জীৱ আৰু পৰিৱেশ

পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা বায়ু, পানী, উদ্ভিদ আৰু প্ৰাণী সকলোকে বুজায়। এইবোৰ নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ।

উদ্ভিদবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰব পাৰে। গতিকে খাদ্য়ৰ বাবে এইবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। প্ৰাণীবোৰে খাদ্য় বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে,তোমাৰ বিদ্য়ালয়ৰ চৌহদত থকা ঘাঁহনিডৰালৈ ভালদৰে লক্ষ্য় কৰিলে দেখিবা যে সৰু সৰু ঘাঁহবোৰক কীট-পতংগ আৰু ফৰিগঙে খায়। ফৰিঙক ভেকুলীয়ে খায়,ভেকুলীক কোনে খায় বাৰু? ভেকুলীক সাপে খায়। সাপক চিলনীয়ে খায়। ঠিক তেনেদৰে ধান, চাউল আদিক নিগনিয়ে খায়, নিগনিক আকৌ মেকুৰীয়ে খায়।

খাদ্য় শৃংখলত আহাৰৰ বাবে এটা জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰশীল।

কোনো এখন ঠাইত তৃণভোজী প্ৰাণীৰ সংখ্য়া বাঢ়ি গ'লে গছ-গছনিৰ সংখ্য়া কমি যাব। ইয়াৰ ফলত তৃণভোজী প্ৰাণীয়ে খাদ্য় নাপাব। কিন্তু সেই ঠাইত মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীক খোৱাৰ ফলত গছ-গছনিৰ সংখ্য়া কমি যোৱাৰ সম্ভাৱনা নাথাকে। এনেদৰে প্ৰাণীবোৰে ইটোৱে সিটোক খাই পৰিৱেশ সমতা ৰক্ষা কৰে।

আমি গৰু,ম'হ,ছাগলীৰ পৰা গাখীৰ পাওঁ। হাঁহ,মুৰ্গীৰ পৰা কণী পাওঁ। ছাগলী,মুৰ্গী,হাঁহ পাৰৰ মাংস আৰু মাছো খাওঁ। তোমালোকে খাই ভাল পোৱা মাখন,পনীৰ,মিঠাই,দৈ আদি গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়।আগৰ দিনত গাড়ী,মটৰৰ সংখ্য়া একেবাৰে কম আছিল। তেতিয়া মানুহে এঠাইৰ পৰা আনঠাইলৈ অহা- যোৱা কৰিবলৈ আৰু বস্তু কঢ়িয়াবলৈ গৰু আৰু ঘোঁৰাই টনা গাড়ী ব্য়ৱহাৰ কৰিছিল। হাতীয়ে হাবিত ডাঙৰ আৰু গধুৰ কাঠ কঢ়িয়াইছিল।

ৰাতি ঘৰ পহৰা দিবৰ বাবে আমি কুকুৰ পোহোঁ। ঘৰত নিগনি কমাবৰ বাবে মেকুৰী পোহা দেখা যায়। এনেদৰে বিভিন্ন কামৰ বাবে মানুহে যিবোৰ প্ৰাণীৰ পৰা সহায়পায় সেইবোৰক আদৰ যত্ন কৰি ঘৰত পোহনীয়া প্ৰাণী হিচাপে ৰাখে। কথা ক'ব পৰা চৰাই যেনে- ভাটৌ,মইনা,চুটীয়া শালিকা এইবোৰকে মানুহে পৈহে।

পোহনীয়া প্ৰাণীবোৰক আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে আমি সিহঁতক মৰম কৰিব আৰু যত্ন ল'ব লাগে।

পোহনীয়া প্ৰাণীবোৰক কেনেদৰে যত্ন ল'ব লাগে জানি লওঁ আহা-

প্ৰাণীবোৰক জিৰণি ল'বৰ বাবে ঘৰ সাজি দিব লাগে।

প্ৰাণীবোৰক চাফ্-চিকুণকৈ ৰাখিব লাগে।

সময়মতে আহাৰ খাবলৈ দিব লাগে।

বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে।

বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে প্ৰতিষেধক বেজী দিব লাগে।

জানি লওঁ আহা-

চিলনী, শগুণ আদিয়ে গেলা-পচা বস্ত আৰু মৰা শ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। 

কাউৰীয়ে জাৱৰ-জোঁথৰৰ পৰা গেলা-পচা বস্তু খাই পৰিৱেশ চাফা কৰি ৰাখে।


Class 4 Environment Assam SCERT Book (Chapter 7)

Type : Bastab Deka