2.3.3 দুটা পৰম্পৰ মিহলি নােহােৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি? (How CAN WE SEPARATE A MIXTURE OF TWO IMMISCIBLE LIQUIDS?)

কার্যকলাপ.....................2.6

  কেৰাছিন তেল আৰু পানীৰ মিশ্ৰণৰ পৰা পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি উভয়কে পৃথক কৰা যাওক।

  কেৰাছিন আৰু পানীৰ মিশ্ৰণটো এটা পৃথকীকৰণ চুপিত ঢালি লােৱা লৰচৰ নকৰাকৈ থৈ দিলে কিছুসময় পিছত পানী আৰু তেলৰ দুটা তৰপ দেখা যাব।

   পৃথকীকৰণ চুপিটোৰ পেঁচঠিলা (stopcock) খুলি দি তলৰ পানীৰ তৰপটো সাবধানে তলত পৰিবলৈ দিয়া ।

   তেলৰ তৰপটো পেচঠিলালৈ নামি অহাৰ লগে লগে ঠিলাটো বন্ধ কৰা।


ব্য়ৱহাৰ

মিহলি নোহোৱা তৰলৰ পৃথকীৰণ
চিত্ৰ ঃ 2.6 মিহলি নোহোৱা তৰলৰ পৃথকীৰণ

    তেল আৰু পানী পৃথকীকৰণত। আকৰিকৰ পৰা লো নিষ্কাশনত পাতল শ্লেগ (Slag) ওপৰত আৰু গলিত লো চুল্লী (furnace) ৰ তলিত জমা হয়।

    মূলসূত্ৰ হ'ল一 পৰস্পৰ মিহলি নোহোৱা তৰল বিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয়।



Class 9 Science Assam SCERT Book (Chapter 2)

Bidyut Thakuria.