7.3 শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম - বিভাগ (The Hierarchy of Classification groups)

    আৰ্নষ্ট হেকেল (Earnst Hackel, 1894),ৰবাৰ্ট হোৱাইটেকাৰ (Robert Whittaker, 1959) আৰু কাৰ্ল ওৱেছি (Carl Woese, 1977) আদি জীৱ বিজ্ঞানীসকলে জীৱজগতখনক প্ৰধানকৈ কিছুমান ৰাজ্য়ত ভাগ কৰিবলৈ যত্ন কৰি আহিছে। ৰবাৰ্ট হোৱাইটেকাৰে জীৱজগতখন পাঁচটা ৰাজ্য়ত যেনে一মনেৰা ৰাজ্য় (Monera), প্ৰটিষ্টা (Protista) ৰাজ্য়, ভেকুঁৰ ৰাজ্য় (Fungi), উদ্ভিদ ৰাজ্য় (Plantae) আৰু প্ৰাণী ৰাজ্য় (Animalia)ত বিভক্ত কৰিছে। এই শ্ৰেণীবিভাজন পদ্ধতিক সকলোৱে গ্ৰহণ কৰি আহিছে। এই শ্ৰেণীবিভাজনত জীৱবিলাকৰ কোষৰ গঠন, পৰিপুষ্টিৰ ধাৰণ আৰু দেহৰ সংগঠনৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। ওৱেছিয়ে পিছত মনেৰা ৰাজ্য়খনক পুনৰ আৰ্কি বেক্টেৰিয়া বা আৰ্কিয়া আৰু ইউবেক্টেৰিয়া বা বেক্টেৰিয়া বুলি দুটা ভাগত বিভক্ত কৰিছে।

    বৰ্গীকৰণ পিছৰ পৰ্যায়ত বিভিন্ন উপ-বিভাগবিলাক তলত উল্লেখ কৰা বৰ্গাণুক্ৰম মতে শ্ৰেণীবিভাজন কৰা হয়।

    ৰাজ্য়
    বিভাগ [(প্ৰাণীৰ ক্ষেত্ৰত পৰ্ব (Phyllum),
    উদ্ভিদৰ ক্ষেত্ৰত বিভাগ (Division)]
    শ্ৰেণী    বৰ্গ   গোত্ৰ    গণ    প্ৰজাতি

    সেইদৰে জীৱবিলাকৰ বৰ্গীকৰণ কৰোতে ক্ৰমে সৰু সৰু ভাগত বিভক্ত হৈ পৰে। এনেদৰেই বৰ্গীকৰণ কৰি শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম একক "প্ৰজাতি" নিৰ্ণয় কৰা হয়। ইয়াৰ ভিত্তিতে জীৱবিলাক একেটা প্ৰজাতিৰ হয়নে নহয় তাক নিৰ্ণয় কৰিব পাৰি। আচল অৰ্থত, এটা প্ৰজাতি বুলিলে সেই জীৱবিলাকক বুজায় যিবিলাক একে বৈশিষ্ট্য়গত হোৱাৰ উপৰিও সিহঁতৰ মাজত প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি হয়।
    হোৱাইটেকাৰ শ্ৰেণীবিভাজনৰ পঞ্চৰাজ্য়ৰ অন্তৰ্গত ৰাজ্য়সমূহৰ বৈশিষ্ট্য়সমূহ তলত বৰ্ণনা কৰা হৈছে।


Class 9 G.Science Assam SCERT Book (Chapter 7)
Type:- Bidyut Thakuria