3.1 ৰাসায়নিক সংযােগৰ বিধিসমূহ (LAWS OF CHEMICAL COMBINATION)

    অনেক পৰীক্ষা - নিৰীক্ষাৰ অন্তত লেভয়ছিয়াৰ আৰু যােছেফ এল প্রাউষ্টে (Joseph L Proust) তলৰ ৰাসায়নিক সংযােগৰ বিধি দুটা প্রতিষ্ঠা কৰিছিল ।

3.1.1    ভৰৰ নিত্য়তা বিধি (Law of conservation of mass)

ৰাসায়নিক পৰিৱৰ্তন (ৰাসায়নিক বিক্ৰিয়া) এটা ঘটোতে ভৰৰ ঘটেনে ?

  কাৰ্যকলাপ........................................3.1

      তলৰ যিকোনো এযোৰ ৰাসায়নিক পদাৰ্থ X আৰু Y লোৱা ।

                                                    Y

(i)    কপাৰ ছালফেট               ছ'ডিয়াম কাৰ্বনেট

(ii)    বেৰিয়াম ক্ল'ৰাইড          ছ'ডিয়াম ছালফেট

(iii)    লেড নাইট্ৰট                  ছ'ডিয়াম ক্ল'ৰাইড


      X আৰু Yক বেলেগে বেলেগে পানীত লৈ 5% চোকৰ একোটাকৈ দ্ৰৱ প্ৰস্তুত কৰা ।

      এটা কনিকেল ফ্লাক্সত Y ৰ অলপ দ্ৰৱ আৰু এটা দহন নলীত X ৰ অলপ দ্ৰৱ লোৱা ।

      ফ্লাক্সটোত দহন নলীটো সাৱধানে ওলোমাই ধৰা ; চাবা যাতে দ্ৰৱ দুটা মিহলি নহয় । ফ্লাক্সটোৰ মুখত এটা ঠিলা লগাই দিয়া (চিত্ৰ-3.1)

 

চিত্ৰ-3.1 : Y দ্ৰৱ থকা কনিকেল ফ্লাক্সত Xৰ দ্ৰৱ থকা দহন নলী ভৰাই ৰখা হৈছে ।

      ভিতৰৰ সামগ্ৰীখিনিৰে সৈতে সাৱধানে ফ্লাক্সটোৰ ওজন লোৱা ।

      এতিয়া ফ্লাক্সটো হেলনীয়া কৰি এনেদৰে পাক দি ঘূৰোৱা যাতে দ্ৰৱ X আৰু Y মিহলি হৈ পৰে ।

      পুনৰ ওজন লোৱা ।

      বিক্ৰিয়া ফ্লাক্সটোত কি ঘটিছে ?

      এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি তুমি ভাবা নেকি ?

      ফ্লাক্সটোৰ মুখখনত আমি ঠিলাটো লগোৱা উচিত কিয় ?

      ফ্লাক্সটো আৰু তাত থকা সামগ্ৰীখিনিৰ ওজন সলনি হৈছেনে ?


ভৰৰ নিত্য়তা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ।


Class 9 General Science Assam SCERT Book

Bidyut Thakuria