অধিকাৰৰ সমূহৰ গুৰুত্ব

১৯৮২ চনত এছিয়াৰ খেলৰ নিৰ্মাণ কাৰ্য সময়ত চৰকাৰে কিছুমান ঠিকাদাৰ নিয়োগ কৰিছিল। এই ঠিকাদাৰসকলে ষ্টেডিয়াম আৰু উৰণীয় সেতু নিৰ্মাণৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ  বহুতো দুখীয়া নিৰ্মাণ কৰ্ম্মীক নিয়োগ কৰিছিল। এই বনুৱা সকলক খুউব শোচনীয় কৰ্মৰ পৰিৱেশ অধ্যয়ণ কৰি উচ্চতম ন্যায়লয়ত আবেদন জনাইছিল।  তেওঁলোকৰ শোচনীয় পৰিবেশ অধ্যয়ণ কৰি উচ্চতম ন্যালয়ত আবেদন জনাইছিল। তেওঁলোকে যুক্তি দৰ্শাইছিল যে এজন   ব্যক্তিক নিৰ্ধাৰিত মূল্যতকৈ কম মূল্যত কামত নিয়োগ কৰাটো ভিক্ষাৰী বা বলপূৰ্বক- শ্ৰমৰ সমপৰিমাণৰ হব। যিটো এটা শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ খৰ্ব হব । বিচাৰালয়ে এই আবেদন সমৰ্থন কৰিছিল আৰু চৰকাৰক নিৰ্দেশ দিছিল এইটোৰ নিশ্চিত কৰাৰ বাবে যাতে হাজাৰ হাজাৰ বনুৱাই তেওঁলোকৰ কৰ্মৰ বাবে নিৰ্ধাৰিত মজুৰি লাভ  কৰিব পাৰে । 

মাচাল লালুং ( Machal Lalung ) ২৩ বছৰীয়া আছিল যেতিয়া তেওঁক গ্রেপ্তাৰ কৰা হৈছিল । অসমৰ মৰিগাওঁ জিলাৰ  চুবুৰী গাঁৱৰ এজন বাসিন্দা তেওঁক নিদাৰুণ আঘাট ঘটোৱাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । বিচাৰৰ বাবে থিয় হবলৈ মানসিকভাৱে তেওঁক বৰ অসুস্থ অৱস্থাত পােৱা গৈছিল আৰু বিচাৰাধীন অৱস্থাত তেওঁক পঠাই দিয়া হৈছিল তেজপুৰত থকা লােকপ্রিয় গােপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ।

     মাচালক সফলভাবে চিকিৎসা কৰা হৈছিল আৰু ডাক্তৰে ১৯৬৭ চনত আৰু ১৯৯৬ চনত জেল কর্তৃপক্ষলৈ দুবাৰ লিখিছিল যে সি বিচাৰৰ বাবে সম্পূর্ণ সুস্থ হৈ উঠিছিল । কিন্তু কোনেও একো গুৰুত্ব দিয়া নাছিল । মাচাল লালুং ন্যায়িক জিম্মাত ” তেনেকৈয়েই থাকি গৈছিল । 

২০০৫ চনৰ জুলাই মাহত মাচাল লালুংক এৰি দিয়া হৈছিল । সি তেতিয়া ৭৭ বছৰ বয়সীয়া আছিল । সি ৫৪ বছৰ বিচাৰাধীন অৱস্থাত জেলত কটাইছিল আৰু সেইখিনি সময়ত তাৰ মােকৰ্দ্দমাতো কেতিয়াও শুনানীৰ বাবে উঠোৱা হােৱা নাছিল । জাতীয় মানৱ অধিকাৰ আয়ােগে নিয়ােগ কৰা এটা দলে যেতিয়া বিষয়টো হস্তক্ষেপ কৰি ৰাষ্ট্ৰত থকা বিচাৰাধীন বিলাকক পৰিদৰ্শন কৰিছিল তাৰ পিছত তাক মুক্ত কৰি দিয়া হৈছিল ।

মাচালৰ গােটেই জীৱন নষ্ট হৈ গৈছিল কাৰণ তাৰ বিৰুদ্ধে কেতিয়াও উপযুক্ত বিচাৰ হােৱা নাছিল । আমাৰ সংবিধানে প্রত্যেক নাগৰিককে ‘ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে ই ইয়াকে বুজায় যে প্রত্যেক নাগৰিকৰে উপযুক্ত আৰু খৰকটীয়া বিচাৰৰ অধিকাৰ থাকিব লাগিব । যেতিয়া সংবিধান প্রদত্ত অধিকাৰবােৰ বাস্তৱত প্রতিফলিত নহয় । তেতিয়া কি হব পাৰে মাচালৰ মােকর্দমাটোৱে তাকেই দেখুৱাইছে । প্রথম ঘটনাটোৰ ক্ষেত্ৰত সংবিধানে প্রদান কৰা অধিকাৰৰ ভঙ্গ হৈছিল । কিন্তু ইয়াক বিচাৰালয়ত প্রত্যাহ্বান জনােৱা হৈছিল । তাৰ ফলস্বৰূপে বনুৱাসকলে তেওঁলােকৰ অধিকাৰ সম্বলিত মজুৰি হিচাবে তেওঁলােকৰ প্রাপ্যখিনি লাভ কৰিছিল । সংবিধানে প্রদান কৰা শোষণৰ বিৰুদ্ধে অধিকাৰে বনুৱাসকললৈ ন্যায় নিশ্চিত কৰিছিল।

Type Sumit Patar

Class 11Political Science