3.1.2    স্থিৰানুপাত বিধি  (Law of constant proportions)

লেভয়ছিয়াছৰ আৰু আন বিজ্ঞানীসকলে মন কৰিছিল যে বহুবোৰ যৌগ দুটা বা অধিক মৌল লগ লাগি গঠিত হৈছিল আৰু প্ৰতিটো এনে যৌগত, যৌগটো য'ৰ পৰাই পোৱা নাযাওঁক কিয় বা যিয়েই প্ৰস্তুত নকৰক, একেবাৰে মৌল একে অনুপাততে লগ হৈছিল।

    এটা যৌগ যেনে পানীত , উৎস যিয়েই নহওঁক লাগে , হাইড্র'জেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 1 : 8। এই অনুসৰি যদি 9g পানীৰ বিয়ােজন ঘটোৱা হয় , সদায়েই 1g হাইড্র'জেন আৰু 8g অক্সিজেন পােৱা যাব। একেদৰেই যি পদ্ধতিৰেই বা যি উৎসৰ পৰাই পােৱা নাযাওঁক কিয় , এম’নিয়াত নাইট্র'জেন আৰু হাইড্র'জেনৰ ভৰ অনুপাত সদায়েই 14 : 3।

    এই সমূহ তথ্যৰ ভিত্তিতেই স্থিৰানুপাত বিধিটো আগবঢ়োৱা হৈছিল। এই বিধিক নির্দিষ্টানুপাত বিধি (Law of definite proportion) আখ্যাও দিয়া হয়। প্রাউষ্টে ( Proust ) এই বিধিক এনেদৰে উপস্থাপন কৰিছিল – “এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নির্দিষ্টভৰৰ অনুপাতত থাকে।”

    বিজ্ঞানীসকলৰ বাবে পৰৱৰ্তী সমস্যাটো আছিল এই বিধিসমূহ সঠিকভাৱে ব্যাখ্যা কৰাটো। ব্রিটিছ ৰসায়নবিদ জন ডেল্টনে পদার্থ প্ৰকৃতিৰ ওপৰত এক মৌলিক তত্ত্ব আগবঢ়াইছিল। ডেল্টনে পদার্থ বিভাজ্যতা ধাৰণাটো দাঙি ধৰিছিল যিটো তেতিয়া পর্যন্ত এটা বিশুদ্ধ দার্শনিক ধাৰণাহে আছিল। গ্রীকসকলে দিয়া ‘এটম’ নামটো তেওঁ লৈছিল আৰু কৈছিল যে এটমবােৰ পদাৰ্থৰ ক্ষুদ্রতম কণা। তেওঁৰ তত্ত্ব ৰাসায়নিক সংযােগ বিধিসমূহৰ ওপৰত প্রতিষ্ঠিত। ডেল্টনৰ এটমিক তত্ত্ব (পৰমাণুবাদ) ই ভৰৰ নিত্য়তা বিধি আৰু স্থিৰানুপাত বিধিৰ এক ব্য়াখ্য়া আগবঢ়াইছিল।

       

            

    ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওঁক বা মিশ্ৰ পদাৰ্থই হওঁক সকলোবোৰ এট'ম (পৰমাণু) নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। এই তত্ত্বৰ স্বীকাৰ্য্য়সমূহ (postulates) তলত দিয়াৰ দৰে প্ৰকাশ কৰিব পাৰি।

      (i)    সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত।

      (ii)    পৰমাণুবোৰ অবিভাজ্য় কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষিট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই।
     (iii)    বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ।

   (iv)  যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্য়াৰ সৰল অনুপাতত যোজিত হয়।

     (v)    নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্য়া আৰু প্ৰকাৰ স্থিৰ থাকে।

    পৰৱৰ্তী অধ্য়ায়ত তোমালোকে পঢ়িবলৈ পাবা যে য়কলোবোৰ পৰমাণু তাতোকৈ ক্ষুগ্ৰতৰ কণিৰে গঠিত।




Class 9 General Science Chapter 3

Type :- Bidyut Thakuria.