নিৰপেক্ষ ন্যায়ঃ

    যি মাধ্যম নিগমন অনুমানত সিদ্ধান্ত পৰস্পৰ সম্বন্ধযুক্ত দুটা আশ্ৰয়বাক্যৰ সংযুক্ত ফলস্বৰূপে অনিবাৰ্যভাৱে নিঃসৃত হয় তাক ন্যায় বোলে। 



ন্যায়ৰ বৈশিষ্ট্যঃ
(i) ন্যায একপ্ৰকাৰ নিগমন অনুমান। নিগমন অনুমানৰ বৈশিষ্ট্য হৈছে যে সিদ্ধান্ত আশ্ৰয়বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। সিদ্ধান্ত আশ্ৰয়বাক্যৰ সমান ব্যাপক হ'ব পাৰে কিন্তু অধিক হ'ব নোৱাৰে।
    এই বৈশিষ্ট্যই ন্যায়ক আগমন অনুমানৰ পৰা পৃথক কৰিছে। কাৰণ আগমন অনুমানত সিদ্ধান্ত সদায় আশ্ৰয়বাক্য়তকৈ বেছি ব্যাপক।
(ii) নিগমন অনুমান দুই প্ৰকাৰৰ- (a) অমাধ্যম অনুমান আৰু (b) মাধ্যম অনুমান। ন্যায় মাধ্যম অনুমান। মাধ্যম অনুমানৰ বিশেষছত্ব হৈছে সিদ্ধান্ত একাধিক আশ্ৰয়বাক্যৰ পৰা নিঃসৃত হ'ব লাগিব। ন্যায় যিহেতু মাধ্যম অনুমান গতিকে ন্যায়ৰ সিদ্ধান্তও একাধিক আশ্ৰয়বাক্যৰ পৰা নিঃসৃত হ'ব লাগিব।
(iii) একাধিক আশ্ৰয়বাক্য বুলিলে দুটা, তিনিটা, চাৰিটা আদিও হ'ব পাৰে। কিন্তু ন্যায়ত মাত্ৰ দুটা আশ্ৰয়বাক্যৰ পৰাহে সিদ্ধান্ত নিঃসৃত হ'ব লাগিব। দুটাতকৈ কম হ'বও নোৱাৰে আৰু দুটাতকৈ বেছিও হ'ব নোৱাৰে।
    এই বৈশিষ্ট্যই এহাতে ন্যায়ক অমাধ্যম অনুমানৰ পৰা আৰু আনহাতে মাধ্যম অনুমানৰ আন প্ৰকাৰৰ পৰা পৃথক কৰিছে।
(iv) ন্যায়ৰ আশ্ৰয়বাক্য দুটা পৰস্পৰ সম্পৰ্কবিহান হ'ব নোৱাৰে। পৰস্পৰ সম্পৰ্কযুক্ত দুটা আশ্ৰয়বাক্যৰ সংযুক্ত ফলস্বৰূপেহে সিদ্ধান্তটো অনিবাৰ্যভাৱে নিঃসৃত হ'ব লাগিব।
(v) ন্যায়ৰ আশ্ৰয়বাক্যবোৰ সত্য হ'লে সিদ্ধান্তও সত্য হ'ব। নিগমন অনুমানৰ বৈশিষ্ট হৈছে সিদ্ধান্তটো প্ৰদত্ত আশ্ৰয়বাক্যৰ পৰা বিধিসংগতভাৱে নিঃসৃত হ'ব লাগিব। যদিহে সিদ্ধান্তটো ন্যায়ৰ নীতি-নিয়মৰ মাজেৰে নিঃসৃত হয় তেনেহ'হলে ন্যায়টো আকাৰগতভাৱে সত্য হ'ব আৰু যদি নহয় তেন্তে আকাৰগতভাৱে অসত্য হ'ব। প্ৰদত্ত আশ্ৰবাক্যবোৰ যদি বস্তুগতভাৱে সত্য হয়, তেনেহ'লে সিদ্ধান্ত আকাৰগতভাৱে সত্য হোৱাৰ উপৰিও বস্তুগতভাৱেও সত্য হ'ব। কিন্তু আশ্ৰয়বাক্যবোৰ বস্তুগতভাৱে সত্য নহ'লেও ন্যাটোত যদি বিধিসংগতভাৱে আশ্ৰয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হয় তেন্তে ন্যায়টো বৈধ হ'ব। অৱশ্যে ই সত্য নহ'বও পাৰে।



ন্যায়ৰ বিভিন্ন প্ৰকাৰঃ
    ন্যায় অনুমানক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। যেনে-
(a) অমিশ্ৰ ন্যা।
(b) মিশ্ৰ ন্যায়।
    অমিশ্ৰ ন্যায় আৰু মিশ্ৰ ন্যায় আকৌ তিনি প্ৰকাৰৰ। তলত ইয়াৰ ভাগবোৰ দেখুওৱা হ'ল-












(a) অমিশ্ৰ ন্যায়ঃ যি ন্যায় অনুমানত তিনিটা বচনেই একে প্ৰকাৰৰ সম্বন্ধবিশিষ্ট তাক অমিশ্ৰ ন্যায় বোলে। 
A- সকলো ধাৰ্মিক ব্যক্তি হয় সুখী
A- তেওঁ হয় ধাৰ্মিক ব্যক্তি 
ஃ A- তেওঁ হয় সুখী।
    ইয়াত তিনিওটা বচনেই নিৰপেক্ষ বচন। 
(b) মিশ্ৰ ন্যায় অনুমানত তিনিওটা বচনেই একে সম্বন্ধবিশিষ্ট নহয়, বেলেগ বেলেগ সম্বন্ধযুক্ত তাকে মিশ্ৰ ন্যায় বোলে।
    ইয়াত আমি কেৱল অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ বিষেহে আলোচনা কৰিম।

Type Himanku Bora