

ইয়াত দুয়োটা আশ্ৰয়বাক্যই নঞৰ্থক। গতিকে কোনো সিদ্ধান্ত পাব নোৱাৰি।

    গতিকে দেখা গ'ল দুয়োটা আশ্ৰয়বাক্য বিশেষ বচন হ'লে তাৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

(ix) নৱম নিয়মঃ যদি এটা আশ্ৰয়বাক্য বিশেষ বচন হয় তেনেহ'লে সিদ্ধান্তও বিশেষ বচন হ'ব। 

    কোনো ন্যায়ৰ এটা আশ্ৰয়বাক্য বিশেষ বচন হ'লে আনটো সামান্য বচ়ন হ'ব। কাৰণ দুিটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি (অষ্টম নিয়ম)। গতিকে এটা আশ্ৰয়বাক্য সামান্য আৰু আনটো বিশোষ বচন বুলি ধৰিলে আমি নিম্নলিখিত মূৰ্তিবোৰ পাম-

(a) AI আৰু IA 

(b) AO আৰু OA 

(c) EI আৰু IE 

(d) EO আৰু OE 

    ইয়াৰ মাজত (d) মূৰ্তি দুটাৰ লপৰা কোনো সিদ্ধান্ত পোৱা নুাযায়, যিহেতু দুয়োটাই নঞৰ্থক (পঞ্চম নিয়ম)। বাকীবোৰ বিন্যাসৰ তলত ব্যাখ্যা কৰা হ'ল-

(a) প্ৰথম আকাৰঃ AI আৰু IA (A - I) আৰু (I - A) 

এই দুয়োটা আকাৰত মাত্ৰ এটাকৈ পদ ব্যাপ্ত হৈছে। কাৰণ I বচনত কোনো পদ ব্যাপ্ত নহয় আৰু A বচনত মাত্ৰ উদ্দেশ্য পদ ব্যাপ্ত হয়। অব্য়াপ্ত হেতুপদ দোষৰ পৰা ৰক্ষা পাবলৈ এই ব্যাপ্ত পদটো হেতুপদ হ'ব লাগিব। গতিকে আমি এনে সিদ্ধান্তলৈ আহিব লাগিব, য'ত কোনো পদেই ব্যাপ্ত নহয়। আৰু একমাত্ৰ I বচনেই তেনে বচন। গতিকে এই দুই প্ৰকাৰৰ ন্যায়ত সিদ্ধান্ত I বচন অৰ্থাৎ বিশেষ বচন হ'ব।

(b) দ্বিতীয় আকাৰঃ AO আৰু OA (A - O) আৰু (O - A)

    এই দুয়োপ্ৰকাৰৰ আকাৰতে দুটোকৈ পদ ব্যাপ্ত হৈছে। তাৰ মাজত এটা অৱশ্যেই হেতুপদ হ'ব যিহেতু হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। আনটো পদ সাধ্যপদ বা পক্ষপদ হ'ব। গতিকে সিদ্ধান্তটো এনে হ'ব লাগিব য'ত মাত্ৰ এটা পদহে ব্যাপ্ত হ'ব পাৰে। যিহেতু এটা বচন নঞৰ্থক, গতিকে সিদ্ধান্তও নঞৰ্থক হ'ব। এই ক্ষেত্ৰত O বচন হৈছে একমাত্ৰ বচন, য'ত মাত্ৰ এটা পদহে ব্যাপ্ত হয় আৰু O বচন হ'ল বিশেষ বচন।

(c) তৃতীয় আকাৰতঃ EI আৰু IE (E - I) আৰু (I - E) 

    এই দুই প্ৰকাৰৰ আকাৰতো দুটাকৈ পদ ব্যাপ্ত হৈছে। তাৰ মাজত এটা অৱশ্যেই হেতুপদ হ'ব, যিহেতু হেতুপদটো অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। এটা আশ্ৰয়বাক্য যিহেতু নঞৰ্থক, গতিকে সিদ্ধান্তটো নঞৰ্থক হ'ব। গতিকে সিদ্ধান্তটো O বচনহে হ'ব লাগিব য'ত এটা মাত্ৰ পদহে ব্যাপ্ত হয়, যিহেতু আশ্ৰয়বাক্যত এটাহে ব্যাপ্ত পদ বাকী আছে। অৰ্থাৎ সিদ্ধান্তটো বিশেষ বচন হ'ব। 

    গতিকে দেখা গ'ল এটা আশ্রয়বাক্য বিশেষ বচন হলে সিদ্ধান্তটো বিশেষ বচন হ’ব। 

(x) দশম নিয়মঃ সাধ্য আশ্রয়বাক্য বিশেষ বচন আৰু পক্ষ আশ্রয়বাক্য নঞর্থক বচন হলে কোনাে সিদ্ধান্ত পাব নােৱাৰি৷ 

    সাধ্য আশ্রয়বাক্য বিশেষ বচন হলে পক্ষ আশ্রয়বাক্য সার্বিক বা সামান্য বচন হ’ব (অষ্টম নিয়ম মতে, দুয়ােটা বচন বিশেষ বচন হলে কোনাে সিদ্ধান্তই পাব নােৱাৰি)। আকৌ পক্ষবচন নঞর্থক হলে সাধ্য বচন অৱশ্যেই সদর্থক বচন হ’ব। (দুয়ােটা বচন নঞর্থক হলে তাৰ পৰা কোনাে সিদ্ধান্ত পােৱা নাযায়)। 

    এতিয়া বিশেষ সাধ্যবচন আৰু নঞর্থক পক্ষবচনৰ পৰা কেৱল বিশেষ নঞর্থক বচনহে পাব পাৰি। কাৰণ ন্যায়ৰ নিয়ম মতে, এটা আশ্রয়বাক্য বিশেষ বচন হলে সিদ্ধান্ত বিশেষ বচন হয় আৰু এটা আশ্রয়বাক্য নঞর্থক হ'লে সিদ্ধান্ত নঞর্থক হয়। 

পৰীক্ষাঃ এই ন্যায়টোত সিদ্ধান্ত O বচন, গতিকে সাধ্যপদ সিদ্ধান্তত ব্যাপ্ত হৈছে। কিন্তু সাধ্যবচন I বচন , গতিকে সাধ্যপদটো সাধ্য আশ্রয়বাক্যত ব্যাপ্ত হােৱা নাই। গতিকে ন্যায়টো অবৈধ, কাৰণ ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে। 

    গতিকে দেখা গ'ল— বিশেষ সাধ্যবচন আৰু নঞর্থক পক্ষবচনৰ পৰা কোনাে সিদ্ধান্ত পাব। নােৱাৰি, কাৰণ ইয়াত অবৈধ সাধ্যপদ দোষৰ সৃষ্টি হয়।

Type Himanku Bora